অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

চিত্ৰলেখা উদ্যান

অসমৰ শোণিতপুৰ জিলাৰ তেজপুৰ নগৰৰ এখন ঐতিহাসিক উদ্যান। পূৰ্বতে এই উদ্যানৰ নাম ক'ল পাৰ্ক আছিল। চিত্ৰলেখা উদ্যানক তেজপুৰৰ এক যাদুঘৰ বুলিব পাৰি।

হালনাগাদ: ৫ অক্টোবৰ ২০২৩ ২৬৭ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

অসমৰ শোণিতপুৰ জিলা জিলাৰ তেজপুৰ নগৰৰ এখন ঐতিহাসিক উদ্যান। পূৰ্বতে এই উদ্যানৰ নাম ক'ল পাৰ্ক আছিল। চিত্ৰলেখা উদ্যানক তেজপুৰৰ এক যাদুঘৰ বুলিব পাৰি।

ইতিহাস

১৯০৬ চনত সেই সময়ৰ উপায়ুক্ত এইচ ডব্লিউ জি ক'লে (H W G Cole) তেজপুৰৰ বিভিন্ন ঠাইত আলাই-আথানি হৈ পৰি থকা মনোমহা শিলত খোদিত মূৰ্তি গোটাই এক উদ্যান গঢ়াৰ চেষ্টা কৰিছিল। পোনতে এই স্থানৰ মাটিখিনি জনৈক কালিপদ সেন নামৰ "বঙালী" ভদ্ৰলোক এজনৰ আছিল। তাৰপিছ্ত তেজপুৰ পৌৰসভাই মাটিটুকুৰা পাঁচশ টকাত কিনি লৈ তাত উদ্ধাৰ হোৱা শৈলভাস্কৰ্য্যসমূহ স্থাপন কৰি উদ্যানৰূপে গঢ়ি তোলে। ক'লৰ মৃত্যুৰ পাছত পিছৰজন উপায়ুক্ত এফ ডব্লিউ ষ্টঙে ক'লৰ স্মৃতিত এই উদ্যান সম্পূৰ্ণ কৰি তোলে। সেয়ে ইয়াৰ নাম "ক'ল পাৰ্ক" হয়। কিন্তু পিছলৈ ইয়াৰ নাম "চিত্ৰলেখা উদ্যান" ৰখা হয়। উদ্যানখনত থকা শৈল ভাস্কৰ্যসমূহ কোনো কোনোৱে বাণ ৰজাৰ দিনৰ বুলি অনুমান কৰে। আন কিছুমানৰ মতে অষ্টম-নৱম শতিকাৰ শালস্তম্ভ বংশৰ।

উদ্যানৰ বিভিন্ন সামগ্ৰী

এই উদ্যানত ঐতিহাসিক হাৰুপেশ্বৰ ৰাজধানীৰ ৰাজকাৰেঙৰ শৈলস্তম্ভ, শিল কটা আঠপহীয়া পদুম ফুল, বিভিন্ন লাস্য মুদ্ৰাৰ দীঘলীয়া শিল, দশাৱতাৰ মূৰ্তি, দুয়ো কাষে লতাৰে কটা শোভিত স্তম্ভ, গৌতম বুদ্ধৰ মূৰ্তি আদি আছে। উদ্যানখনত থকা দীঘলীয়া শিলৰ পেনেলসমূহত আছে স্যমন্ত হৰণৰ দৃশ্য, ঢোলত চাপৰ পৰা ঢুলীয়া, নাচনি, বিহু আৰু আন আন লাস্য মুদ্ৰাৰ সৈতে দ্বাৰপাল, ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰৰ মূৰ্তি আদি। নলা, হোলা, খাল, বিল আদিত পৰি থকা শিল, উপায়ুক্ত কাৰ্য্যালয়ৰ গৃহ নিৰ্মাণৰ সময়ত উদ্ধাৰ হোৱা বা কাছাৰীৰ সম্মুখত পোৱা শৈল ভাস্কৰ্য্যসমূহৰ লগতে ডন বস্ক’ বিদ্যালয়ৰ সম্মুখত পোৱা বিভিন্ন শিলা স্তম্ভ ইয়াত সজাই ৰখা হৈছে।

ইয়াত সংৰক্ষিত শিলাস্তম্ভসমূহ নান্দীমুখ, পদুম আৰু লতাফুলেৰে সুশোভিত। ইংৰাজী 'ইউ' (U) আখৰটোৰ দৰে এটা প্ৰাচীন পুখুৰীৰে আগুৰা এই উদ্যান তথা উদ্যানৰ শৈল ভাস্কৰ্যই সততে পৰ্যটকক আকৰ্ষণ কৰে।

প্ৰসঙ্গ পুথি

  • বিশ্ব ঐতিহ্য, শান্তনু কৌশিক বৰুৱা
  • শান্তনু বৰুৱা. (২০০৪). তেজপুৰ, এখন চহৰ অনেক কাহিনী. তেজপুৰ মহোৎসৱ উদ্‌যাপন কমিটি ২০০৪. পৃ. ১০

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

শোণিতপুৰ জিলাৰ পৰ্যটনস্থলীতেজপুৰঅসমৰ পুৰাতাত্বিক স্থান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চিত্ৰলেখা উদ্যান” প্ৰবন্ধৰ সংশোধন ৩৮৫০৫১ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।