অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

শিৱসাগৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকা

শিৱসাগৰ জিলা ভাৰতৰ অসম ৰাজ্যৰ এখন প্ৰশাসনিক জিলা। ঐতিহাসিকভাবে এখন অতি গুৰুত্বপূৰ্ণ জিলা। ছশ বছৰীয়া আহোম ৰাজবংশৰ বহু উত্থান-পতনৰ সাক্ষী এই শিৱসাগৰ। সমগ্ৰ জিলাখনতে আহোমৰ শাসনকালৰ অলেখ স্থাপত্য,ভাস্কৰ্য, মৈদাম, পুখুৰী, গড়, আলিবাট আদি সিঁচৰতি হৈ আছে। আহোম শাসনৰ প্ৰশাসনীয় কেন্দ্ৰ আছিল ৰংপুৰ নগৰ।

হালনাগাদ: ২৬ ছেপ্তেম্বৰ ২০২৬ ৪০১ শব্দ · ২ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

শিৱসাগৰ জিলা ভাৰতৰ অসম ৰাজ্যৰ এখন প্ৰশাসনিক জিলা। ঐতিহাসিকভাবে এখন অতি গুৰুত্বপূৰ্ণ জিলা। ছশ বছৰীয়া আহোম ৰাজবংশৰ বহু উত্থান-পতনৰ সাক্ষী এই শিৱসাগৰ। সমগ্ৰ জিলাখনতে আহোমৰ শাসনকালৰ অলেখ স্থাপত্য,ভাস্কৰ্য, মৈদাম, পুখুৰী, গড়, আলিবাট আদি সিঁচৰতি হৈ আছে। আহোম শাসনৰ প্ৰশাসনীয় কেন্দ্ৰ আছিল ৰংপুৰ নগৰ। কাৰেংঘৰক কেন্দ্ৰ কৰি চৌপাশৰ অঞ্চলটোৱে আছিল তাহানিৰ ৰংপুৰ। বৃটিছসকল আহি প্ৰথমে শিৱসাগৰ পুখুৰীৰ আশে-পাশে এই অঞ্চলৰ প্ৰশাসনীয় কেন্দ্ৰ স্থাপন কৰিছিল। তেনেকৈয়ে কলঞ্চুপাৰ বুলি জনাজাত ঠাইখন লাহে লাহে শিৱসাগৰ নামেৰে পৰিচিত হয়।

ঐতিহাসিক পৰ্যটনস্থল

কাৰেংঘৰ কাৰেংঘৰ টাই-আহোম জনগোষ্ঠী চাওফাসকলৰ দ্বাৰা নিৰ্মিত এটা পিৰামিড আকৃতিৰ ৰাজমহল। অসমৰ শিৱসাগৰ চহৰৰ পৰা ১৫ কিলোমিটাৰ পূবৰ গড়গাঁৱত অৱস্থিত।১ ১৫৪০ চনত স্বৰ্গদেউ চুক্লেংমুঙে এই ঘৰটোৰ নিৰ্মাণ আৰম্ভ কৰিছিল।২ তাৰ পাছত চুণেণফাই ইয়াক ইটাৰে নিৰ্মাণ কৰে। ১৭৫২ চনত কাৰেংঘৰটো বেয়াকৈ ক্ষতি হয়। সেয়ে আহোম স্বৰ্গদেউ চুৰেম্‌ফাই ইয়াক পুনৰ নিৰ্মাণ কৰায়।১৩

কাৰেংঘৰ বা তলাতল ঘৰ তলাতল ঘৰ শিৱসাগৰৰ মূল কেন্দ্ৰৰ পৰা মাত্ৰ ৩ কিঃমিঃ দূৰৈৰ ৰংপুৰত অৱস্থিত। ই টাই-আহোম জনগোষ্ঠী চাওফাসকলৰ দ্বাৰা নিৰ্মিত এটা ৰাজমহল। তলাতল ঘৰ আহোম ৰাজ্যৰ স্মৃতিচিহ্নসমূহৰ ভিতৰত আকাৰত আটাইতকৈ ডাঙৰ।৪ প্ৰসাদটো সাতমহলীয়া; চাৰিটা মহল মাটিৰ ওপৰত আৰু তিনিটা মহল মাটিৰ তলত আছে।৫৬ বৰ্তমানৰ কেইবামহলীয়া তলাতল ঘৰটো স্বৰ্গদেউ চুৰেম্‌ফাৰ শাসনকালত ১৭৫১-১৭৬৯ চনৰ ভিতৰত সাজি উলিওৱা হৈছিল।৭৮ তেৱেঁই মাটিৰ তলত তলাতল ঘৰ নামৰ তিনিটা মহল যোগ দিয়ে। ইয়াৰ স্থাপত্যৰ সমসাময়িক মোগল সাম্ৰাজ্যসকলৰ মিল আছে।৪ তলাতল ঘৰত মাটিৰ তলত দুটা গোপন সুৰংগ আছিল। তাৰে এটাৰ দৈৰ্ঘ্য আছিল প্ৰায় ৩ কিলোমিটাৰ যি দিখৌ নৈৰ লগত সংযোগী আছিল। প্ৰায় ১৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ আনটো সুৰংগ‍ই তলাতল ঘৰক কাৰেংঘৰৰ লগত সংযোগ কৰিছিল। শত্ৰুৰ আক্ৰমণত আত্মগোপন কৰাৰ বাবেএইকেইটা নিৰ্মাণ কৰা হৈছিল।৯

ৰংঘৰ ৰংঘৰ হ'ল এটা দুমহলীয়া ঐতিহাসিক পকী গৃহ, যাক আহোম শাসনকালত পেভেলিয়ন ৰূপে ব্যৱহাৰ কৰা হৈছিল।১ শিৱসাগৰ চহৰৰ পৰা মাত্ৰ ৩ কিলোমিটাৰ মান আঁতৰত এই গৃহটো অৱস্থিত। ইয়াৰ পৰাই এসময়ত ৰাজ-পৰিয়াল আৰু বিশিষ্ট ৰাজবিষয়াসকলে বিশেষকৈ ৰঙালী বিহুৰ সময়ত অনুষ্ঠিত হোৱা ম'হ যুঁজ, শেন যুঁজকে প্ৰমুখ্য কৰি অন্যান্য বিনোদনমূলক কাৰ্যসূচী উপভোগ কৰিছিল। ৰংঘৰ এছিয়াৰ প্ৰথমটো পেভিলিয়ন হিচাপে প্ৰখ্যাত।১১০ এই গৃহটো আহোম সাম্ৰাজ্যৰ অন্যতম ৰাজধানী ৰংপুৰৰ ৰূপহী পথাৰত ১৭৪৬ চনত স্বৰ্গদেও প্ৰমত্ত সিংহৰ ৰাজত্ব কালত নিৰ্মাণ কৰা হৈছিল।১১ ই তলাতল ঘৰৰ উত্তৰে, জয়সাগৰৰ পশ্চিমে, অসম ট্ৰাঙ্ক ৰোডৰ দাঁতিত অৱস্থিত।

নামদাঙৰ শিলৰ সাঁকো নামদাঙৰ শিলৰ সাঁকো অসমৰ এখন বুৰঞ্জীপ্ৰসিদ্ধ দলং। এই দলংখন দলংখন শিৱসাগৰ জিলাৰ দিখৌ নদীনৈৰ উপনৈ নামদাং নদীৰ ওপৰত অৱস্থিত। এই দলংখন ১৭০৩ চনত টাই-আহোম জনগোষ্ঠী ৰজা চুখ্ৰংফাৰ দিনত বংগদেশৰ কাৰিকৰৰ হতুৱাই সজোৱা হৈছিল।১২১৩ পিছত তাৰপৰা এইখন কঢ়িয়াই ইয়ালৈ আনি স্থাপন কৰা হৈছিল। দলংখন ৬০ মিটাৰ দীঘল, ৬.৫ মিটাৰ বহল আৰু ১.৭ মিটাৰ ওখ। ইয়াৰ প্ৰধান বিশেষত্ব হ’ল – দলংখন এটা মাথোঁ শিলকেই কাটি কাটি তৈয়াৰ কৰা হৈছিল।১৩১৪ বৰ্তমানৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত) ইয়াৰ ওপৰেৰে গৈছে।১৪ আহোম ৰজাৰ দিনত তৈয়াৰ কৰা বিভিন্ন স্থাপত্য-ভাস্কৰ্য্যৰ ভিতৰত এই সাঁকো উল্লেখযোগ্য।

চৰাইদেউৰ মৈদাম বা চৰাইদেও সোণাৰি নগৰৰ পৰা প্ৰায় ২০ কিঃমিঃ দূৰত অৱস্থিত। এসময়ৰ আহোম ৰাজপৰিয়াল আৰু উচ্চ পদস্থ ৰাজ-বিষয়াসকলৰ সমাধিস্থলী। মাটিৰে নিৰ্মিত পিৰামিড সদৃশ বহু মৈদাম আজিও অক্ষত অৱস্থাত আছে। মৈদামৰ অভ্যন্তৰত থকা ধন-সোণবোৰ বৃটিছসকলে খান্দি উলিয়াই লৈ গৈছিল বুলি কোৱা হয়।

আজান পীৰৰ দৰগাহ শৰাগুৰি চাপৰিত এই দৰগাহ অৱস্থিত। শিৱসাগৰৰ পৰা ২২ কিঃমিঃ দূৰত্বত। সুদূৰ পাৰস্যৰ পৰা অহা সন্ত জিকিৰ আৰু জাৰিৰ স্ৰষ্টা আজানপীৰৰ সমাধিস্থলী। সকলো ধৰ্মৰ লোকে ইয়াত শ্ৰদ্ধা জনায়।

গোলাঘৰ বা খাৰঘৰ গোলাঘৰ হৈছে শিৱসাগৰ নগৰৰ ভিতৰত থকা অন্যান্য পুৰণি কীৰ্ত্তি চিহ্ন সমূহৰ ভিতৰত এটা উল্লেখযোগ্য ইটাৰ ঘৰ।১৫ ইয়াতে ৰজাঘৰীয়া খাৰ-বাৰুদ, অস্ত্ৰ-শস্ত্ৰ, বন্দুক-বৰটোপ আদি মজুত কৰি ৰখা হৈছিল। ১৭০৪ শকত স্বৰ্গদেও চুখ্ৰংফাই এই ঘৰটো নিৰ্মাণ কৰাইছিল।১৫ এই খাৰঘৰটো বৰ্তমানেও অক্ষত অৱস্থাতেই আছে।

দ’লসমূহ

মূল প্ৰবন্ধ: শিৱসাগৰ জিলাৰ দৌল দেৱালয় সমূহ'শিৱদৌল' শিৱদৌল শিৱসাগৰ নগৰৰ শিৱসাগৰ পুখুৰীৰ (বৰপুখুৰী) পাৰত অৱস্থিত। স্বৰ্গদেউ চুতণফাই প্ৰথমা ৰাণী বৰৰজা ফুলেশ্বৰী কুঁৱৰীৰ মৃত্যুৰ পাছত তেওঁৰে বিবাহিতা ভনীয়েক দ্ৰৌপদীক বিবাহ কৰাই অম্বিকা কুঁৱৰীবা মদাম্বিকা নাম দি বৰৰজা পাতিছিল। এইগৰাকী কুঁৱৰীৰ নিৰ্দেশক্ৰমেই ১৭৩১ খৃঃত সোণৰ ক'লচীৰে সৈতে শিৱদৌল, দেৱীদৌল আৰু বিষ্ণু দৌল নিৰ্মাণ কৰাৰ লগতে শিৱসাগৰ পুখুৰী খন্দোৱা হৈছিল। এই দৌল ভাৰতত আটাইবোৰ ঐতিহাসিক মন্দিৰৰ ভিতৰত ওখ। কৰ্দৈশিৰীয়া এই দৌলৰ উচ্চতা ১২০ হাত আৰু দৌলটিৰ ওপৰত থকা কলচীৰ উচ্চতা ৭.৫ ফুট। ১৯৫০ চনৰ ভূমিকম্পত কলচীটো খহি পৰিছিল যদিও ইয়াক আগৰ স্থানত স্থাপন কৰা হয়।

জয় দৌল ল'ৰাৰজাৰ চাউদাঙৰ হাতত নৃশংসভাবে মৃত্যুবৰণ কৰা মাতৃ জয়মতী কুঁৱৰীৰ স্মৃতিত চুখ্ৰংফাই জয়সাগৰ পুখুৰী আৰু জয়দৌল নিৰ্মাণ কৰে।

ৰুদ্ৰদৌল পিতৃ চুখ্ৰংফাৰ স্মৃতিত ১৭৭৩ চনত ৰজা লক্ষ্মীসিংহই ৰুদ্ৰসাগৰ পুখুৰী আৰু তাৰ পাৰত ৰুদ্ৰদৌল নিৰ্মাণ কৰে। ইয়ালৈ শিৱসাগৰ নগৰৰ পৰা দূৰত্ব প্ৰায় ৪ কিঃমিঃ।

গৌৰীদৌল বৰৰজা ফুলেশ্বৰী কুঁৱৰীয়ে এটি পুখুৰী খন্দাই তাৰ পাৰতে এই দৌলটো নিৰ্মাণ কৰে। শিৱসাগৰ নগৰৰ পৰা ১২ কিঃমিঃ দূৰত্বৰ গৌৰীসাগৰত গৌৰীদৌল অৱস্থিত।

অন্যান্য দ'ল

  • ঘণশ্যাম দ’ল, জয়সাগৰ
  • ফাকুৱা দ’ল, জয়সাগৰ
  • ৰংনাথ শিৱদ’ল
  • ৰূদ্ৰেশ্বৰ দ’ল
  • থাওৰা দ’ল
  • নামতি দ’ল (বিষ্ণু দেৱী দ’ল)
  • বৰপাত্ৰ দ’ল, পুখুৰী

ঐতিহাসিক পুখুৰী

শিৱসাগৰ পুখুৰী

]]

স্বৰ্গদেও শিৱসিংহৰ ৰাজত্ব কালত তেওৰ দ্বিতীয় গৰাকী কুৱৰীয়ে বৰৰজাৰ ৰাজদণ্ড হাতত লৈ সাগৰ সদৃশ শিৱসাগৰ পুখুৰী খন্দোৱাৰ কাৰ্য আৰম্ভ কৰিছিল। ১৬৫৫ শকৰ ১৮ জেঠত খনন আৰম্ভ হোৱা এই পুখুৰীৰ খনন সম্পূৰ্ণ হৈছিল একেটা বৰ্ষৰ ৬ বহাগত। পুখুৰীটোৰ সম্পূৰ্ণ মাটিকালি ১৯৪ পুৰা ২ বিঘা ২ কঠা ৬ লেচা। পুখুৰীটো আয়তকাৰ। গভীৰতা ২০ কিউবিক। চাং ৰুং ফুকনৰ বুৰঞ্জীমতে পুখুৰীটো দীঘে ২৯৭ বেও আৰু পথালিয়ে ১৮০ বেও।

জয়সাগৰ পুখুৰী জয়সাগৰ পুখুৰী হৈছে ভাৰতৰ ভিতৰত মানুহে খান্দি উলিওৱা আটাইতকৈ ডাঙৰ পুখুৰী। এই পুখুৰীটোৱে চাৰিওটা পাৰৰ সৈতে মুঠ ৩১৮ একৰ মাটি আগুৰি আছে। ইয়াৰে ১৫৫ একৰ এলেকা পৰিষ্কাৰ পানীৰে ভৰি আছে। ইয়াৰ পৰা ৰংপুৰৰ কাৰেংঘৰ (তলাতল ঘৰ)লৈ earthen water pipeline দ্বাৰা পানী যোগান ধৰা হৈছিল। ইয়াৰ দৈৰ্ঘ্য প্ৰায় ২কিঃমিঃ মান আছিল।১৬

গৌৰীসাগৰ পুখুৰী গৌৰীসাগৰ পুখুৰীটো ৰাণী ফুলেশ্বৰী দেৱীয়ে (১৭২২-১৭৯১) খন্দোৱাই দুৰ্গা দেৱীৰ নামত উচ্ছৰ্গা কৰিছিল। ই প্ৰায় ১৫০ একৰ মাটি আগুৰি আছে। এই পুখুৰীৰ পাৰতে দেৱীদ’ল, শিৱদ’ল আৰু বিষ্ণুদ’ল নিৰ্মাণ কৰা হৈছিল। শিৱসাগৰ নগৰৰ পৰা গৌৰীসাগৰ পুখুৰীলৈ দূৰত্ব প্ৰায় ১২ কিঃমিঃ।১৬

ৰুদ্ৰসাগৰ পুখুৰী স্বৰ্গদেউ লক্ষ্মীসিংহই নিজৰ পিতৃ চুখ্ৰংফাৰ স্মৃতিত এই পুখুৰীটো খন্দাইছিল।১৬

অন্যান্য পুখুৰীসমূহ

*সেন্দূৰী পুখুৰী *ভোগদৈ পুখুৰী *জহাখাতৰ পুখুৰী *ফুলচেংপুখুৰী *মনখাম পুখুৰী *গাভৰু পুখুৰী *আইদেউ পুখুৰী *খাৰঘৰীয়া ফুকনৰ পুখুৰী *ঘোঁৰাচোৱাপুখুৰী *মনাদৈ পুখুৰী *আচুঁবুলীয়া পুখুৰী *তাওকাকৰ পুখুৰী *অঠাইসাগৰ পুখুৰী *সোণাৰি পুখুৰী *বৰপাত্ৰ পুখুৰী *পেহী পুখুৰী *জয়সাগৰ পুখুৰী *গোঁহাই কুঁৱৰী পুখুৰী *শিল পুখুৰী

অন্যান্য

টাই সংগ্ৰহালয় শিৱসাগৰ পুখুৰীৰ পাৰত এই সংগ্ৰহালয় স্থাপন কৰা হৈছে। ইয়াত আহোম শাসনকালৰ বহুতো সামগ্ৰী সংৰক্ষণ কৰা হৈছে। এই সংগ্ৰাহলয়ত আহোম সকলৰ সংস্কৃতি আৰু পৰম্পৰা সমূহক সামৰি লোৱা হৈছে। ইয়াৰ ভিতৰত টাই সকলৰ সাজপাৰ, বাচন-বৰ্তন, আ-অলংকাৰ, পাৰম্পৰিক মাছ ধৰা সঁজুলি, নানা বাদ্যযন্ত্ৰ আদি উল্লেখযোগ্য।১৭

দিচাংমুখ শিৱসাগৰ নগৰৰ সমীপৰ দিচাংমুখ ইয়াৰ অপৰূপ প্ৰাকৃতিক সৌন্দয্যৰ বাবে বিখ্যাত।

লগতে চাওক

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Kareng Ghar - onlinesivasagar.com. Abhijit Borah. onlinesivasagar.com
  2. ↑ Assam Monuments and Museums - Gargaon Palace. mapsofindia.com
  3. ↑ (২০১৩). Kareng Ghar, Gargaon. Assam Online Portal
  4. ↑ Talatal Ghar (Kareng Ghar of Rangpur). OnlineSivasagar.com
  5. ↑ Gogoi 1999-2000, পৃ. 27
  6. ↑ Archaeological Survey Report 1902-3
  7. ↑ Nath 2005, পৃ. 72
  8. ↑ Kareng Ghar. indiamapped.com
  9. ↑ Nath 2005, পৃ. 72
  10. ↑ Kongkon K Bora. (September 15, 2011). Rangghar: the oldest amphitheatre in Asia. assamtribune.com. assam tribune
  11. ↑ Assam Monuments and Museums - Rang Ghar. mapsofindia.com
  12. ↑ namdang-stone-bridge. assaminfo.com
  13. ↑ Namdang Stone Bridge. Maps Of India
  14. ↑ Sajnani, Manohar. Encyclopaedia of tourism resources in India. পৃ. 20
  15. ↑ প্ৰেম গগৈ. (২০০৭). শিৱসাগৰ (বুৰঞ্জীৰ টোকা). কলঞ্চু প্ৰকাশন, শিৱসাগৰ. পৃ. ১৩
  16. ↑ SIVASAGAR - Places to See. NIC, Sivasagar Unit & CIC Mathurapur. District Administration, Sivasagar (Assam)
  17. ↑ Tai Ahom Museum. Celebrateindia

সম্পৰ্কিত শ্ৰেণী

শিৱসাগৰ জিলাৰ পৰ্যটনস্থলীঅসমৰ পৰ্যটনস্থলী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শিৱসাগৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকা” প্ৰবন্ধৰ সংশোধন ৬৩৮৬৩৫ (২৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।