অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

দক্ষিণপাট সত্ৰ

দক্ষিণপাট সত্ৰ অসমৰ চাৰিখন ৰাজ সত্ৰৰ ভিতৰত দ্বিতীয় শাৰীৰ সত্ৰ। শিষ্যৰ সংখ্যা কেওখন ৰাজসত্ৰৰ ভিতৰত আটাইতকৈ বেছি। আহোম ৰজা জয়ধ্বজ সিংহৰ দিনত ১৫৮৪ শকত মাজুলীত স্থাপন কৰা হয়। প্ৰথমজন সত্ৰাধিকাৰ আছিল শ্ৰীশ্ৰী বনমালিদেৱ।

হালনাগাদ: ২ জানুৱাৰী ২০২৫ ১৮৯ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

দক্ষিণপাট সত্ৰ অসমৰ চাৰিখন ৰাজ সত্ৰৰ ভিতৰত দ্বিতীয় শাৰীৰ সত্ৰ। শিষ্যৰ সংখ্যা কেওখন ৰাজসত্ৰৰ ভিতৰত আটাইতকৈ বেছি। আহোম ৰজা চুতাম্লাৰ দিনত ১৫৮৪ শকত মাজুলীত স্থাপন কৰা হয়। প্ৰথমজন সত্ৰাধিকাৰ আছিল শ্ৰীশ্ৰী বনমালিদেৱ। স্বৰ্গীয় জয়ধ্বজসিংহই ১৫৭৬ শকৰ পুহ মাহ ভতিয়া পাৰত পুখুৰী খন্দাই সেই পুখুৰীৰ পানী উলিয়াই উৎসৰ্গা কৰাৰ কাৰণে ভাল মহন্ত ব্ৰাহ্মণ বিচৰাত ভেলাই পাচনি নামে এজন লোকে জনালে যে বেহাৰত অতি সাধক মহন্ত ব্ৰাহ্মণ বনমালী নামে আছে, তেওঁকে অনাই পুখুৰীৰ জল উলিয়াই উৎসৰ্গা কৰা ভদ্ৰ। পোন্ধৰজনে সত্ৰাধিকাৰ পদত অধিষ্ঠিত হৈছে।।বৰ্তমানৰ সত্ৰাধিকাৰ হ’ল শ্ৰী শ্ৰী ৰমানন্দ দেৱগোস্বামী। বিভিন্ন কাৰণত এই সত্ৰখন কেইবাবাৰো স্থানান্তৰ কৰিব লগা হৈছে। মূল সত্ৰখন মাজুলীত অৱস্থিত। বৰ্তমান ইয়াৰ এখন শাখাসত্ৰ যোৰহাট জিলাৰ টীয়কৰ চটাইত স্থাপন কৰা হৈছে৷

সত্ৰখনৰ ভিতৰচৰা

সত্ৰৰ ইষ্টদেৱতাৰ মুৰ্ত্তি হ’ল শ্ৰী শ্ৰী

যাদৱৰাই মহাপ্ৰভু।

সত্ৰাধিকাৰসকলৰ তালিকা

ক্ৰমিক নংসত্ৰাধিকাৰৰ নামঅধিষ্ঠিত সময়ফটো
১শ্ৰী শ্ৰী বনমালীদেৱ (প্ৰতিষ্ঠাপক সত্ৰাধিকাৰ)১৪৯৮-১৬০৫ শক
২শ্ৰী শ্ৰী ৰামদেৱ গোস্বামী১৬০৫-১৬১৫ শক
৩শ্ৰী শ্ৰী কৃষ্ণদেৱ গোস্বামী১৬২৪-১৬৩৫ শক
৪শ্ৰী শ্ৰী আত্মাৰামদেৱ গোস্বামী১৬৩৫-১৬৪৮ শক
৫শ্ৰী শ্ৰী কামদেৱ গোস্বামী১৬৪৮-১৬৭৬ শক
৬শ্ৰী শ্ৰী সহদেৱ গোস্বামী১৬৭৬-১৬৯১ শক
৭শ্ৰী শ্ৰী ৰন্তিদেৱ গোস্বামী১৬৯১-১৭০২ শক
৮শ্ৰী শ্ৰী বিষ্ণুদেৱ গোস্বামী১৭০২-১৭৪২ শক
৯শ্ৰী শ্ৰী বিভূদেৱ গোস্বামী১৭৪২-১৭৫০ শক
১০শ্ৰী শ্ৰী বাসুদেৱ গোস্বামী১৭৫০-১৭৯২ শক
১১শ্ৰী শ্ৰী শুভদেৱ গোস্বামী১৭৯২-১৮৩৮ শক
১২শ্ৰী শ্ৰী নৰদেৱ গোস্বামী১৮১৭-১৮৪৭ শক
১৩শ্ৰী শ্ৰী নাৰায়ণদেৱ গোস্বামী১৮৪৮-১৮৬০ শক
১৪শ্ৰী শ্ৰী হৰিদেৱ গোস্বামী১৮৬০-১৮৮৫ শক
১৫শ্ৰী শ্ৰী ৰমানন্দ দেৱগোস্বামী১৮৮৫-বৰ্তমান)

লগতে চাওক

তথ্য সংগ্ৰহ

সহায়ক গ্ৰন্থ

  • চাৰি ৰাজসত্ৰৰ বুৰঞ্জী - সম্পাদক: শিৰীষ কুমাৰ ভট্টাচাৰ্য্য, প্ৰকাশক: দক্ষিণপাট সত্ৰ শিষ্য সন্মিলন, প্ৰকাশ কাল: ১৯৯৭ চন।
  • পৱিত্ৰ অসম - সম্পাদক: ড°মহেশ্বৰ নেওগ, প্ৰকাশক: ড°প্ৰদীপ ভূঞা, প্ৰধান সম্পাদক অসম সাহিত্য সভাৰ হৈ, প্ৰথম প্ৰকাশ: ১৯৬০চন।
  • প্ৰৱন্ধ "অসমৰ সত্ৰানুষ্ঠান আৰু ৰজাঘৰীয়া পৃষ্ঠাপোষকতা" লিখক: ড°মাধৱ চন্দ্ৰ গোস্বামী,ৰংপুৰ তিনিশ বছৰ উদযাপন সমিতি, শিৱসাগৰে প্ৰকাশ কৰা স্মৃতিগ্ৰন্থ " বুৰঞ্জীয়ে পৰশা ৰংপুৰত" প্ৰকাশিত, প্ৰকাশ কাল: ২০০০ চন।

সম্পৰ্কিত শ্ৰেণী

সত্ৰযোৰহাট জিলাৰ পৰ্যটনস্থলী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দক্ষিণপাট সত্ৰ” প্ৰবন্ধৰ সংশোধন ৪৬১০৬৮ (২ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।