অসমৰ পৰ্যটনস্থলী
৬৮ প্ৰবন্ধ
-
মাজুলী
মাজুলী অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ বুকুত অৱস্থিত বৃহৎ নদীদ্বীপ, আৰু ২০১৬ চনৰ পৰা ই এখন পৃথক জিলা। সত্ৰ-ভিত্তিক বৈষ্ণৱ পৰম্পৰা, বহুধা লোকসংস্কৃতি আৰু নদীভূ-প্ৰকৃতিৰ বাবে মাজুলী অসম তথা ভাৰতৰ এক অনন্য সাংস্কৃতিক-ভৌগোলিক অঞ্চল।
-
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অসমৰ নগাঁও আৰু গোলাঘাট জিলাত অৱস্থিত এক বিশ্বখ্যাত সংৰক্ষিত এলাকা, য’ত পৃথিৱীৰ প্ৰায় দুই-তৃতীয়াংশ এশিঙীয়া গঁড়ৰ বাসস্থান। এই উদ্যান ঢেঁকীয়াপতীয়া বাঘ, হাতী, বনৰীয়া ম’হ, দল-হৰিণা আদিৰ ঘনত্ব আৰু জৈৱ বৈচিত্ৰ্যৰ বাবে ইউনেস্কোৰ বিশ্ব ঐতিহ্যক্ষেত্ৰ আৰু বাঘ সংৰক্ষণ ক্ষেত্ৰ…
-
হাজো
হাজো অসমৰ কামৰূপ জিলাত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত এক প্ৰাচীন তীৰ্থাঞ্চল। হিন্দু, বৌদ্ধ আৰু মুছলিম—তিনিটা ধৰ্মীয় পৰম্পৰাৰ পবিত্ৰ স্থল একে ঠাইতে সন্নিবিষ্ট হোৱাত ইয়াৰ ঐতিহাসিক আৰু সাংস্কৃতিক গুৰুত্ব বিশেষ।
-
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ গুৱাহাটীৰ পাঞ্জাবাৰীত অৱস্থিত অসমৰ এক মুখ্য সাংস্কৃতিক পৰিসৰ, য’ত সংগ্ৰহালয়, কলা-প্ৰদৰ্শনী, প্ৰেক্ষাগৃহ আদি একেলগে গঢ় লৈ উঠিছে। অসমীয়া সংস্কৃতিৰ ঐতিহ্য সংৰক্ষণ আৰু শিল্প-সাহিত্য-নৃত্য-নাট্যৰ কৰ্মকেন্দ্ৰ গঠনৰ লক্ষ্যৰে এই প্ৰকল্প স্থাপন কৰা হৈছিল।
-
গড়গাঁও
গড়গাঁও আহোম ৰাজ্যৰ এক গুৰুত্বপূৰ্ণ ঐতিহাসিক ৰাজধানী আৰু কৌশলগত দুৰ্গনগৰ আছিল। শিৱসাগৰ জিলাত অৱস্থিত এই স্থান বিশেষকৈ কাৰেংঘৰ আৰু বহুতলীয়া গড়-খাৱৈভিত্তিক নিৰাপত্তা ব্যৱস্থাৰ বাবে পৰিচিত।
-
বৰপেটা সত্ৰ
বৰপেটা সত্ৰ অসমৰ বৰপেটা চহৰত অৱস্থিত এক ঐতিহ্যমণ্ডিত বৈষ্ণৱ সত্ৰ, যি শ্ৰীশ্ৰী মাধৱদেৱে ১৫০৫ শক (১৫৮৩ খ্ৰীষ্টাব্দ)ত প্ৰতিষ্ঠা কৰিছিল। ই ধৰ্মীয় অনুশাসন, গণ-সমাজ-সংগঠন, উৎসৱ-সংস্কৃতি আৰু সত্ৰ-স্থাপত্যৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে পৰিচিত।
-
মৈদাম
মৈদাম (ফ্ৰাং-মৈ-দাম) আহোম জনগোষ্ঠীৰ মৃতদেহ সংস্কাৰ প্ৰথা আৰু সমাধি-ধৰণ, যাক “Assamৰ পিৰামিড” বুলিও জনা যায়। অসমত বিভিন্ন ঠাইত মৈদাম দেখা যায়; বিশেষকৈ চৰাইদেউত ইয়াৰ ঘনত্ব আটাইতকৈ বেছি, আৰু ২০২৪ চনৰ জুলাইত চৰাইদেউৰ মৈদামসমূহ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃত হয়।
-
অসম ৰাজ্যিক সংগ্ৰহালয়
অসম ৰাজ্যিক সংগ্ৰহালয় হৈছে উত্তৰ-পূব ভাৰতৰ মুখ্য সংগ্ৰহালয়। অসম ৰাজ্যিক সংগ্ৰহালয়টো গুৱাহাটী মহানগৰৰ দীঘলীপুখুৰীৰ দক্ষিণত অৱস্থিত। অসম ৰাজ্যিক সংগ্ৰহালয়টো কামৰূপ অনুসন্ধান সমিতিয়ে স্থাপন কৰিছিল আৰু ১৯৪০ চনৰ ২১ এপ্ৰিলত তেতিয়াৰ অবিভক্ত অসমৰ গৱৰ্ণৰ ছাৰ ৰবাৰ্ট ৰেইডৰ দ্বাৰা মুকলি কৰা হৈছিল।
-
দীপৰ বিল
দীপৰ বিল (Dipor Bil) হৈছে গুৱাহাটী মহানগৰীৰ দক্ষিণ পশ্চিম দিশত অৱস্থিত এক বিস্তৃত জলাহভূমি। ই পৌৰাণিক কামপীঠৰ অন্তৰ্গত আছিল। ই ১৯৫০ চনৰ এক ভূমিকম্পত সম্পূৰ্ণ পাহাৰ তল গৈ সৃষ্টি হৈছিল। ২০০২ চনৰ নৱেম্বৰ মাহত দীপৰ বিলক অসমৰ একমাত্ৰ ৰামচাৰ ক্ষেত্ৰ বুলি ঘোষণা কৰা হয়।
-
পাটবাউসী সত্ৰ
পাটবাউসী সত্ৰ ( Paatbauxi Satra) পাটবাউসী সত্ৰ বৰপেটা সত্ৰৰ পৰা দুই কিলোমিটাৰ আঁতৰৰ এখন বৈষ্ণৱ সত্ৰ। ইয়াতেই শংকৰদেৱে প্ৰায় উনৈশ বছৰ কাল থাকি নানা শাস্ত্ৰ ৰচনা কৰিছিল।
-
দীঘলীপুখুৰী
দীঘলীপুখুৰী অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত গুৱাহাটীত অৱস্থিত এটা আয়তাকাৰ (rectangular) কৃত্ৰিম পুখুৰী। এই পুখুৰীৰ প্ৰায় আধা মাইল দৈৰ্ঘ্যৰ বাবেই ইয়াৰ নাম দীঘলীপুখুৰী হয় বুলি জনা যায়। গুৱাহাটীত অৱস্থিত ঐতিহাসিক পুখুৰীসমূহৰ ভিতৰত ই অন্যতম।
-
বশিষ্ঠাশ্ৰম দেৱালয়
বশিষ্ঠাশ্ৰম দেৱালয় অসমৰ গুৱাহাটী মহানগৰৰ দক্ষিণ-পূবৰ সন্ধ্যাচল পাহাৰত অৱস্থিত এক শিৱ মন্দিৰ। এই মন্দিৰটো আহোম ৰজা ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰোৱাইছিল আৰু বহু মাটি দান দিয়ে। কিংবদন্তী মতে এই আশ্ৰম মহৰ্ষি বশিষ্ঠই স্থাপন কৰিছিল। 'গংগা' নামৰ জুৰি বৈ যোৱা এই আশ্ৰম পৰ্যটকৰ বাবে এক অন্যতম আকৰ্ষণৰ কেন্দ্ৰ।
-
অসমৰ বিলসমূহৰ তালিকা
বিল হৈছে চাৰিওফালে স্থলভাগে ঘেৰি থকা দ আৰু বহল স্বাভাৱিক জলভাগ। সাধাৰণতে গংগা-ব্ৰহ্মপুত্ৰ সমভূমি অঞ্চলৰ পূব ভাৰতীয় ৰাজ্য অসম আৰু পশ্চিম বংগৰ লগতে বাংলাদেশৰ হ্ৰদৰ দৰে বৃহৎ স্থিতিশীল পানীৰে পূৰ্ণ আদ্ৰভূমিক বুজাবলৈ বিল শব্দটো ব্যৱহাৰ কৰা হয়।
-
জয়সাগৰ পুখুৰী
জয়সাগৰ পুখুৰী (Joysagar Tank) অসমৰ শিৱসাগৰ জিলাত অৱস্থিত এক ঐতিহাসিক পুখুৰী। জয়সাগৰ পুখুৰীক জয়সাগৰ বৰপুখুৰী বুলিও জনা যায়। জয়সাগৰ পুখুৰীৰ পাৰত জয় দৌল, শিৱ দৌল, দেৱী ঘৰ (দেৱী দৌল বুলিও জনা যায়), ঘনশ্যাম দৌল অৱস্থিত।
-
অসমৰ পৰ্যটনস্থলসমূহৰ তালিকা
অসম হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ মুখ্য দুৱাৰ আৰু সাতভগ্নীৰ প্ৰাণকেন্দ্ৰ স্বৰূপ। অসম প্ৰাকৃতিক সম্পদ আৰু নানান ঐতিহাসিক সমল আৰু সাংস্কৃতিক সম্পদেৰে সমৃদ্ধিশালী এখন ৰাজ্য। পৰ্যটনৰ কাৰণে অসম ৰাষ্ট্ৰীয় উদ্যান, মঠ-মন্দিৰ আৰু ঐতিহাসিক সমলেৰে চহকী।
-
চানডুবি বিল
চানডুবি বিল (IPA উচ্চাৰণ: ˌʧʌnˈdʊbɪ) অসমৰ কামৰূপ জিলাৰ ৰাভা হাচং স্বায়ত্বশাসিত পৰিষদ এলেকাত অৱস্থিত এখন প্ৰাকৃতিক বিল। গুৱাহাটী মহানগৰৰ পৰা এই স্থান প্ৰায় ৬৪ কিলোমিটাৰ দূৰত। অসম আৰু মেঘালয়ৰে আবৃত গাৰো পাহাৰৰ পাদস্থানত এই বিল অৱস্থিত। এই অঞ্চলটো অৰণ্য, চাহ বাগিছা আৰু সৰু সৰু গাঁৱেৰে ভৰা।
-
শিৱসাগৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকা
শিৱসাগৰ জিলা ভাৰতৰ অসম ৰাজ্যৰ এখন প্ৰশাসনিক জিলা। ঐতিহাসিকভাবে এখন অতি গুৰুত্বপূৰ্ণ জিলা। ছশ বছৰীয়া আহোম ৰাজবংশৰ বহু উত্থান-পতনৰ সাক্ষী এই শিৱসাগৰ। সমগ্ৰ জিলাখনতে আহোমৰ শাসনকালৰ অলেখ স্থাপত্য,ভাস্কৰ্য, মৈদাম, পুখুৰী, গড়, আলিবাট আদি সিঁচৰতি হৈ আছে। আহোম শাসনৰ প্ৰশাসনীয় কেন্দ্ৰ আছিল ৰংপুৰ নগৰ।
-
গুৱাহাটী তাৰকাগৃহ
গুৱাহাটী তাৰকাগৃহ অসমৰ গুৱাহাটীত অৱস্থিত জ্যোতিৰ্বিজ্ঞানৰ শিক্ষা আৰু গৱেষণা কেন্দ্ৰ। ই অসম আৰু সমগ্ৰ উত্তৰ ভাৰতৰে জ্যোতিৰ্বিজ্ঞান সংক্ৰান্তীয় এক বিশেষ কেন্দ্ৰ। ১৯৯৪ চনৰ ১৭ আগষ্টত গুৱাহাটী তাৰকাগৃহ স্থাপন কৰা হৈছিল।
-
অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকা
বৰদৈবাম বিলমুখ পক্ষী উদ্যান A Glimpse of National Parks...... Director, Forest Communnication, Forest Dept. Assam 2006
-
চম্পাৱতী জলপ্ৰপাত
চম্পাৱতী (Champawati Waterfall) বা চাপানলা জলপ্ৰপাত হৈছে অসমৰ নগাঁও জিলাৰ চাপানলা নামৰ গাঁৱত অৱস্থিত এটা বিখ্যাত জলপ্ৰপাত আৰু পৰ্যটনস্থলী। জলপ্ৰপাতটোৰ লগতে ইয়াৰ চৌপাশে থকা চাহ-বাগান আৰু তাত ভ্ৰমণ কৰিবলৈ অহা পক্ষী পৰ্যটকসকলৰ বাবে আকৰ্ষণৰ কেন্দ্ৰ। জলপ্ৰপাতটিৰ তিনিটা কুণ্ড আছে।
-
দীৰ্ঘেশ্বৰী দেৱালয়
দীৰ্ঘেশ্বৰী দেৱালয় বা দীৰ্ঘেশ্বৰী মন্দিৰ অসমৰ উত্তৰ গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ নদৰ পাৰত অৱস্থিত এখন ঐতিহাসিক শক্তি উপাসনাস্থলী। আহোম স্বৰ্গদেউ শিৱ সিংহয়ে নিৰ্মাণ কৰা এই দেৱালয়ক শক্তিপীঠ হিচাপে গণ্য কৰা হয়। ইয়াত বহুতো শিলৰ ভাস্কৰ্য উদ্ধাৰ হৈছে। দীৰ্ঘেশ্বৰী মন্দিৰ বছৰেকীয়া দুৰ্গা পূজাৰ বাবে বিখ্যাত।
-
ভৈৰৱকুণ্ড
ভৈৰৱকুণ্ড অসমৰ ওদালগুৰি জিলাত অৱস্থিত এখন উল্লেখযোগ্য পৰ্যটনস্থলী। ঠাইখন অৰুণাচল প্ৰদেশ আৰু ভূটান সীমান্তত অৱস্থিত। ভৈৰৱকুণ্ডত শীতকালত বনভোজকাৰী দল আৰু পৰ্যটকৰ আগমন হয়।
-
মাগুৰী মতাপুং বিল
মাগুৰী মতাপুং বিল বা মাগুৰী বিল অসমৰ তিনিচুকীয়া জিলাত অৱস্থিত এখন বিল তথা আৰ্দ্ৰভূমি। ই ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ নিচেই কাষত অৱস্থিত। এই বিলখন বিভিন্ন প্ৰজাতিৰ বন্যপ্ৰাণীৰ প্ৰাকৃতিক আৱাসস্থলী আৰু স্থানীয় সম্প্ৰদায়সমূহৰ জীৱিকাৰ উৎস।
-
মায়ং
মায়ং (Mayong), অসমৰ মৰিগাঁও জিলাত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত এটা অঞ্চল৷ এই অঞ্চলক যাদু-মন্ত্ৰৰ স্থান (Land of Black Magic) বুলিও অভিহিত কৰা হয়৷ মায়ং গুৱাহাটীৰ পৰা প্ৰায় ৪০ কি:মি: দূৰত্বত অৱস্থিত৷ এই অঞ্চলটো দেশৰ ভিতৰতে যাদু-মন্ত্ৰৰ কিংবদন্তীপূৰ্ণ ইতিহাসৰ বাবে প্ৰসিদ্ধ৷ মধ্যযুগৰ সময়ছোৱাত এই…
-
যোৰহাট জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকা
যোৰহাট জিলা অসম ৰাজ্যৰ ৩২খন জিলাৰ ভিতৰত এখন। তলত যোৰহাট জিলাৰ কেইখনমান পৰ্যটনস্থলীৰ নাম যুগুতোৱা হ’ল।
-
শোণিতপুৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকা
শোণিতপুৰ জিলা অসম ৰাজ্যৰ এখন প্ৰশাসনিক জিলা। জিলাখনৰ সদৰ ঠাই তেজপুৰ। শোণিতপুৰ জিলা প্ৰাকৃতিকভাৱে অতি সুন্দৰ এখন জিলা আৰু বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি। শোণিতপুৰ জিলা বিভিন্ন ঐতিহাসিক সমলেৰে চহকী।
-
শ্ৰীমদ্ লীলানন্দ ঠাকুৰ আশ্ৰম
শ্ৰীমদ্ লীলানন্দ ঠাকুৰ আশ্ৰম (পাগলবাবা আশ্ৰম বা পাগলবাবা মন্দিৰ বুলিও কোৱা হয়) অসম ৰাজ্যৰ ধুবুৰী জিলাৰ সাপটগ্ৰাম চহৰৰ পাৰ্শ্বৱৰ্তী শান্তিপুৰ গাঁৱত অৱস্থিত এটা প্ৰসিদ্ধ হিন্দু ধৰ্মীয় স্থান। সাপটগ্ৰাম অঞ্চল এই আশ্ৰমৰ বাবে বিশেষভাৱে পৰিচিত।
-
সোণ বিল
সোণবিল( হ্ৰদ ) এছিয়া মহাদেশৰ দ্বিতীয় বৃহত্তম জলাহভূমি৷ এই হ্ৰদটো অসমৰ কৰিমগঞ্জ জিলাত অৱস্থিত আৰু ই ভাৰত তথা দক্ষিণ অসমৰ বৃহত্তম জলাভূমি৷ এই হ্ৰদটোৰ বিশেষত্ব হ’ল শীত কালত এটি সম্পূৰ্ণ কৃষি ভূমিলৈ পৰিণত হয় আৰু ইয়াত ধান খেতি (বৰো ধান) কৰা হয়৷ শীতকালৰ পিছত মাৰ্চ মাহৰ পৰা এই কৃষি ভূমিত লাহে লাহে…
-
অসম পৰ্যটন উন্নয়ন নিগম
অসম পৰ্যটন উন্নয়ন নিগম (Assam Tourism Development Corporation) বা এটিডিচি অসম চৰকাৰৰ এক ৰাজ্যিক মালিকানাধীন নিগম। ই পৰ্যটন সঞ্চালকালয়ৰ সৈতে অসম পৰ্যটন বিভাগৰ অংশ হিচাপে পৰ্যটন সেৱা আৰু উন্নয়নৰ সৈতে সম্পৰ্কিত। ১৯৮৮ চনৰ ৯ জুনত অসমৰ ৰাজ্য চৰকাৰে নিগম স্থাপন কৰিছিল।
-
অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান
অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান (Assam State Zoo cum Botanical Garden) অসমৰ গুৱাহাটী মহানগৰৰ ৰাধাগোবিন্দ পথত অৱস্থিত। ই উত্তৰ-পূব ভাৰতৰ আটাইতকৈ বৃহৎ ৰাজ্যিক চিৰিয়াখানা। এই চিৰিয়াখানাৰ মুঠ মাটিকালি প্ৰায় ১৭৫ হেক্টৰ। এই চিৰিয়াখানাটো গুৱাহাটীৰ হেঙেৰাবাৰী সংৰক্ষিত বনাঞ্চলত অৱস্থিত।