অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

চম্পাৱতী জলপ্ৰপাত

চম্পাৱতী (Champawati Waterfall) বা চাপানলা জলপ্ৰপাত হৈছে অসমৰ নগাঁও জিলাৰ চাপানলা নামৰ গাঁৱত অৱস্থিত এটা বিখ্যাত জলপ্ৰপাত আৰু পৰ্যটনস্থলী। জলপ্ৰপাতটোৰ লগতে ইয়াৰ চৌপাশে থকা চাহ-বাগান আৰু তাত ভ্ৰমণ কৰিবলৈ অহা পক্ষী পৰ্যটকসকলৰ বাবে আকৰ্ষণৰ কেন্দ্ৰ। জলপ্ৰপাতটিৰ তিনিটা কুণ্ড আছে।

হালনাগাদ: ২৩ নৱেম্বৰ ২০২৪ ৪৯৩ শব্দ · ৩ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

চম্পাৱতী (Champawati Waterfall) বা চাপানলা জলপ্ৰপাত হৈছে অসমৰ নগাঁও জিলাৰ চাপানলা নামৰ গাঁৱত অৱস্থিত এটা বিখ্যাত জলপ্ৰপাত আৰু পৰ্যটনস্থলী। জলপ্ৰপাতটোৰ লগতে ইয়াৰ চৌপাশে থকা চাহ-বাগান আৰু তাত ভ্ৰমণ কৰিবলৈ অহা পক্ষী পৰ্যটকসকলৰ বাবে আকৰ্ষণৰ কেন্দ্ৰ। জলপ্ৰপাতটিৰ তিনিটা কুণ্ড আছে। ১নগাঁও চহৰৰ পৰা জলপ্ৰপাতটিলৈ যাবলৈ প্ৰায় এক ঘণ্টা সময়ৰ প্ৰয়োজন হয়। ২

লোককাহিনী

প্ৰবাদ মতে, হংসধ্বজ নামৰ ৰজা এজনৰ কন্যা চম্পাৱতীয়ে জলপ্ৰপাতটোৰ তলৰ কুণ্ডত মাঘী সপ্তমীৰ দিনা স্নান কৰিছিল। সেই কুঁৱৰীৰ নামৰপৰাই জলপ্ৰপাতটিৰ নাম চম্পাৱতী হয়। মাঘী সপ্তমীৰ দিনা এই কুণ্ডত স্নান কৰিলে পুণ্য অৰ্জন হোৱাৰ লগতে বেমাৰ-ব্যাধিও নিৰ্মূল হয় বুলি লোকবিশ্বাস আছে। ১

৩চম্পাৱতী জলপ্ৰপাতৰ সৃষ্টি সম্পৰ্কে মুখ বাগৰি অহা কেইবাটাও কিংবদন্তিমূলক কাহিনী আছে। তাৰে এটা কাহিনী অনুসৰি মহাকাব্য মহাভাৰতত বৰ্ণিত হংসধ্বজ ৰজাই চাপানলা অঞ্চলতে ৰাজত্ব কৰিছিল। তেওঁৰে চম্পাৱতী নামে এগৰাকী অপূৰ্বসুন্দৰী ৰাজকুঁৱৰী আছিল। ৰাজকুঁৱৰীৰ অপৰূপ সৌন্দৰ্যত মোহিত হৈ সৃষ্টিকৰ্তা ব্ৰহ্মাৰ পুত্ৰ ব্ৰহ্মপুত্ৰ তেওঁৰ প্ৰেমত পৰিছিল। কিন্তু সেই প্ৰেমে পোৱাৰ আগতেই ব্ৰহ্মপুত্ৰতকৈ যথেষ্ট শক্তিশালী যশোদানন্দন শ্ৰীকৃষ্ণও চম্পাৱতীৰ ৰূপত মুগ্ধ হৈ তেওঁক বিয়া কৰাব বিচাৰিলে। কিন্তু চম্পাৱতীৰ মনৰ মানুহজন আছিল ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰক নিজৰ কৰি নোপোৱাৰ দুখত চম্পাৱতী শিললৈ ৰূপান্তৰিত হৈ পৰিল। শিলাৰূপী চম্পাৱতীয়েই এই চম্পাৱতী জলপ্ৰপাত বুলি জনসমাজত এক বিশ্বাস প্ৰচলিত হৈ আছে। কথিত আছে যে চম্পাৱতী ব্ৰহ্মপুত্ৰ নদীৰ নিবিড় প্ৰেম এদিন হ’লেও সাৰ্থক হ’ব। আৰু সেইদিনাই সম্পূৰ্ণ নগাঁও চহৰ ব্ৰহ্মপুত্ৰত বিলীন হ’ব। অৰ্থাৎ নগাঁও চন গাঁও হ’ব। লোকবিশ্বাস অনুসৰি চম্পাৱতী ব্ৰহ্মপুত্ৰৰ বিবাহৰ বাবে চামগুৰি বিলত গহনা, হালধিআটিত হালধি, দৰা-কইনাৰ মূৰত দিবৰ বাবে তেলীয়া জলাহৰ তেলকে আদি কৰি বিভিন্ন বস্তু সাজু হৈ আছে।

সংক্ষিপ্ত বিৱৰণ

চাপানলাৰ উত্তৰ-পূব দিশত থকা কাৰ্বি আংলং জিলা পাহাৰৰপৰা এই জলপ্ৰপাতটি বৈ আহিছে। জলপ্ৰপাতটিৰ তিনিটা কুণ্ডৰ একেবাৰে ওপৰত থকা কুণ্ডটো সমতলৰ পৰা প্ৰায় ২২৮ মিটাৰ উচ্চতাত অৱস্থিত। তাৰ পৰা প্ৰায় ৭ মিটাৰ সমতলেৰে বৈ আহি দ্বিতীয়টো কুণ্ডৰ সৃষ্টি হৈছে। তৃতীয়টো কুণ্ড ইয়াৰ পৰা প্ৰায় ৭৫ মিটাৰ তলত অৱস্থিত। ১

যাতায়াত

নগাঁও জিলাৰ সদৰৰ পৰা চাপানলাৰ দূৰত্ব হৈছে প্ৰায় ২৫ কিলোমিটাৰ। অসমৰ ৰাজধানী দিছপুৰৰ পৰা ইয়াৰ দূৰত্ব হৈছে প্ৰায় ১৩৭ কিলোমিটাৰ। সাধাৰণতে পৰ্যটকসকলক নিজৰ ব্যক্তিগত বাহনেৰে চাপানলালৈ যাবলৈ পৰামৰ্শ দিয়া হয়। ২

এই স্থানত উপস্থিত হ’বলৈ যদিও কেইবাটাও পথ আছে, প্ৰধানকৈ ব্যৱহৃত হয় দুটা পথ— এটা হৈছে কঠীয়াতলি-বঢ়মপুৰ-বামুণী হৈ আৰু আনটো হৈছে পুৰণিগুদাম গড়মূৰৰ পৰা চলচলি বালিজুৰি হৈ চাপানলা যোৱা পথটো। নগাঁও চহৰৰ পৰা ২২-২৩ কিল’মিটাৰ আঁতৰত বঢ়মপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত চামগুৰি। তাৰ উত্তৰ-পূব দিশত কাৰ্বি আংলঙৰ পাহাৰবোৰ, তাৰপৰাই ওলাই আহিছে চম্পাৱতীৰ জলধাৰা। নগাঁও টাউনৰ পৰা চম্পাৱতী জলপ্ৰপাত পাবলৈ গাড়ী বা মটৰ চাইকেলত সময় লাগে প্ৰায় ১ ঘণ্টা।

আকৰ্ষণ

জলপ্ৰপাতৰ চৌপাশৰ পৰিৱেশ সৌন্দৰ্যময়। ইয়াৰ আশে-পাশে চাহবাগান আছে। বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী বা থলুৱা চৰাই চাপানলাত দেখিবলৈ পোৱা যায়। চাপানলাত দেওবাৰে বহা সাপ্তাহিক বজাৰখনত প্ৰায়েই থলুৱাভাৱে উৎপাদিত সা-সামগ্ৰী বিক্ৰী কৰা হয়। পৰ্যটকসকলক এই বজাৰখনেও আকৰ্ষণ কৰে। ২

চম্পাৱতী জলপ্ৰপাতৰ আশে-পাশে বহুতো ৰজাদিনীয়া স্মৃতিচিহ্ন সিঁচৰতি হৈ আছে। চাপানলাৰ পৰা ২ কিল’মিটাৰ নিলগৰ জীয়াজুৰি চাহ বাগিচাত মূৰ্তি খোদিত শিলেৰে তৈয়াৰী এখন তোৰণ দেখা যায়। জীয়াজুৰিৰে শনিবৰীয়া বজাৰৰ কাষত দেখা যায় ৰজাদিনীয়া পুৰণি পুখুৰী। ৰজা হংসধ্বজে সত্য ৰক্ষা কৰিবৰ নিমিত্তে নিজ পুত্ৰদ্বয় সুৰথ আৰু সুধম্বাক সেই পুখুৰীতে গৰম তেলত ডুবাই মাৰিছিল হেনো। ৰজাৰ পুখুৰীৰ লোৰ শিকলি, কন্দলি পাহাৰৰ বাদুলী খোৰোং, চাপানলাৰ কাষৰ উদমাৰীত ষাঁড়সদৃশ শিল, তাৰ পৰা কিছু দূৰৈত বুঢ়ী-বুঢ়ী থান, লুংচুঙৰ হদ্‌হদী জলপ্ৰপাত, পেৰেডাইজ লেক (Blue Lake) আদিও যথেষ্টখিনি পৌৰাণিক কীৰ্তিচিহ্ন তথা ঐতিহাসিক সমলেৰে ভৰি আছে।

তথ্যসূত্ৰ

  1. ↑ বৰুৱা, শান্তনু কৌশিক. (ছেপ্টেম্বৰ, ২০২০). ঐতিহ্যপূৰ্ণ কীৰ্তিচিহ্ন, ভৱন আদি. জ্যোতি প্ৰকাশন. পৃ. ৪৭১. ISBN ৯৭৮-৯৩-৮১৪৮৫-৮২-৮
  2. ↑ Champawati Waterfall. Government of Assam, Nagaon District
  3. ↑ (1 April 2023). Chapawati Jalaprapat

সম্পৰ্কিত শ্ৰেণী

নগাঁও জিলাঅসমৰ পৰ্যটনস্থলী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চম্পাৱতী জলপ্ৰপাত” প্ৰবন্ধৰ সংশোধন ৪৪৭৭০৮ (২৩ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।