আজান পীৰৰ দৰগাহ অসমৰ হিন্দু-মুছলমানৰ চিৰ যুগমীয়া সম্প্ৰীতিৰ প্ৰতীক তথা জিকিৰৰ জন্মদাতা আজান পীৰৰ স্মৃতিত নিৰ্মান কৰা এক মছজিদ।১ এই দৰগাহ অৱস্থিত হৈ আছে শিৱসাগৰ নগৰৰ পৰা প্ৰায় ২২ কিঃমিঃ নিলগত।১ দিখৌ আৰু ব্ৰহ্মপুত্ৰ নদৰ সংগমস্থলৰ ওচৰতে শৰাগুৰি চাপৰিত।১ দিখৌ আৰু ব্ৰহ্মপুত্ৰৰ নৈয়ে তিনিওফালে বেঢ়ি আছে। উল্লেখ্য যে আহোম ৰজাই সজাই দিয়া মঠৰ চিন এই দৰগাহত এতিয়াও দেখিবলৈ পোৱা যায়। বাহিৰত এটা গড় আৰু গড়টোৰ ভিতৰত আৰু এটা সৰু গড় আছে। এই গড়টোৰ সোঁমাজতে এটা মছজিদ আৰু ওচৰতে এটা কবৰ আৰু এটা পুখুৰী আছে। মছজিদৰপৰা অলপ আঁতৰত এটা ওখ আৰু আহল-বহল কবৰ আছে। এই কবৰটোকে আজান পীৰৰ কবৰ বুলি জনশ্ৰুতি আছে। পিছলৈ কবৰটো পুনৰ নিৰ্মাণ কৰা হয়। মঠটোৰ ভিতৰত এজোপা শৰা গছ আছে। জনশ্ৰুতি মতে, এই গছজোপাৰ তলতে আজান পীৰ চাহাবে সঙ্গীসকলৰ লগত একেলগে জিকিৰ গাইছিল, জিকিৰ ৰচিছিল আৰু চৰ্চা কৰিছিল। পিছলৈ এইজোপা শৰা গছৰপৰাই এই ঠাইখনিৰ নাম হ’লগৈ শৰাগুৰি চাপৰি। আজান পীৰ চূণপোৰাত থকা কালতে আহোম ৰজাই শৰাগছৰ এজোপাৰ ১০০ বিঘা মাটি দি এটা গড় বন্ধাই দিছিল। ইয়াতে পীৰ চাহাবে আশ্ৰম পাতে। হজৰত পীৰৰ মৃত্যু কেতিয়া হ’ল সেই বিষয়ে নিশ্চিত কৰিব পৰা নাযায়। শৰাগুৰি চাপৰিৰ কাষত তেওঁৰ কবৰ আছে বুলি বিশ্বাস কৰি মুছলমান ধৰ্মীসকলে তেওঁক দৰ্শন কৰিবলৈ যায়। তেওঁৰ সমাধি স্থলটো হিন্দু-মুছলমানৰমানৰ মিলন ভূমি। গোটেই বছৰজুৰি দিখৌ মুখৰ ঘাটেদি তেওঁৰ দৰগাহলৈ অসংখ্য লোকৰ সমাগম হয়।
তথ্যসূত্ৰ
- ↑ Ajan Peer Dargah. sivasagar.assam.gov.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আজান পীৰৰ দৰগাহ” প্ৰবন্ধৰ সংশোধন ৫১০৫১০ (২০ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।