অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

মহামায়া ধাম

মহামায়া ধাম অসমৰ কোকৰাঝাৰ জিলাৰ পৰ্বতযোৰা মহকুমাৰ বগৰীবাৰীত অৱস্থিত হিন্দু ধৰ্মৰ এক প্ৰাচীন মন্দিৰ। মহামায়া দেৱীলৈ সমৰ্পিত দেই মন্দিৰ উল্লেখযোগ্য শক্তি পীঠ হিচাপে গণ্য কৰা হয়। মহালয়া দেৱী পাৰ্বতী, দুৰ্গা, কালি, কামাখ্যা আদি দেৱীৰে অন্য ৰূপ।

হালনাগাদ: ১৫ মে’ ২০২৫ ৩২৩ শব্দ · ২ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

মহামায়া ধাম অসমৰ কোকৰাঝাৰ জিলাৰ পৰ্বতযোৰা মহকুমাৰ বগৰীবাৰীত অৱস্থিত হিন্দু ধৰ্মৰ এক প্ৰাচীন মন্দিৰ। মহামায়া দেৱীলৈ সমৰ্পিত দেই মন্দিৰ উল্লেখযোগ্য শক্তি পীঠ হিচাপে গণ্য কৰা হয়।১ মহালয়া দেৱী পাৰ্বতী, দুৰ্গা, কালি, কামাখ্যা আদি দেৱীৰে অন্য ৰূপ। মহামায়া ধাম নামনি অসমৰ গুৰুত্বপূৰ্ণ তীৰ্থস্থান তথা পৰ্যটনস্থলী।

অৱস্থান

মহামায়া ধাম কোকৰাঝাৰ জিলাৰ পৰ্বতযোৰা মহকুমাৰ বগৰীবাৰীত অৱস্থিত। এই মন্দিৰ ধুবুৰী চহৰৰ পৰা ৩০ কিঃমিঃ পূবত আৰু বিলাসীপাৰাৰ পৰা ১০ কিঃমিঃ পশ্চিমত অৱস্থিত। ইয়াৰ পৰা বগৰীবাৰী ৰেল ষ্টেচন মাত্ৰ ২ কিঃমিঃ নিলগত অৱস্থিত। মহামায়া ধামৰ নিকটৱৰ্তী বিমানবন্দৰ বন্দৰ হৈছে ৩৪ কিঃমিঃ দূৰত্বত অৱস্থিত ৰূপসী বিমানবন্দৰ।২

কিংবদন্তি

মহামায়া ধাম কোনে কেতিয়া নিৰ্মাণ কৰাইছিল তাৰ কোনো নিৰ্দিষ্ট তথ্য পোৱা নাযায়। বিশ্বাস কৰা হয় যে বিখ্যাত দেৱী মহামায়াক পৰম্পৰাগতভাৱে পৰ্বতযোৰাৰ কছাৰী, কোচ আৰু নাথ আদি স্থানীয় লোকসকলে আৰাধনা কৰিছিল। ইয়াৰ লগতে মহামায়া পৰ্বতযোৰাৰ জমিদাৰৰ মুখ্য উপাস্য দেৱী আছিল। জনশ্ৰুতিমতে প্ৰায় ৫০০ বছৰ আগতে বৰ্তমান বাংলাদেশৰ মৈমনসিঙৰ যদু চৌধুৰী নামৰ এগৰাকী বণিকে টিপকাই নদীৰ ঘাটত মা মহালয়াৰ দৰ্শন লাভ কৰিছিল। তেখেতক মহামায়ায়ে দেখুওৱা সপোনৰ মৰ্মে বগৰীবাৰী, ৰূপ্‌সী আৰু ধুবুৰীৰ জমিনদাৰে এই মন্দিৰ স্থাপন কৰিছিল। তেতিয়াৰ পৰা বংশানুক্ৰমিক পৰম্পৰা অনুসৰি নলবাৰীৰ ওচৰৰ সোণকুৰীয়া গাঁৱৰ পুৰোহিত সকলে ইয়াত পূজা-অৰ্চনা কৰি আহিছে।৩

স্থাপত্য

মহামায়া মন্দিৰ নীলাচল স্থাপত্যশৈলীৰে নিৰ্মিত। তদুপৰি ইয়াত বংগীয় শৈলীৰো কিছু নিদৰ্শন দেখা যায়। মন্দিৰটো এটা টিলাৰ ওপৰত নিৰ্মিত। মন্দিৰলৈ উঠি যোৱা খটখটিৰ আৰম্ভণিতে সিংহদ্বাৰ অৱস্থিত। গৰ্ভগৃহত মা মহামায়াৰ প্ৰায় ২ ফুট ৫ ইঞ্চি উচ্চতাৰ আৱক্ষ মূৰ্তি আছে। ইয়াৰ লগতে ইয়াত হনুমান আৰু কালী দেৱীৰ বিশাল মূৰ্তি আছে। মহামায়া ধামৰ গাতে এখন শিৱ থান আছে আৰু ইয়াৰ কাষৰে গুহা এটিত বাঘৰ আশ্ৰয়স্থল আছে। ইয়াক বাঘ ভাণ্ডাৰ বোলে।৩

মহামায়া ধামৰ আন এক পূজাৰ স্থান হৈছে মহালয়া স্নানঘাট মন্দিৰ। এই স্নানঘাট মূল মন্দিৰৰ পৰা কিছু কিলোমিটাৰ নিলগত টিপকাই নদীৰ পাৰত অৱস্থিত। লোকবিশ্বাস হিচাপে এই স্থানত দেৱী মহামায়ে দৈনিক স্নান কৰিছিল।৩

উৎসৱ

মহামায়া ধামত প্ৰতি বছৰে উলহ-মালহকৈ দুৰ্গা পূজা অনুষ্ঠিত হয়। প্ৰায় ৪০০ বছৰ পুৰণি পৰম্পৰা অনুসৰি ইয়াত বলি প্ৰথা প্ৰচলিত। বিশেষকৈ দুৰ্গা পূজাত পশু-পক্ষী যেনে ম'হ, ছাগলী, হাঁহ-পাৰ আদিৰ বলি দিয়া হয়।৪ বৰবলিৰ প্ৰথম ভোগ বাঘ ভাণ্ডাৰত বাঘৰ উদ্দেশ্যে আগবঢ়োৱা হয়। পূজাৰ সমান্তৰালকৈ ইয়াত এখন মেলা অনুষ্ঠিত হয়। জানুৱাৰী মাহত ইয়াত এখন শক্তি যজ্ঞ অনুষ্ঠিত হয়। প্ৰতি বছৰে চ'তৰ সংক্ৰান্তিৰ দিনা মহামায়া মন্দিৰৰ প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। তাৰপিছত ইয়াত ব’হাগত সাত বিষমা মেলা বহে।৫

পৰ্যটন

মহামায়া ধাম হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ উপাসনাস্থল। ইয়ালৈ দৈনন্দিন পূজা-অৰ্চনাৰ বাবে বহু ভক্তৰ সমাগম হয়। মন্দিৰৰ স্থাপত্য আৰু চৌপাশৰ সেউজীয়া পৰিৱেশে পৰ্যটকক আকৰ্ষণ কৰে। প্ৰতি বছৰে অনুষ্ঠিত মেলা সমূহতো বহু লোকৰ ভিৰ দেখা যায়।

তথ্যসূত্ৰ

  1. ↑ (13 October 2007). Priceless heritage gets funds to survive. The Telegraph
  2. ↑ Assam Mahamaya Dham Dhubri. detailsofindia.com
  3. ↑ Mahamaya Dham. NK Production
  4. ↑ Fried Eye Killing the festive spirit, Oct 2011
  5. ↑ মহামায়া ধামত সাত বিষমা মেলাৰ উখল মাখল পৰিৱেশ. pratibimbalive.com

সম্পৰ্কিত শ্ৰেণী

অসমৰ ধৰ্মীয় স্থানকোকৰাঝাৰ জিলাহিন্দুধৰ্মৰ মঠ-মন্দিৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহামায়া ধাম” প্ৰবন্ধৰ সংশোধন ৫০৮৭৫৩ (১৫ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।