অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

জ্যোতি ভাৰতী

জ্যোতি ভাৰতী বা পকী হ'ল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পিতৃগৃহ। মহাত্মা গান্ধী, মতিলাল নেহৰু, জৱাহৰলাল নেহৰুকে আদি কৰি বহুকেইজন বিশিষ্ট স্বাধীনতা সংগ্ৰামীয়ে জ্যোতি ভাৰতীত পদাৰ্পণ কৰিছিল। এই 'পকী' বা জ্যোতি ভাৰতীৰ স্থাপত্য আৰু নিৰ্মাণশৈলী ৰাজস্থানী আৰু আহোম যুগৰ শৈলীৰ সংমিশ্ৰণত গঢ়ি উঠিছে।

হালনাগাদ: ২০ আগষ্ট ২০১৩ ১৮৮ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

জ্যোতি ভাৰতী বা পকী হ'ল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পিতৃগৃহ। মোহনদাস কৰমচান্দ গান্ধী, মতিলাল নেহৰু, জৱাহৰলাল নেহৰুকে আদি কৰি বহুকেইজন বিশিষ্ট স্বাধীনতা সংগ্ৰামীয়ে জ্যোতি ভাৰতীত পদাৰ্পণ কৰিছিল। এই 'পকী' বা জ্যোতি ভাৰতীৰ স্থাপত্য আৰু নিৰ্মাণশৈলী ৰাজস্থানী আৰু টাই-আহোম জনগোষ্ঠী যুগৰ শৈলীৰ সংমিশ্ৰণত গঢ়ি উঠিছে। ইয়াতেই প্ৰথম অসমৰ চলচ্চিত্ৰ 'জয়মতী'ৰ আখৰা হৈছিল।

ইতিহাস

১৮৭৮ চনত তেওঁৰ ককাদেউতাক হৰবিলাস আগৰৱালাই নিৰ্মাণ কৰা ঘৰটোৰ নাম পূৰ্বতে আছিল 'জ্যোতি ভাৰতী'। সেই সময়ত তেজপুৰত একমাত্ৰ পকী ব্যক্তিগত বাসভৱন আছিল বাবেই এই ঘৰটোক 'পকী' নামেৰে জনা গৈছিল। ইয়াতে ১৯৫১ চনৰ ১৭ জানুৱাৰীত জ্যোতি প্ৰসাদ আগৰৱালাই শেষ নিশ্বাস ত্যাগ কৰিছিল। ১৯৭৭ চনৰ ১৭ জানুৱাৰীত জ্যোতি প্ৰসাদ আগৰৱালাৰ মৃত্যু দিৱসৰ দিনটোত অসম চৰকাৰে 'পকী' অধিগ্ৰহন কৰে। পৰৱৰ্তী সময়ত 'পকী'ক ব্যক্তিগত বাসভৱনৰ সলনি জ্যোতিভাৰতী নামেৰে এক সাংস্কৃতিক কেন্দ্ৰলৈ ৰূপান্তৰিত কৰা হয়। চৰকাৰে আগৰৱালা পৰিয়ালক ৪ (চাৰি) লাখ টকা দি জ্যোতি ভাৰতীক চৰকাৰীকৰণ কৰে।

জ্যোতি ভাৰতীৰ সন্মূখৰ দৃশ্য
জ্যোতি ভাৰতীৰ সন্মূখৰ দৃশ্যছবি: Bishnu Saikia · CC BY-SA 3.0

পকীত থকা বিভিন্ন সামগ্ৰী

ইয়াত জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীতৰ গ্ৰামোফোন ৰেকৰ্ড, তেওঁৰ হাতৰ আখৰ থকা কাগজ, বিভিন্ন তথ্য-পাতি, শোৱা পালেং আদি সংৰক্ষণ কৰি ৰখা হৈছে। জ্যোতি ভাৰতীৰ যাদুঘৰত শৈশৱৰ বিষ্ণুপ্ৰসাদ ৰাভাৰ ফটো (ঢাকাত থাকোঁতে), নটসূৰ্য ফণী শৰ্মা, নৃত্যশিল্পী শোণিত কোঁৱৰ গজেন বৰুৱা, গীত ৰচি থকা অৱস্থাত বিষ্ণু প্ৰসাদ ৰাভাৰ ফটো, ৰূপকোঁৱৰৰ মাতৃ কিৰণময়ী আগৰৱালাৰ গহনা থোৱা যতন, জ্যোতি প্ৰসাদৰ অৰ্গেন আদি সংৰক্ষিত হৈ আছে।১

তথ্যসূত্ৰ

  1. ↑ বিশ্ব ঐতিহ্য, শান্তনু কৌশিক বৰুৱা

সম্পৰ্কিত শ্ৰেণী

শোণিতপুৰ জিলাৰ পৰ্যটনস্থলীতেজপুৰঅসমৰ সংগ্ৰহালয়

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জ্যোতি ভাৰতী” প্ৰবন্ধৰ সংশোধন ১২৭৩৪৩ (২০ আগষ্ট ২০১৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।