অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

হাফলং

হাফলং (Haflong)ভাৰতৰ অসমৰাজ্যৰ অন্তৰ্ভুক্ত ডিমা হাছাও জিলাৰ সদৰ ঠাই৷ অসমৰ পৰ্বতীয়া অঞ্চলসমূহৰ ভিতৰত হাফলং অন্যতম৷ "Haflau" বা "Hangkhlong" শব্দৰ পৰা হাফলং চহৰৰ নাম উদ্ভৱ হোৱা বুলি অনুমান কৰা হয়৷ ডিমাছা ভাষাত ইয়াৰ অৰ্থ হৈছে পৰুৱাৰ পৰ্বত (Ant Hill)৷ অন্যহাতে জেমি নগাসকলৰ মত অনুসৰি এই নামটো হাফলঙৰ…

হালনাগাদ: ১১ নৱেম্বৰ ২০২৪ ২২৩ শব্দ · ১ মিনিট সংগৃহীত ৫৪
সংশোধনৰ পৰামৰ্শ

হাফলং (Haflong)ভাৰতৰ অসমৰাজ্যৰ অন্তৰ্ভুক্ত ডিমা হাছাও জিলাৰ সদৰ ঠাই৷ অসমৰ পৰ্বতীয়া অঞ্চলসমূহৰ ভিতৰত হাফলং অন্যতম৷ ১ "Haflau" বা "Hangkhlong" শব্দৰ পৰা হাফলং চহৰৰ নাম উদ্ভৱ হোৱা বুলি অনুমান কৰা হয়৷ ডিমাছা ভাষাত ইয়াৰ অৰ্থ হৈছে পৰুৱাৰ পৰ্বত (Ant Hill)৷ অন্যহাতে জেমি নগাসকলৰ মত অনুসৰি এই নামটো হাফলঙৰ ঐতিহাসিকভাৱে মালিকীস্বত্ব থকা Hamlong নামৰ এজন ব্যক্তিৰ নামেৰে সৃষ্টি হয়৷

ভৌগোলিক বিৱৰণ

হাফলং ডিমা হাছাও জিলাত অৱস্থিত অসমৰ একমাত্ৰ পৰ্বতীয়া ষ্টেচন বা আস্থান৷ ইয়াৰ সাগৰৰ পৰা উচ্চতা প্ৰায় ৬৮০ মিটাৰ৷২৩

জলবায়ু

হাফলঙৰ জলবায়ু প্ৰধানত: সেমেকা অৰ্ধক্ৰান্তীয় জলবায়ু৷ ইয়াত সৰ্বনিম্ন তাপমাত্ৰা ১৯৮০ চনৰ ৭ জানুৱাৰীত ২.৪ ডিগ্ৰীলৈ নমা বুলি জানিব পৰা যায়৷

যাতায়াত ব্যৱস্থা

হাফলঙলৈ পোনপটিয়াভাৱে আকাশীযানৰ ব্যৱস্থা নাই৷ অৱশ্যে গুৱাহাটী বা শিলচৰৰ পৰা নিউ হাফলং ষ্টেচনলৈ ৰেলৰ চলাচল আছে৷

ভাষা

হাফলঙত প্ৰধানকৈ হাফলং হিন্দী, ডিমাছা, মাৰ আৰু বঙালী ভাষা প্ৰচলিত৷ হাফলং হিন্দী ইয়াৰোপৰি অসমীয়া আৰু নেপালী ভাষাও ইয়াত প্ৰচলিত।

জনসংখ্যা

২০১১ চনৰ লোকপিয়ল অনুসৰি হাফলঙ নগৰৰ জনসংখ্যা আছিল ৪৩,৭৫৬ জন৷ ইয়াৰে ২২,৮৩৮পুৰুষ আৰু ২০,৯১৮ মহিলা৷ হাফলঙৰ গড় সাক্ষৰতাৰ হাৰ ৯৩.0৯%৷ ইয়াৰে পুৰুষৰ সাক্ষৰতাৰ হাৰ ৯৬.০৫% আৰু মহিলাৰ ৮৯.৮৪%৷ ৪

হাফলঙৰ ১২% জনসংখ্যাৰ বয়স ছয়বছৰৰ অনুৰ্ধৰ৷ জনজাতীয় লোকসকলৰ উপৰিও হাফলঙৰ জনসংখ্যাৰ বুজন সংখ্যক অজন-জাতীয় লোকো আছে৷ তেওঁলোকৰ সৰহ সংখ্যকেই চৰকাৰী চাকৰিয়াল আৰু অন্য কিছু সংখ্যক লোক বেহা-বেপাৰৰ লগত জড়িত৷ জনজাতীয় লোকসকলৰ ভিতৰত ডিমাছা, মাৰ, নগা, কুকী, মিজো আদিয়ে প্ৰধান৷

ৰাজনীতি

হাফলং স্বায়ত্ব শাসিত জিলা (লোকসভা সমষ্টি)ৰ অন্তৰ্ভুক্ত৷

পৰ্য্যটন

হাফলঙৰ পৰ্যটনৰ বাবে উল্লেখনীয় অঞ্চলসমূহ হ'ল-

  • হাফলং হ্ৰদ
  • জাতিংগা
  • পৰম্পৰাগত গাওঁসমূহ
  • ফিয়াংপুই বাগান
  • জৰাই
  • মউলপং
  • ফিয়াংপুই (Fiangpui) গীৰ্জা

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Haflong - Assam's Hill Station, India-north-east.com
  2. ↑ HAFLONG TOURISM
  3. ↑ Haflong Hill Haflong. Tourmyindia
  4. ↑ Haflong Population Census 2011 - 2020. Census 2011

সম্পৰ্কিত শ্ৰেণী

অসমৰ নগৰ-মহানগৰডিমা হাছাও জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হাফলং” প্ৰবন্ধৰ সংশোধন ৪৪৩৯১৩ (১১ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।