গৰমপানী অভয়াৰণ্য (Garampani Wildlife Sanctuary) হৈছে অসমৰ কাৰ্বি আংলং জিলাত অৱস্থিত এখন অভয়াৰণ্য।১ ইয়াৰ মুঠ মাটিকালি হৈছে 6.05 বৰ্গ কি.মি.। গোলাঘাটৰ পৰা ইয়ালৈ দূৰত্ব প্ৰায় 25 কি.মি.। এই অভয়াৰণ্যত বহুতো গৰমপানীৰ উঁহ আৰু জলপ্ৰপাত আছে।২ ইয়াত হলৌ বান্দৰ আৰু সোণালী বান্দৰ পোৱা যায়। ইয়াৰ লগতে ইয়াত ৫১ বিধ বিভিন্ন প্ৰজাতিৰ অৰ্কিড পোৱা যায়।৩৪
নামৰ উৎপত্তি
এই অভয়াৰণ্যত বহুতো গৰম পানীৰ উঁহ পোৱা যায়। তাৰ পৰাই ইয়াৰ নাম গৰমপানী হ'ল।১
ভৌগোলিক বিৱৰণ
গৰমপানী অভয়াৰণ্যৰ অৱস্থিতি অক্ষাংশ ২৬°৪২' উ. আৰু দ্ৰাঘিমাংশ ৯৩°৭২৫' পূ.।৫
জলবায়ু
অভয়াৰণ্য খনৰ জলবায়ু গীষ্মমণ্ডলীয় সেমেকা। গীষ্মপ্ৰধান অৰ্ধ-চিৰহৰিৎ বনাঞ্চল এই অভয়াৰণ্যত দেখিবলৈ পোৱা যায়।।১
জীৱজগত
গৰমপানী অভয়াৰণ্যত বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তু পোৱা যায়।
স্তন্যপায়ী প্ৰাণী
- ঢেঁকীয়াপতীয়া বাঘ
- নাহৰফুটুকী বাঘ
- Clouded Leopard
- Leopard Cat
- Jungle Cat
- Barking Deer
- শৰপহু
- Asian Elephant
- Gaur
- হলৌ বান্দৰ
- Capped Langur
- Slow Loris
- Pig Tailed Macawue
- Rhesus Macaque
- Chinese Pangolin
- Civet
- Indian Fox
- নেউল ইত্যাদি১
সৰীসৃপ প্ৰাণী
পক্ষী
- Red Jungle Fowl
- Kaleej Pheasant
- ধনেশ পক্ষী
- Green Pigeon
- Green Imperial Pigeon
- Racket tailed Drongo
- ঘৰ-শালিকা
- Jungle Myna
- Hill Myna
- Blackhooded Oriole
- Parakeet
- কপৌ
- ভিমৰাজ
- বুলবুলী চৰাই
- Minive
- ঈগল
- মাছৰোকা
- Woodpecker
- Barbet
- ফেঁচা
- Brown Fish Owl etc১
পৰিবহন
গৰমপানী অভয়াৰণ্যৰ নিকটৱৰ্তী চহৰখন হৈছে গোলাঘাট।১ দূৰত্ব প্ৰায় ২৫ কিঃমিঃ। গুৱাহাটীৰ পৰা ইয়ালৈ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথেদি ইয়ালৈ অহা-যোৱা কৰাৰ সু-ব্যৱস্থা আছে। বিমান পথ গৰমপানী অভয়াৰণ্যৰ নিকটৱৰ্তী বিমান বন্দৰ হৈছে নাগালেণ্ডৰ ডিমাপুৰ বিমানবন্দৰ। ইয়ালৈ দূৰত্ব প্ৰায় ৫৫ কিঃমিঃ। আনটো নিকটৱৰ্তী বিমান বন্দৰ হৈছে যোৰহাট জিলাৰ যোৰহাট বিমানবন্দৰ। এই বিমান বন্দৰৰ পৰা অভয়াৰণ্যলৈ দূৰত্ব প্ৰায় ৮৫ কিঃমিঃ। ৰেলপথ গৰমপানী অভয়াৰণ্যৰ নিকটৱৰ্তী ৰেল জংচনটো হৈছে ফৰকাটিঙ জংচন। দূৰত্ব প্ৰায় ২০ কিঃমিঃ। ভাৰতৰ বিভিন্ন ঠাইৰ লগতে অসমৰ বিভিন্ন ঠাইলৈ এই জংচনটোৰ পৰা অহা-যোৱা কৰিব পাৰি।১
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Garampani Wild Life Sanctuary
- ↑ (২০০৯). Garampani Wildlife Sanctuary. Assam Tourism
- ↑ গৰমপানী অভয়াৰণ্য. Wild Mahseer
- ↑ গৰমপানীৰ বিষয়ে. Department of Environment and Forests, Govt. of Assam
- ↑ Garampani Sanctuary. protectedplanet.net
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গৰমপানী অভয়াৰণ্য” প্ৰবন্ধৰ সংশোধন ৫০৭১২৫ (৯ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।