অসম হৈছে উত্তৰ-পূব ভাৰতৰ মুখ্য দুৱাৰ আৰু সাতভগ্নীৰ প্ৰাণকেন্দ্ৰ স্বৰূপ। অসম প্ৰাকৃতিক সম্পদ আৰু নানান ঐতিহাসিক সমল আৰু সাংস্কৃতিক সম্পদেৰে সমৃদ্ধিশালী এখন ৰাজ্য। পৰ্যটনৰ কাৰণে অসম ৰাষ্ট্ৰীয় উদ্যান, মঠ-মন্দিৰ আৰু ঐতিহাসিক সমলেৰে চহকী। অসমৰ পৰ্যটন উদ্যোগ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানস ৰাষ্ট্ৰীয় উদ্যান আদিৰ দৰে নানান ৰাষ্ট্ৰীয় উদ্যান আৰু কামাখ্যা, উমানন্দ দৰে মঠ-মন্দিৰ আৰু ৰংঘৰ, তলাতল ঘৰ আৰু কাৰেংঘৰৰ দৰে নানান ঐতিহাসিক সমল আদিয়ে চহকী কৰি তুলিছে।
ঐতিহাসিক পৰ্যটনস্থল
অসমৰ বিভিন্ন মঠ মন্দিৰ
- হাবুং হ'-ফি, হাবুং, ধেমাজি
- লাকুৱা হ'-ফি
- মণিপুৰী আই গোসাঁনী থান, ধেমাজি
- কামাখ্যা
- বশিষ্ঠাশ্ৰম দেৱালয়১
- উমানন্দ, গুৱাহাটী১
- নৱগ্ৰহ মন্দিৰ, গুৱাহাটী
- অশ্বক্ৰান্ত মন্দিৰ, উত্তৰ গুৱাহাটী
- ভিমেশ্বৰ ধাম, গুৱাহাটী
- দীৰ্ঘেশ্বৰী দেৱালয়, উত্তৰ গুৱাহাটী
- দৌল গোবিন্দ মন্দিৰ, উত্তৰ গুৱাহাটী
- গৰখীয়া দ'ল
- নেঘেৰিটিং শিৱদৌল, দেৰগাঁও, গোলাঘাট
- শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ, গোলাঘাট
- খনিকৰ পুথি নামঘৰ, মিছামৰা, দেৰগাঁও
- নুমলীগড় বাবাথান, গোলাঘাট
- ঢেকীয়াখোৱা বৰনামঘৰ
- বিল্বেশ্বৰ দেৱালয়
- শিৱসাগৰৰ শিৱদৌল, শিৱসাগৰ
- দেৱী দ'ল, শিৱসাগৰ
- বিষ্ণু দ'ল, শিৱসাগৰ
- মহাভৈৰৱ মন্দিৰ, তেজপুৰ
- ভৈৰৱী মন্দিৰ, তেজপুৰ
- কেতেকেশ্বৰ দেৱালয় দেৱালয়, তেজপুৰ
- মহামায়া ধাম, ধুবুৰী
- কীৰ্তন ঘৰ, বৰপেটা
- শ্ৰীশ্ৰীপৰিহৰেশ্বৰ দেৱালয়, ডুবি২
অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য
মূল প্ৰবন্ধ: অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকা
]]
অসমত মুঠ ৮খন ৰাষ্ট্ৰীয় উদ্যান (ৰাজ্যৰ মাটিকালিৰ ২.৫১% শতাংশ) আৰু ১৮খন অভয়াৰণ্য (ৰাজ্যৰ মাটিকালিৰ ১.৮৮% শতাংশ) আছে।৩৪৫ ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থাই কাজিৰঙা আৰু মানস ৰাষ্ট্ৰীয় উদ্যানক প্ৰাকৃতিক বিশ্ব ঐতিহ্য ক্ষেত্ৰবুলি স্বীকৃতি দিছে।৬ পৃথিৱীৰ প্ৰায় দুই তৃতীয়াংশ এশিঙীয়া গঁড় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়। কাজিৰঙাতেই সংৰক্ষিত বনাঞ্চল সমূহৰ ভিতৰত সৰ্বাধিক ঘনত্বৰে ঢেঁকীয়াপতীয়া বাঘৰ বসতি আছে। অসমৰ বনাঞ্চলত বিভিন্ন প্ৰজাতিৰ বনফুল (Orchid), বিলুপ্তপ্ৰায় প্ৰজাতিৰ জীৱ-জন্তু পোৱা যায়।
ৰাষ্ট্ৰীয় উদ্যান
- কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
- মানস ৰাষ্ট্ৰীয় উদ্যান
- ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান
- ওৰাং ৰাষ্ট্ৰীয় উদ্যান
- নামেৰি ৰাষ্ট্ৰীয় উদ্যান
- ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান
- দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান
- শিখনা জৌলাও ৰাষ্ট্ৰীয় উদ্যান
অভয়াৰণ্য
- পবিতৰা অভয়াৰণ্য
- গৰমপানী অভয়াৰণ্য
- লাওখোৱা অভয়াৰণ্য
- বৰনদী অভয়াৰণ্য
- সোণাই-ৰূপাই অভয়াৰণ্য
- পাভৈ অভয়াৰণ্য
ব্ৰহ্মপুত্ৰ নদী
মূল প্ৰবন্ধ: ব্ৰহ্মপুত্ৰ নদ
ব্ৰহ্মপুত্ৰ হৈছে ভাৰত তথা অসমৰ এক প্ৰধান নদী। এই নদীক লুইত, বৰলুইত, চিৰিলুইত, লৌহিত্য আদি নামেৰেও জনা যায়। প্ৰায় ২৯০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ব্ৰহ্মপুত্ৰ এছিয়াৰ ভিতৰতে অন্যতম দীঘল নদী। এই নদীৰ ওপৰত থকা দলংসমূহ হৈছে: শৰাইঘাট দলং, কলীয়াভোমোৰা সেতু, নৰনাৰায়ণ সেতু, বগীবিল দলং আৰু ভূপেন হাজৰিকা সেতু। এই নদীৰ প্ৰাকৃতিক দৃশ্য অতি মনোৰম। অসমৰ সংস্কৃতি আৰু সভ্যতাৰ সৈতে ব্ৰহ্মপুত্ৰ নদী অংগাংগীভাৱে জড়িত। সভ্যতা সদায় নদী-কেন্দ্ৰিক। প্ৰাগজ্যোতিষ-কামৰূপ-অসমৰ সভ্যতাক ব্ৰহ্মপুত্ৰ কেন্দ্ৰীক সভ্যতা আখ্যা দিব পাৰি। এই ব্ৰহ্মপুত্ৰ নদীক আশ্ৰয় কৰি নানা জাতি-উপজাতি অসমলৈ আহি অসমৰ বুকুত স্থায়ীভাৱে বসবাস কৰিবলৈ লৈ সমন্বয় আৰু সমাহাৰ প্ৰক্ৰিয়াৰ সংযোগত অসমীয়া জাতি গঠন কৰিছে।
জিলা অনুসৰি অসমৰ বিভিন্ন পৰ্যটনৰ স্থানসমূহ
যোৰহাট জিলা
মূল প্ৰবন্ধ: যোৰহাট জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকা
গুৱাহাটীৰ পৰা ৩১৮ কিল'মিটাৰ পূৱত অৱস্থিত উজনি অসমৰ এখন গুৰুত্বপূৰ্ণ চহৰ। টাই-আহোম জনগোষ্ঠী শাসনৰ শেষ ৰাজধানী যোৰহাটক অসমৰ সাংস্কৃতিক ৰাজধানী বুলি কোৱা হয়। অসমৰ চাহ উৎপাদনৰ অন্যতম স্থান যোৰহাট প্ৰাকৃতিক সৌন্দৰ্য্যতো চহকী। মাজুলী মহকুমা যোৰহাট জিলাৰে এক অংশ। মাজুলী যোৰহাট জিলাৰ লগতে অসমৰে এখন উল্লেখযোগ্য পৰ্যটনস্থল। যোৰহাটত টোকোলাই চাহ গৱেষণা প্ৰতিষ্ঠান, হাতীগড় শিৱদ'ল, বুঢ়ীগোঁসানী দেৱালয়, গৰখীয়া দ'ল, ঢেকীয়াখোৱা বৰনামঘৰ, লাচিত বৰফুকন মৈদাম, অসম সাহিত্য সভাৰ মুখ্য কাৰ্য্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱন আদি উল্লেখ্যযোগ্য পৰ্য্যটন স্থান আছে।
যোৰহাট জিমখানা ক্লাব স্থাপন হোৱা বছৰ ধৰি ইয়াত ঘোঁৰা দৌৰ অনুষ্ঠিত হৈ আহিছে, য'ত বিজয়ীক "গ'ভাৰ্ণৰছ কাপ" প্ৰদান কৰা হয়।৭ ইয়াত থকা 'নাইন হ'ল গ'ল্ফ ক'ৰ্ছ' এছিয়াৰ আটাইতকৈ পুৰণি গ'ল্ফ ক'ছ আৰু বিশ্বৰ ভিতৰত তৃতীয় সৰ্বোচ্চ পুৰণি। ইয়াত এতিয়া ল'ন টেনিছ গ্ৰাছ ক'ৰ্ট, চুইমিং পুল, বিলিয়াৰ্ডছ্, প'ল' আৰু চিনেমা থিয়েটাৰৰ সুবিধা আছে।
দক্ষিণপাট সত্ৰ দক্ষিণপাট সত্ৰ হৈছে অসমৰ চাৰিখন ৰাজ সত্ৰৰ ভিতৰত দ্বিতীয় শাৰীৰ সত্ৰ। শিষ্যৰ সংখ্যা কেউখন ৰাজসত্ৰৰ ভিতৰত আটাইতকৈ বেছি। আহোম ৰজা জয়ধ্বজ সিংহৰ দিনত ১৫৮৪ শকত মাজুলিত স্থাপন কৰা হয়। প্ৰথমজন সত্ৰাধিকাৰ আছিল শ্ৰীশ্ৰী বনমালিদেৱ।
আউনীআটী সত্ৰ আউনীআটী সত্ৰ হৈছে অসমৰ প্ৰথম শ্ৰেণীৰ ৰাজসত্ৰ৮। টাই-আহোম জনগোষ্ঠী ৰজা চুতাম্লাই মাজুলীত ১৫৭৫ শকত (ইং ১৬৫৩ চন) এইখন সত্ৰ নিৰ্মাণ কৰায়৯। বৰ্তমানৰ সত্ৰাধিকাৰজন হৈছে শ্ৰীশ্ৰী পীতাম্বৰ দেৱ গোস্বামী।
ঠেঙাল ভৱন ঠেঙাল ভৱন হৈছে অসমৰ যোৰহাট জিলাত অৱস্থিত এটা পুৰণি ভৱন। ৰায়বাহাদুৰ শিৱপ্ৰসাদ বৰুৱাই ১৮৮০ দশকত ঠেঙাল ভৱনটো নিৰ্মাণ কৰিছিল।১০ ১৯২৯ চনত তেওঁ ইয়াতেই এটা ছপাশাল বহুৱায়। প্ৰথমতে, ইয়াৰ পৰা সাপ্তাহিক বাতৰি কাকত এখন প্ৰকাশ পাইছিল।১১১২
শোণিতপুৰ জিলা
মূল প্ৰবন্ধ: শোণিতপুৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকা
অসমৰ ঐতিহ্য আৰু সংস্কৃতিৰ এখন অনুপম স্থান হৈছে শোণিতপুৰ জিলা। উষা পাহাৰ, অগ্নিগড়, মহাভৈৰৱ মন্দিৰ, চিত্ৰলেখা উদ্যান আদি উল্লেখযোগ্য পৰ্য্যটন স্থান।
তেজপুৰ নগৰৰ এখন ঐতিহাসিক উদ্যান। পূৰ্বতে এই উদ্যানৰ নাম ক'ল পাৰ্ক আছিল। চিত্ৰলেখা উদ্যানক তেজপুৰৰ এক যাদুঘৰ বুলিব পাৰি। ১৯০৬ চনত সেই সময়ৰ উপায়ুক্ত এইচ ডব্লিউ জি ক'লে (H W G Cole) তেজপুৰৰ বিভিন্ন ঠাইত আলাই-আথানি হৈ পৰি থকা মনোমহা শিলত খোদিত মূৰ্তি গোটাই এক উদ্যান গঢ়াৰ চেষ্টা কৰিছিল। পিছলৈ ইয়াৰ নাম "চিত্ৰলেখা উদ্যান" ৰখা হয়।
গুপ্তেশ্বৰ দেৱালয় বা গুপ্তেশ্বৰ মন্দিৰ ঢেকীয়াজুলি চহৰৰ পৰা প্ৰায় ১১ কিলোমিটাৰ আঁতৰত ব্ৰহ্মপুত্ৰ নদৰ পাৰত শিঙৰী পাহাৰৰ পাদদেশত অৱস্থিত হিন্দু ধৰ্মৰ এক দেৱালয়। এই দেৱালয় শিঙৰী মন্দিৰ হিচাপেও জনা যায়, কালিকা পুৰাণটো শৃংগটক নামেৰে ইয়াৰ উল্লেখ আছে।১৩
জ্যোতি ভাৰতী বা পকী

১৮৭৮ চনত তেওঁৰ ককাদেউতাক হৰবিলাস আগৰৱালাই নিৰ্মাণ কৰা ঘৰটোৰ নাম পূৰ্বতে আছিল 'জ্যোতি ভাৰতী'। সেই সময়ত তেজপুৰত একমাত্ৰ পকী ব্যক্তিগত বাসভৱন আছিল বাবেই এই ঘৰটোক 'পকী' নামেৰে জনা গৈছিল। ইয়াত জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীতৰ গ্ৰামোফোন ৰেকৰ্ড, তেওঁৰ হাতৰ আখৰ থকা কাগজ, বিভিন্ন তথ্য-পাতি, শোৱা পালেং আদি সংৰক্ষণ কৰি ৰখা হৈছে।১৪
বিশ্বনাথ ক্ষেত্ৰ বিশ্বনাথ চাৰিআলি নগৰৰ পৰা প্ৰায় ১০ কিঃমিঃ দক্ষিণৰ এখন প্ৰাচীনতম পবিত্ৰ স্থান। দশম শতিকামানত ৰচিত কালিকা পুৰাণত বিশ্বনাথ হিন্দু ধৰ্মৰ এখন প্ৰধান তীৰ্থক্ষেত্ৰ হিচাপে উল্লেখ হোৱা দেখা যায়। আহোম ৰাজত্বত বিশ্বনাথ ক্ষেত্ৰত কেবাটাও দৌল-দেৱালয় নিৰ্মাণ কৰা হৈছিল।১৫
শিৱসাগৰ জিলা
মূল প্ৰবন্ধ: শিৱসাগৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকা
আহোম ৰাজ্যৰ এখন ঐতিহাসিক স্থান। ছশ বছৰীয়া আহোম ৰাজবংশৰ বহু উত্থান-পতনৰ সাক্ষী এই শিৱসাগৰ। সমগ্ৰ জিলাখনতে আহোমৰ শাসনকালৰ অলেখ স্থাপত্য,ভাস্কৰ্য, মৈদাম, পুখুৰী, গড়, আলিবাট আদি সিঁচৰতি হৈ আছে। ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ, চৰাইদেউ জিলা, শিৱসাগৰৰ শিৱদৌল আদি উল্লেখযোগ্য পৰ্য্যটনৰ স্থান।
কাৰেংঘৰ বা তলাতল ঘৰ তলাতল ঘৰ শিৱসাগৰৰ মূল কেন্দ্ৰৰ পৰা মাত্ৰ ৩ কিঃমিঃ দূৰৈৰ ৰংপুৰত অৱস্থিত। ই টাই-আহোম জনগোষ্ঠী চাওফাসকলৰ দ্বাৰা নিৰ্মিত এটা ৰাজমহল। তলাতল ঘৰ আহোম ৰাজ্যৰ স্মৃতিচিহ্নসমূহৰ ভিতৰত আকাৰত আটাইতকৈ ডাঙৰ।১৬ প্ৰসাদটো সাতমহলীয়া; চাৰিটা মহল মাটিৰ ওপৰত আৰু তিনিটা মহল মাটিৰ তলত আছে।১৭১৮
চৰাইদেউৰ মৈদাম বা চৰাইদেও সোণাৰি নগৰৰ পৰা প্ৰায় ২০ কিঃমিঃ দূৰত অৱস্থিত। এসময়ৰ আহোম ৰাজপৰিয়াল আৰু উচ্চ পদস্থ ৰাজ-বিষয়াসকলৰ সমাধিস্থলী। মাটিৰে নিৰ্মিত পিৰামিড সদৃশ বহু মৈদাম আজিও অক্ষত অৱস্থাত আছে। মৈদামৰ অভ্যন্তৰত থকা ধন-সোণবোৰ ব্ৰিটিছসকলে খান্দি উলিয়াই লৈ গৈছিল বুলি কোৱা হয়।
আজান পীৰৰ দৰগাহ শৰাগুৰি চাপৰিত এই দৰগাহ অৱস্থিত। শিৱসাগৰৰ পৰা ২২ কিঃমিঃ দূৰত্বত। সুদূৰ পাৰস্যৰ পৰা অহা সন্ত জিকিৰ আৰু জাৰিৰ স্ৰষ্টা আজানপীৰৰ সমাধিস্থলী। সকলো ধৰ্মৰ লোকে ইয়াত শ্ৰদ্ধা জনায়।
জয় দৌল ল'ৰাৰজাৰ চাউদাঙৰ হাতত নৃশংসভাবে মৃত্যুবৰণ কৰা মাতৃ জয়মতী কুঁৱৰীৰ স্মৃতিত চুখ্ৰংফাই জয়সাগৰ পুখুৰী আৰু জয়দৌল নিৰ্মাণ কৰে।
ৰুদ্ৰদৌল পিতৃ চুখ্ৰংফাৰ স্মৃতিত ১৭৭৩ চনত ৰজা লক্ষ্মীসিংহই ৰুদ্ৰসাগৰ পুখুৰী আৰু তাৰ পাৰত ৰুদ্ৰদৌল নিৰ্মাণ কৰে। ইয়ালৈ শিৱসাগৰ নগৰৰ পৰা দূৰত্ব প্ৰায় ৪ কিঃমিঃ।
গৌৰীদৌল বৰৰজা ফুলেশ্বৰী কুঁৱৰীয়ে এটি পুখুৰী খন্দাই তাৰ পাৰতে এই দৌলটো নিৰ্মাণ কৰে। শিৱসাগৰ নগৰৰ পৰা ১২ কিঃমিঃ দূৰত্বৰ গৌৰীসাগৰত গৌৰীদৌল অৱস্থিত।
নগাঁও জিলা
মূল প্ৰবন্ধ: নগাঁও জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকা'কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান' এশিঙীয়া গড়ৰ বাবে পৃথিৱীবিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কিছু অংশই নগাঁও জিলাক স্পৰ্শ কৰি আছে। বহুতো বন্যপ্ৰাণী আৰু পশু-পক্ষীৰ আশ্ৰয়স্থলী কাজিৰঙা অসম তথা ভাৰতৰ এক জনপ্ৰিয় পৰ্যটনস্থলী। উদ্যানখন চাবলৈ অহা দেশী-বিদেশী পৰ্যটকৰ ভিৰ বাৰুকৈয়ে পৰিলক্ষিত হয়।১৯
মূল প্ৰবন্ধ: শ্ৰী শ্ৰী বটদ্ৰৱা থান'শ্ৰী শ্ৰী বটদ্ৰৱা থান' ঐতিহ্যমণ্ডিত বৰদোৱা থান বা বটদ্ৰৱা থান নগাঁও চহৰৰপৰা প্ৰায় ওঠৰ(১৮)কিলোমিটাৰ নিলগত অৱস্থিত। অসমীয়া জাতিৰ প্ৰাণ-প্ৰতিষ্ঠাতা আৰু বৈষ্ণৱ ধৰ্মগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি হিচাপে খ্যাত। মহাপুৰুষজনাৰ আদৰ্শ আৰু নীতিত বিশ্বাস ৰখা বহুতো ভক্তৰ এই থানলৈ ভিন্ ভিন্ সময়ত আগমন ঘটে। বটদ্ৰৱা থানৰ আন এক বিশেষত্ব হৈছে যে এইখন মহাপুৰুষজনাই প্ৰতিষ্ঠা কৰা সৰ্বপ্ৰথম থান আৰু ইয়াত তেওঁ আৰম্ভ কৰা একশৰণ নাম ধৰ্মৰ প্ৰচাৰ কৰা হৈছিল২০২১২২
মূল প্ৰবন্ধ: পখীতীৰ্থ'পখীতীৰ্থ' নগাঁও চহৰৰ পৰা প্ৰায় ষোল্ল(১৬) কিলোমিটাৰ পূবত অৱস্থিত চামগুৰি বিল বা পখীতীৰ্থ। বিভিন্ন সময়ত ইয়ালৈ পৰিভ্ৰমী পখীৰ আগমন ঘটে বাবে এই বিলখনক পখীতীৰ্থ বুলি কোৱা হয়।২৩
মূল প্ৰবন্ধ: চম্পাৱতী জলপ্ৰপাত'চম্পাৱতী জলপ্ৰপাত' চাপানালা নামে ঠাইত থকা চম্পাৱতী কুণ্ড বা চম্পাৱতী জলপ্ৰপাত নগাঁও জিলাৰ এক আকৰ্ষণীয় পৰ্যটনস্থলী। জলপ্ৰপাতটোলৈ যাবলৈ নগাঁও চহৰৰপৰা প্ৰায় একঘণ্টা সময় লাগে। ওচৰে-পাজৰে থকা চাহ-বাগানৰ সৌন্দৰ্য আৰু বিভিন্ন পখীৰ আগমনে জলপ্ৰপাতটোৰ প্ৰতি মানুহৰ আকৰ্ষণ বঢ়াই আহিছে।২৪
ডিমা হাছাও
মূল প্ৰবন্ধ: ডিমা হাছাও জিলা
ডিমা হাছাও প্ৰাকৃতিক সৌন্দৰ্য্যৰে সমৃদ্ধিশালী অসমৰ এখন পাহাৰীয়া জিলা। সদৰ স্থান হাফলং এখন সুন্দৰ ঠাই তথা অসমৰ একমাত্ৰ পৰ্বতীয়া স্থান। জাতিংগা হাফলঙৰ নিকতৱৰ্তী গাঁও যি চৰাইৰ আত্মহত্যাৰ স্থান হিচাপে বিখ্যাত। ডিমা হাছাওৰ উল্লেখনীয় পৰ্য্যটন ক্ষেত্ৰ সমূহ হৈছে উমৰাংছু, পানীমূৰ জলপ্ৰপাত, মাইবং, চেলকাল পীকৰ টুমজাং ট্ৰেক ইত্যাদি।
গুৱাহাটী
মূল প্ৰবন্ধ: গুৱাহাটীৰ পৰ্যটনস্থলসমূহৰ তালিকা
গুৱাহাটী উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ মহানগৰ। গুৱাহাটী মহানগৰৰ ভিতৰত কামাখ্যা মন্দিৰ, অসম ৰাজ্যিক সংগ্ৰহালয়, অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, উমানন্দ, মহাবাহু ব্ৰহ্মপুত্ৰ ৰিভাৰ হেৰিটেজ চেণ্টাৰ আদি বিভিন্ন পৰ্য্যটন স্থান আছে। ইয়াৰোপৰি গুৱাহাটী চহৰৰ পৰা কিছু নিলগত অৱস্থিত বাইহাটা চাৰিআলিৰ মদন কামদেৱ দেৱালয় আৰু দক্ষিণ কামৰূপৰ চানডুবি বিল আকৰ্ষণীয় পৰ্যটন স্থলী।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Articles related to "Temples", উৎস: আসাম স্পাইডাৰ ডট কম, ২৮-০৯-২০১২
- ↑ শ্ৰীশ্ৰীপৰিহৰেশ্বৰ দেৱালয়ঃ অতীত আৰু বৰ্তমান - গ্ৰন্থকাৰ: শ্ৰী টিকেন্দ্ৰনাথ কলিতা, প্ৰকাশক: শ্ৰী দেবেন্দ্ৰনাথ শৰ্মা, প্ৰকাশ কাল: ১২/১২/২০০৮ ইং চন
- ↑ AREA OF THE NATIONAL PARKS AND WILDLIFE SANCTUARIES IN ASSAM, 2003. Chief Conservator of Forest (WL), Assam
- ↑ Department of Environment & Forests (Government of Assam). Assamforest.in
- ↑ Important Bird Areas in India - Assam
- ↑ Bhaumik, Subir. (17 April 2007). Assam rhino poaching 'spirals'. BBC News
- ↑ Jorhat Gymkhana Club. 1stHorse ~ wHere the Horse comes first
- ↑ চাৰি ৰাজসত্ৰৰ বুৰঞ্জী - সম্পাদক: শিৰীষ কুমাৰ ভট্টাচাৰ্য্য, প্ৰকাশক: দক্ষিণপাট সত্ৰ শিষ্য সন্মিলন, প্ৰকাশ কাল: ১৯৯৭ চন
- ↑ SriSri Auniati Satra, auniati.org, আহৰণ-১০ ছেপ্টেম্বৰ ২০১১
- ↑ About Thengal Bhavan. holidayiq.com
- ↑ Thengal Bhawan. www.tourism.co.in
- ↑ Heritage North-East. Contadgreen. Heritage North East Pvt. Ltd
- ↑ www.india9.com/i9show/Singri-Temple-20079.htm india9.com, Singri Temple, আহৰণ কৰা তাৰিখ: ২৮-১০-২০১২
- ↑ বিশ্ব ঐতিহ্য, শান্তনু কৌশিক বৰুৱা
- ↑ ড: নিত্যানন্দ গগৈ, তুলসী ফুকন আৰু শিৱনাথ বৰঠাকুৰ; বিশ্বনাথ-লহৰি (স্মৃতিগ্ৰন্থ:বিশ্বনাথ উৎসৱ), প্ৰকাশ:২০০৬
- ↑ Talatal Ghar (Kareng Ghar of Rangpur). OnlineSivasagar.com
- ↑ Gogoi 1999-2000, পৃ. 27
- ↑ Archaeological Survey Report 1902-3
- ↑ আৰ্কাইভ কপি
- ↑ আৰ্কাইভ কপি
- ↑ history/ ইতিহাস. বটদ্ৰৱা থান ডট কম
- ↑ ভৱ হাজৰিকা. শ্ৰী শ্ৰী বটদ্ৰৱা থান, ইয়াৰ অতীত অৰু বৰ্তমান. আমি অসমীয়া
- ↑ আৰ্কাইভ কপি
- ↑ আৰ্কাইভ কপি
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমৰ পৰ্যটনস্থলসমূহৰ তালিকা” প্ৰবন্ধৰ সংশোধন ৬১৬৬১৮ (১১ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।