অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

উত্তৰ-পূব ভাৰত

উত্তৰ-পূব ভাৰত বুলিলে ভাৰতৰ একেবাৰে পূবদিশত থকা সাতভনী ৰাজ্যসমূহ, ছিক্কিম আৰু উত্তৰ বংগৰ কিছু অংশক (দাৰ্জিলিং, জলপাইগুৰি আৰু কোচবিহাৰ জিলা) বুজোৱা হয়। গোষ্ঠীগতভাৱে এই অংশ ভাৰতৰ আন ঠাইতকৈ পৃথক।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ৩৩২ শব্দ · ২ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ
১৯৫০ চনত অসম ৰাজ্যৰ মানচিত্ৰ
১৯৫০ চনত অসম ৰাজ্যৰ মানচিত্ৰছবি: Porikolpok · Public domain

উত্তৰ-পূব ভাৰত বুলিলে ভাৰতৰ একেবাৰে পূবদিশত থকা সাতভনী ৰাজ্যসমূহ, ছিক্কিম আৰু উত্তৰ বংগৰ কিছু অংশক (দাৰ্জিলিং, জলপাইগুৰি আৰু কোচ বিহাৰ ৰাজ্য জিলা) বুজোৱা হয়। গোষ্ঠীগতভাৱে এই অংশ ভাৰতৰ আন ঠাইতকৈ পৃথক। পূব এছিয়া আৰু দক্ষিণ-পূব এছিয়াৰ লগত ইয়াৰ জাতিগত আৰু সাংস্কৃতিক মিল আছে, আৰু সংস্কৃতকৰণৰ পৰা আঁতৰত থকা কুকি বা অন্যান্য কিছুমান জনগোষ্ঠীও দেখিবলৈ পোৱা যায়। ভাষাতাত্ত্বিক দিশৰ পৰা এই অঞ্চলত তিব্বতীয়-বাৰ্মীয় ভাষাৰ প্ৰভাৱ দেখা যায়। এই আঠখন ৰাজ্যক অধিকাৰিকভাৱে এটা সুকীয়া শ্ৰেণীৰ স্বীকৃতি দিয়া হৈছে: উত্তৰ পূব পৰিষদ (North Eastern Council-NEC)১ ১৯৭১ চনত উত্তৰ-পূৰ্বাঞ্চলৰ আৰ্থিক আৰু সামাজিক উন্নয়নৰ বাবে গঠন কৰা হয়; North Eastern Development Finance Corporation Ltd (NEDFi)২ গঠন কৰা হয় ১৯৯৫ চনৰ ৯ আগষ্টত, আৰু ২০০১ চনৰ চেপ্টেম্বৰত Ministry of Development of Northeastern Region (DoNER)৩৪ গঠন কৰা হয়।

উত্তৰ-পূবৰ ৰাজ্যসমূহৰ ভিতৰত ছিক্কিমে ১৯৪৭ চনত ভাৰতৰ অধীনস্থ ৰাজ্য আৰু ১৯৭৫ চনৰ পূৰ্ণাঙ্গ ৰাজ্যৰ স্বীকৃতি পায়। ২১-৪০ কি:মি: গড় প্ৰস্থতাৰ পশ্চিমবংগৰ শিলিগুৰি ক'ৰিডৰে উত্তৰ পূৰ্বাঞ্চলক ভাৰতৰ আন ঠাইৰ লগত সংযোগ কৰিছে। উত্তৰ পূৰ্বাঞ্চলৰক ২০০০তকৈও অধিক কি:মি: দৈৰ্ঘ্যৰ সীমাই আন দেশ যেনে- নেপাল, চীন, ভূটান, ম্যানমাৰ আৰু বাংলাদেশৰ পৰা পৃথক কৰিছে। উত্তৰ-পূব ভাৰত আঠখন ৰাজ্যৰে গঠিত: অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰা; এইবোৰক সাধাৰণতে "সাতভনী" বুলি জনা যায়, আৰু "ভাই" ৰাজ্য ছিক্কিম। এই অঞ্চলৰ পৰ্যটন ভাৰতৰ বাকী অংশতকৈ পৃথক অনন্য হিমালয়ৰ ভূ-প্ৰকৃতি আৰু সংস্কৃতিক কেন্দ্ৰ কৰি গঢ় লৈ উঠিছে।৫

উত্তৰ-পূব ভাৰতৰ সাতভনী ৰাজ্যসমূহ
উত্তৰ-পূব ভাৰতৰ সাতভনী ৰাজ্যসমূহছবি: File:SevenSisterStates.svg: Furfur Translated into Assamese by দিব্য দত্ত · CC BY-SA 4.0

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ North East Council
  2. ↑ North Eastern Development Finance Corporation Ltd.
  3. ↑ Ministry of Development of Northeastern Region
  4. ↑ Ministry of Development of Northeastern Region আৰ্কাইভ কপি from Northeast Vigil
  5. ↑ North East Tourism

সম্পৰ্কিত শ্ৰেণী

উত্তৰ পূব ভাৰতভাৰতৰ অঞ্চলসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উত্তৰ-পূব ভাৰত” প্ৰবন্ধৰ সংশোধন ৬৩৯৪৯১ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।