অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

মাইবং

মাইবং (IPA: ˌmɑɪˈbɒŋg) (Maibang) অসমৰ ডিমা হাছাও জিলাৰ অন্তৰ্ভুক্ত এখন ঠাই৷ মাইবঙৰ নামটো ডিমাছা ভাষাৰ দুটা শব্দ 'MAI' আৰু 'BANG' মিলি হোৱা বুলি জনা যায়, যাৰ অৰ্থ হ'ল 'যথেষ্ট খাদ্য' (Mai ৰ অৰ্থ খাদ্য আৰু 'Bang' ৰ অৰ্থ যথেষ্ট) ৷

হালনাগাদ: ৫ অক্টোবৰ ২০২৩ ১৮৯ শব্দ · ১ মিনিট সংগৃহীত ৫৪
সংশোধনৰ পৰামৰ্শ

মাইবং (IPA: ˌmɑɪˈbɒŋg) (Maibang) অসমৰ ডিমা হাছাও জিলাৰ অন্তৰ্ভুক্ত এখন ঠাই৷ মাইবঙৰ নামটো ডিমাছা ভাষাৰ দুটা শব্দ 'MAI' আৰু 'BANG' মিলি হোৱা বুলি জনা যায়, যাৰ অৰ্থ হ'ল 'যথেষ্ট খাদ্য' (Mai ৰ অৰ্থ খাদ্য আৰু 'Bang' ৰ অৰ্থ যথেষ্ট) ৷

ইতিহাস

মাইবং ১৬ আৰু ১৮ শতিকাত ডিমাচা ৰাজত্বৰ সময়ত ৰাজধানী আছিল বুলি জনা যায়৷ এই সময়ৰ বিভিন্ন ধ্বংসাৱশেষ এতিয়াও মাইবঙৰ বিভিন্ন অঞ্চলত দেখিবলৈ পোৱা যায়৷

ভৌগোলিক বিৱৰণ

মাইবং ভৌগোলিকভাৱে ত অৱস্থিত৷১ এই অঞ্চলৰ সাগৰৰ পৰা গড় উচ্চতা ৩৫৫ মিটাৰ (১১৬৪ ফুট)৷

মাইবং চহৰখন মাহুৰ নৈৰ পাৰত এটা পৰ্বতীয়া অঞ্চলত অৱস্থিত৷ এই টাউনখন প্ৰায় দহ বৰ্গ কিলোমিটাৰ জুৰি বিস্তৃত হৈ আছে৷

আন্ত:গাঁথনি

২০১১ চনৰ লোকপিয়ল অনুসৰি, মাইবঙৰ মুঠ জনসংখ্যা ৭৭৩৮ জন৷২ মাইবঙৰ গড় সাক্ষৰতাৰ হাৰ ৭২% ৷ ইয়াৰ ভিতৰত পুৰুষ আৰু মহিলাৰ পৃথকভাৱে গড় সাক্ষৰতাৰ হাৰ হ'ল ৪৩% আৰু ১৯% ৷

ৰেলপথ

ৰে'লৰ নামৰে'লৰ নম্বৰপৰালৈপ্ৰত্যাৱৰ্ত্তনগমন (Departure)
কাছাৰ এক্সপ্ৰেছ১৫৬৯১লামডিংশিলচৰ10:29 PM10:39 PM
কাছাৰ এক্সপ্ৰেছ১৫৬৯২শিলচৰলামডিং04:0904:19
বৰাক ভেলী এক্সপ্ৰেছ১৫৬৯৩লামডিংধৰ্মনগৰ06:4806:58
বৰাক ভেলী এক্সপ্ৰেছ১৫৬৯৪ধৰ্মনগৰলামডিং18:4918:59
আগৰতলা এক্সপ্ৰেছ১৫৬৯৫লামডিংআগৰতলা23:3423:44
আগৰতলা এক্সপ্ৰেছ.১৫৬৯৬আগৰতলালামডিং07:4607:56
হিল কুইন এক্সপ্ৰেছ০৫৬৯৭লামডিংহাফলং11:4111:51
হিল কুইন এক্সপ্ৰেছ০৫৬৯৮হাফলংলামডিং15:1015:20

শিক্ষা

মাইবঙত ভালসংখ্যক শিক্ষা প্ৰতিষ্ঠান আছে৷ ইয়াৰে ভিতৰত উল্লেখযোগ্য হ'ল-

বিদ্যালয়-

  • মাইবং উচ্চতৰ মাধ্যমিক বিদ্যালয়
  • এভাৰ গ্ৰীণ উচ্চ মাধ্যমিক বিদ্যালয়
  • প্ৰণবানন্দ বিদ্যা মন্দিৰ উচ্চ মাধ্যমিক বিদ্যালয়
  • মাইবং উচ্চ মাধ্যমিক বিদ্যালয়
  • চেইণ্ট জেভিয়াৰছ স্কুল
  • কালাচান্দ উচ্চ মাধ্যমিক বিদ্যালয়
  • নেৰিং হিন্দী একাডেমী
  • চেইঞ্জা ভেলী বিদ্যালয়
  • মাইবং চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়

মহাবিদ্যালয়-

  • মাইবং মহাবিদ্যালয়

উল্লেখযোগ্য ঠাই

  • ৰাসবাৰী: কচাৰী ৰাজত্বৰ ধ্বংসাৱশেষ পোৱা যায়
  • এক পথ্থৰ ঘৰ: পৌৰাণিক মন্দিৰ
  • মাইবং জলপ্ৰপাত

তথ্যসূত্ৰ

  1. ↑ Falling Rain Genomics, Inc - Maibang
  2. ↑ Population Finder. Censusindia.gov.in

সম্পৰ্কিত শ্ৰেণী

অসমৰ নগৰ-মহানগৰডিমা হাছাও জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাইবং” প্ৰবন্ধৰ সংশোধন ৩৮৫৬৯০ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।