নৱগ্ৰহ মন্দিৰ অসমৰ গুৱাহাটী মহানগৰৰ চিত্ৰাচল পাহাৰ (নৱগ্ৰহ পাহাৰ)ত থকা এক প্ৰাচীন মন্দিৰ। ইয়াত সূৰ্যকে ধৰি নটা গ্ৰহৰ শিলাচিহ্ন আছে। ইয়াত থকা বিভিন্ন গ্ৰহৰ শিলাচিহ্নবোৰ হ'ল- সূৰ্য, চন্দ্ৰ, মঙ্গল, ৰাহু, শনি, কেতু, বৃহস্পতি, বুধ (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) আৰু শুক্ৰ।
ইতিহাস
এই মন্দিৰ অতিকৈ প্ৰাচীন আৰু ঐতিহ্যসম্পন্ন। নৱগ্ৰহ মন্দিৰৰ লগত ভালেমান কিংবদন্তি আৰু জনশ্ৰুতি জড়িত হৈ আছে। এই মন্দিৰ কোনে কেতিয়া প্ৰতিষ্ঠা কৰিছিল তাৰ সঠিক তথ্য পাবলৈ নাই। এই মন্দিৰৰ প্ৰাংগণত থকা এক শিলালিপি অনুসৰি ১৭৫২ চনত টাই-আহোম জনগোষ্ঠী স্বৰ্গদেউ চুৰেম্ফাই মন্দিৰটো ন-কৈ নিৰ্মাণ কৰোৱাইছিল বুলি জনা যায়। ১৮৯৭ চনত বৰ ভূঁইকঁপত এই মন্দিৰটোৰ বিস্তৰ ক্ষতি হয় আৰু পাছত ধৰ্মপ্ৰাণ ৰাইজৰ সহযোগত পুনৰ মেৰামতি কৰি নতুন কৰা হয়।
মন্দিৰৰ কাৰ্যপন্থা
মন্দিৰত দৈনিক নৱগ্ৰহৰ পূজা-পাতল হোৱাৰ উপৰিও প্ৰতি বছৰে মাঘ-ফাগুনৰ সংক্ৰান্তিত মহা সমাৰোহেৰে তিনিদিনিয়াকৈ মহাযজ্ঞ অনুষ্ঠিত হয়। এই মন্দিৰত কোনো বলি-বিধানৰ ব্যৱস্থা নাই যদিও ছাগলী, হাঁহ, পাৰ আদি উছৰ্গা কৰাৰ উপৰি ব্যক্তিগত যাগ-যজ্ঞ হোম আদি কৰা হয়১।
বাহ্যিক সংযোগ
- www.templenet.com/Assam/navagraha.html আহৰণ কৰা তাৰিখ: ২৮ ছেপ্টেম্বৰ, ২০১১
- www.north-east-india.com/assam/navagraha-temple. আহৰণ কৰা তাৰিখ: ২৮ ছেপ্টেম্বৰ, ২০১১
তথ্যসূত্ৰ
- ↑ বিশ্ব ঐতিহ্য, শান্তনু কৌশিক বৰুৱা
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নৱগ্ৰহ মন্দিৰ, গুৱাহাটী” প্ৰবন্ধৰ সংশোধন ৩৮১৬৪৪ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।