তেজপুৰ নগৰৰ আন এক পবিত্ৰ স্থান হৈছে "কেতেকেশ্বৰ" বা স্থানীয় ৰাইজৰ পৰিচিত "থিয় শিলা"। তেজপুৰৰ পৰা প্ৰায় ২ কি:মি: উত্তৰে কেতেকীবাৰীৰ বাঁহবাৰী এখনত পোত গৈ আছে বিশ্বৰ বৃহত্তম শিৱ লিংগ বুলি ঠাৱৰ কৰা কেতেকেশ্বৰ। এয়া গুপ্ত সাম্ৰাজ্যৰে নিদৰ্শন বুলি অনুমান কৰা হয়। ৰাজমোহন নাথ, তত্বভূষণৰ ‘গৌৰৱময় অসম’ত এই কেতেকেশ্বৰ সম্পৰ্কে ফটোৰে সৈতে উল্লেখ আছে এই বুলি- "এই দীঘল আৰু পঞ্চমূখী শিৱলিংগটো ভূতি বৰ্ম্মা আদি কামৰূপীয় ৰজা সকলে পূজা কৰা হাটকেশ্বৰ শিৱ লিংগ বুলি অনুমান হয়"। প্ৰায় ৯ হাত দৈৰ্ঘ্যৰ আৰু ৪ হাত বেৰৰ এই শিৱলিংগৰ ওচৰতে পৰি আছে বৃহদাকাৰ যোনী পীঠ১।
তথ্যসূত্ৰ
- ↑ শান্তনু বৰুৱা. (২০০৪). তেজপুৰ, এখন চহৰ অনেক কাহিনী. তেজপুৰ মহোৎসৱ উদ্যাপন কমিটি ২০০৪. পৃ. ১১
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেতেকেশ্বৰ দেৱালয়” প্ৰবন্ধৰ সংশোধন ১৭৪৩৯৫ (৬ ফেব্ৰুৱাৰী ২০১৮)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।