অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

পবিতৰা অভয়াৰণ্য

পবিতৰা অভয়াৰণ্য বা পবিতৰা (Pobitora Wildlife Sanctuary) অসমৰ পৰ্যটন স্থল সমূহৰ ভিতৰত এখন উল্লেখযোগ্য স্থান। ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণপাৰে, মৰিগাঁও জিলাৰ মায়ং মৌজাত এই অভয়াৰণ্য অৱস্থিত। পৃথিৱীৰ বিখ্যাত এশিঙীয়া গঁড়ৰ বাবে এই স্থান পৰ্যটকৰ বাবে আকৰ্ষণৰ কাৰণ।

হালনাগাদ: ৯ মে’ ২০২৫ ৭০১ শব্দ · ৪ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

পবিতৰা অভয়াৰণ্য বা পবিতৰা (Pobitora Wildlife Sanctuary) অসমৰ পৰ্যটন স্থল সমূহৰ ভিতৰত এখন উল্লেখযোগ্য স্থান। ব্ৰহ্মপুত্ৰ নদৰ দক্ষিণপাৰে, মৰিগাঁও জিলাৰ মায়ং মৌজাত এই অভয়াৰণ্য অৱস্থিত। পৃথিৱীৰ বিখ্যাত এশিঙীয়া গঁড়ৰ বাবে এই স্থান পৰ্যটকৰ বাবে আকৰ্ষণৰ কাৰণ। এই অভয়াৰণ্যত গঁড়ৰ সংখ্যাৰ ঘনত্ব পৃথিবীৰ ভিতৰত সৰ্বাধিক।১

নামৰ উৎপত্তি

পবিতৰা নামটোৰ উৎপত্তি সম্পৰ্কে কেবাটাও ব্যাখ্যা পোৱা যায়। প্ৰথমটো কিম্বদন্তি অনুসৰি পুৰণি কালত মায়ং ৰাজ্য নামে এখন ৰাজ্য আছিল। এই ৰাজ্যৰ প্ৰথমজন ৰজা আছিল শূইনত সিংহ। ১৫২৯ শকাব্দ(১৬০৭) এইজন ৰজাই ৰাজপাটত বহি ২০ বছৰ ৰাজত্ব কৰিছিল। ৰজাৰ বৰ জীয়াৰীৰ নাম আছিল "ৰাজকুমাৰী পবিত্ৰা সিংহা"। এই পবিত্ৰা ৰজাৰ বৰ মৰমৰ আছিল। কিন্তু মৰমৰ জীয়াৰী পবিত্ৰাৰ অকাল মৃত্যু হয়। ৰজাই পবিত্ৰাৰ নাম চিৰযুগমীয়া কৰিবৰ বাবে এই বনাঞ্চলৰ নাম পবিত্ৰা ৰাখিছিল। কালক্ৰমত মানুহৰ মুখবাগৰি এই পবিত্ৰা, পবিতৰা হয়। আন এটা প্ৰবাদমতে এই বনাঞ্চলত পাতিদৈয়া আৰু তৰা আদি উদ্ভিদৰে ভৰপুৰ আছিল। পাতিদৈ আৰু তৰাৰ প্ৰাচুৰ্য্যতাৰ বাবে এই হাবিডৰাক পাতিতৰা বুলিছিল। পাতিতৰাৰ পৰাই পিছলৈ "পবিতৰা" হোৱা বুলি কয়। হাদুগ নামৰ বিল খনৰ উত্তৰ পাৰৰ হাদুগপাৰ গাঁৱৰ মানুহে বিলৰ দক্ষিণপাৰে থকা হাবি কাটি চাফা কৰি খেতিৰ বাবে মাটি উলিয়াই লৈছিল। ৰাইজে হালবাবলৈ বহুদুৰ বাট যাব লগা হৈছিল। সেয়ে পুৱতি তৰা ওলোৱাৰ সময়ত ৰাইজ একেলগে হাল বাবলৈ গৈছিল। পুৱতি তৰা ওলোৱাৰ সময়ত সকলো লগ লোৱাৰ বাবে এই খেতিপথাৰ খনৰ নাম "পুৱতি তৰা" ৰাখিছিল। কালক্ৰমত পুৱতি তৰাৰ পৰাই পবিতৰা হোৱা বুলি শুনা যায়। ইয়াৰ বাহিৰে কোনো প্ৰামাণিক তথ্য নাই।২

অৱস্থিতি

অবিভক্ত নগাঁও আৰু বৰ্তমান মৰিগাঁও জিলাৰ মায়ং ৰাজহচক্ৰৰ মায়ং মৌজাত ব্ৰহ্মপুত্ৰ নদনদী আৰু কলং সুঁতিয়ে সৃষ্টি কৰা ভূমিখণ্ডৰ মাজত এই পবিতৰা অভয়াৰণ্য অৱস্থিত। ই নগাঁও সদৰৰ পৰা ৮৩ কি: মি: দূৰত্বত আৰু মৰিগাওঁ সদৰৰ পৰা ৩৮ কি:মি: দূৰত্বত অৱস্থিত। ৰাজধানী দিছপুৰৰ পৰা ইয়াৰ দূৰত্ব ৪০ কি:মি:। পবিতৰা অভয়াৰণ্যৰ অক্ষাংশ (উত্তৰ) ২৬.২৪৩-ৰপৰা ২৬.২২০-লৈ আৰু দ্ৰাঘিমাংশ (পূৱ) ৯২.০৩৯-ৰপৰা ৯২.০৬৯-লৈ বিস্তৃত।৩

ইতিহাস

পবিতৰাৰ ভিতৰত থকা পথ
পবিতৰাৰ ভিতৰত থকা পথছবি: ঈশান জ্যোতি বৰা · CC BY-SA 4.0

১৯৭১ চনৰ ১৮ নবেম্বৰ তাৰিখে Govt. Notification No/4Settlement/542/65/54 Memo No মৰ্মে অসম চৰকাৰে গেজেট নটিফিকেচন যোগে সীমা নিৰূপণ কৰি পবিতৰাক সংৰক্ষিত বনাঞ্চল ঘোষণা কৰে। ইয়াৰ মাটিকালি আছিল ১৫৮৪.৭৬ হেক্টৰ বা ১২, ০০০ বিঘা। অসম চৰকাৰে পবিতৰা পি. জি আৰক সংৰক্ষিত বনাঞ্চল ঘোষণা কৰি হাদুগা খুটিৰ খুটিয়াল সকলক তাৰপৰা উচ্ছেদ কৰি হাতীগড় ভি.জি.আৰৰ উত্তৰ ফালে ১৫০ বিঘা মাটি সংস্থাপনৰ বাবে আবণ্টন কৰিছিল।

ইংৰাজী ১৯৮৭ চনৰ No F.W.R/19/87/39 নং গেজেট নটিফিকেশ্বন মৰ্মে অসম চৰকাৰে পবিতৰা সংৰক্ষিত বনাঞ্চলক অভয়াৰণ্য হিচাবে ঘোষণা কৰে। অভয়াৰণ্য ঘোষণাৰ লগে লগে হাদুগ বিলৰ উত্তৰ পাৰে আঞ্চলিক বন কাৰ্য্যালয় স্থাপন হয়।

ভৌগোলিক বিৱৰণ

পূৰ্বৰ সংৰক্ষিত বনাঞ্চলৰ মাটিকালি আছিল ১৫৮৪.৭৬ হেক্টৰ বা ১২০০ বিঘা। সেই মাটিকালিয়েই পবিতৰা অভয়াৰণ্যৰ মাটিকালি। পৰবৰ্তী সময়ত পূবে আৰু পশ্চিমে দুটা কৰিড'ৰৰ প্ৰস্তাৱ কৰি ১১০৬ হেক্টৰ মাটিও পবিতৰা অভয়াৰণ্যত ধৰা হৈছে। শেহতীয়াভাৱে ৰজামায়ং বনাঞ্চলখনো চৰকাৰে পৰিতৰা অভয়াৰণ্যৰ লগত সংযোজিত কৰিছে। ইয়াৰ মাটিকালি অছিল ১১৯.৮৬ হেক্টৰ। বৰ্তমান পবিতৰা অভয়াৰণ্যৰ মুঠ মাটিকালি হ'ল ২৭৭৬.৬২ হেক্টৰ৪ (৩৮.৮০ বৰ্গ কি.মি.৫)।

চাৰিসীমা

  • ইয়াৰ উত্তৰে ৰজামায়ং, মূৰকটা আৰু শিলদুবী ৰাজহ গাঁও।
  • দক্ষিণে-হাতীগড় আৰু ঠংভাঙ্গা ভি জি আৰ।
  • পূবে-নখোলা ভকত গাওঁ, মনহা, ৰজামায়ং, কাজলিচকি গড়কাপ্টানী পথ।
  • পশ্চিমে- গৰঙা বিল আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ পথ।

জলবায়ু

ইয়াৰ জলবায়ু নাতিশীতোষ্ণ। বৰষুণৰ মাত্ৰা অত্যধিক। ইয়াত ৭০ৰ পৰা ৯০ শতাংশ বৰষুণ হয়। অৱশ্যে শীত কালত বৰষুণৰ পৰিমাণ স্বাভাৱিক ভাবেই কমি যায়। সৰ্বাধিক তাপমান ৯০ ডিগ্ৰী চেণ্টিগ্ৰেড।৬

প্ৰাণীকুল

এই অভয়াৰণ্যত সাধাৰণতে এশিঙীয়া গঁড়, গাহৰি, বনৰীয়া ম'হ, হৰিণ, নাহৰফুটুকী বাঘ, উলুম'ৰা, কাছ, সাপ ইত্যাদি পোৱা যায়। আহিন মাহৰ পৰা পবিতৰালৈ সুদুৰ চাইবেৰীয়াৰ অঞ্চলৰ পৰা বহুতো পৰিভ্ৰমী চৰাই( বিশেষকৈ হাঁহ) আহে। পবিতৰাৰ পশ্চিম সীমাত থকা দলনি (তামোলীডোবা)-লৈও বহুতো পৰিভ্ৰমী হাঁহ অহা দেখা যায়। লগতে গাহৰি, গঁড়, বনৰীয়া ম'হ আদিও চৰি ফুৰা দেখা যায়। এইবাবেই পবিতৰা অভয়াৰণ্য দেশী-বিদেশী পৰ্যটকৰ বাবে আকৰ্ষণীয় স্থল হৈ পৰিছে।

২০১২ চনৰ তথ্য অনুসৰি পবিতৰা অভয়াৰণ্যত থকা মুঠ গঁড়ৰ সংখ্যা ৯৩। ২০০৯ চনৰ গণনাত ৮৪টা গঁড় পোৱা গৈছিল। ইয়াৰে ৮-টা গঁড় মানস ৰাষ্ট্ৰীয় উদ্যানলৈ স্থানান্তৰ কৰা হয়।৭

গঁড় স্থানান্তৰ

পৰ্যটকৰ জীপ ছাফাৰীৰ বাবে ৰাখি থোৱা জিপ, পবিতৰাৰ প্ৰৱেশ-দ্বাৰত
পৰ্যটকৰ জীপ ছাফাৰীৰ বাবে ৰাখি থোৱা জিপ, পবিতৰাৰ প্ৰৱেশ-দ্বাৰতছবি: ঈশান জ্যোতি বৰা · CC BY-SA 4.0

১৯৮৩ অসম চৰকাৰে কৰা এক চুক্তি মৰ্ম্মে পবিতৰা অভয়াৰণ্যৰ পৰা উত্তৰ প্ৰদেশৰ দুধবা অভয়াৰণ্যলৈ ৫টা গড় স্থানান্তৰ কৰিবলৈ থিৰাং কৰে। সেই মৰ্ম্মে বিভাগীয় কত্তৃপক্ষই সুদক্ষলোকৰ হতুৱাই গাঁত খান্দি গাঁতত পেলাই আৰু হাতীৰ ওপৰৰ পৰা ট্ৰেংকুলাইজাৰ প্ৰয়োগ কৰি ৩টা গঁড় উত্তৰ প্ৰদেশলৈ চালান দিয়ে। কাৰিকৰী বিজুতিৰ বাবে এটা গঁড়ৰ মৃত্যু ঘটাত বৰ্তমান গঁড় স্থানান্তৰ কাৰ্য্য বন্ধ ৰখা হৈছে।

কিমান % পৰ্যটন আহে

গুৱাহাটীৰপৰা চন্দ্ৰপুৰ হৈ আহিলে এই অভয়াৰণ্য ৩৫ কি:মি: আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)ৰে সোণাপুৰ হৈ আহিলে ৫২ কি.মি. দূৰত্বত অৱস্থিত। দৰ্শনাৰ্থী সকলৰ থকা খোৱাৰ বাবে অসম চৰকাৰৰ পৰ্যটন বিভাগৰ অধীনৰ ৪টা কোঠা যুক্ত "'মায়ং অতিথিশালা'" (Mayang Tourist Lodge under Tourism Department) আৰু বন বিভাগৰ অধীনৰ দুটা কোঠাৰ "'মায়ং পৰিদৰ্শন বঙলা'" (Forest Department Inspection Bungalow) আছে। পৰ্যটকৰ সুবিধাৰ বাবে অৰণ্য দৰ্শনৰ হেতু জীপ চাফাৰী আৰু হাতীৰ ব্যৱস্থা আছে। ইয়াৰ গৰঙা বিলৰ আশে-পাশে পিকনিকৰ বাবে অতি সুন্দৰ ঠাই আছে।৮

তথ্যসূত্ৰ

  1. ↑ www.assamtourism.org/wildlife.php আহৰণ কৰা তাৰিখ: ৬ জুলাই ২০১২ চন।
  2. ↑ দিপন চন্দ্ৰ নাথ/""পবিতৰা অভয়াৰণ্যৰ ইতিবৃত্ত"'/সপ্ত-সিন্ধু প্ৰকাশন, মৰিগাঁও
  3. ↑ +92.054615&num=1&vpsrc=0&ie=UTF8&t=m&z=13&iwloc=A গুগল মেপত পবিতৰাৰ স্থানাংক আৰু ((মানচিত্ৰ)). আহৰণ কৰা তাৰিখ: ০৩-০৭-২০১২
  4. ↑ Govt. Notification No/4Settlement/542/65/54 Memo No
  5. ↑ www.assamtourism.org/wildlife.php আহৰণ কৰা তাৰিখ: ০৩-০৭-২০১২
  6. ↑ দিপন চন্দ্ৰ নাথ/""পবিতৰা অভয়াৰণ্যৰ ইতিবৃত্ত"'/সপ্ত-সিন্ধু প্ৰকাশন, মৰিগাঁও
  7. ↑ 93 rhinos now in Pobitora. The Telegraph, March 12, 2012 আহৰণ কৰা তাৰিখ: ০৩-০৭-২০১২
  8. ↑ www.assamtourism.org/wildlife.php:আহৰণ কৰা তাৰিখ: ৬ জুলাই ২০১২ চন।

সম্পৰ্কিত শ্ৰেণী

অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পবিতৰা অভয়াৰণ্য” প্ৰবন্ধৰ সংশোধন ৫০৭১২৯ (৯ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।