যোৰহাট জিলা অসম ৰাজ্যৰ ৩২খন জিলাৰ ভিতৰত এখন। তলত যোৰহাট জিলাৰ কেইখনমান পৰ্যটনস্থলীৰ নাম যুগুতোৱা হ’ল।
ঐতিহাসিক পৰ্যটনস্থল
- যোৰহাট জিমখানা ক্লাব: ১৮৭৬ চনত চেকনীধৰা গাঁৱত ডি. স্লিমনৰ দ্বাৰা যোৰহাট জিমখানা ক্লাবটো স্থাপিত হৈছিল।১ স্থাপন হোৱা বছৰ ধৰি ইয়াত ঘোঁৰা দৌৰ অনুষ্ঠিত হৈ আহিছে য'ত বিজয়ীক "গ'ভাৰ্ণৰছ কাপ" প্ৰদান কৰা হয়।২ ইয়াত থকা 'নাইন হ'ল গ'ল্ফ ক'ৰ্ছ' এছিয়াৰ আটাইতকৈ পুৰণি গ'ল্ফ ক'ছ আৰু বিশ্বৰ ভিতৰত তৃতীয় সৰ্বোচ্চ পুৰণি। ইয়াত এতিয়া ল'ন টেনিছ গ্ৰাছ ক'ৰ্ট, চুইমিং পুল, বিলিয়াৰ্ডছ্, প'ল' আৰু চিনেমা থিয়েটাৰৰ সুবিধা আছে। ইয়াত ক্ৰিকেটৰ বাবে 'যোৰহাট জিমখানা খেলপথাৰ'ও আছে।১
- লাচিত বৰফুকনৰ মৈদাম: টাই-আহোম জনগোষ্ঠী সেনাপতি লাচিত বৰফুকনৰ মৈদাম। ১৬৭২ খ্ৰীষ্টাব্দত লাচিত বৰফুকনৰ নেতৃত্বত আহোমা সৈন্যই শৰাইঘাটৰ যুদ্ধত মোগল সাম্ৰাজ্যক পৰাস্ত কৰিছিল। মৈদামটো মেলেং-হোলোঙাপাৰৰ গোঁহাই গাঁৱত অৱস্থিত।
- বঙাল পুখুৰী: যোৰহাট নগৰৰ দক্ষিণফালে ন-আলিৰ কাষত অৱস্থিত।৩৪ ১৭৩৯ চনত বদন বৰফুকনে গা ধুবলৈ যাওঁতে ৰূপসিং বঙালে তেওঁক হত্যা কৰিছিল। তাৰ বাবে তেওঁ লাভ কৰা পুৰস্কাৰ ধনেৰে এই পুখুৰী খন্দোৱায়। মানুহ মাৰি পোৱা ধনেৰে নিৰ্মাণ কৰোৱা বাবে স্থানীয় ৰাইজে ইয়াৰ পানী ব্যৱহাৰ নকৰে।৩
- ৰাজমাও পুখুৰী: ১৮১৬ চনত স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহৰ মাতৃ নুমলী কুঁৱৰীয়ে তেতিয়াৰ আহোম ৰাজধানীৰ মাজভাগত এটি পুখুৰী নিৰ্মাণ কৰি ইয়াক ভগৱান বিষ্ণুৰ নামত সমৰ্পন কৰিছিল। পুখুৰীটো প্ৰথমে বিষ্ণুসাগৰ নামেৰে জনা গৈছিল যদিও পিছলৈ ই ৰাজমাও পুখুৰী নামেৰে জনপ্ৰিয় হয়। দহ বিঘা মাটি জুৰি থকা এই পুখুৰীৰ আশে-পাশে বহুখিনি মুকলি স্থান ৰখা হৈছিল। আহোম শাসনৰ সময়ত যোৰহাটত খন্দোৱা পুখুৰীসমূহৰ ভিতৰত এইটো আটাইতকৈ ডাঙৰ পুখুৰী।৫
- বিবুধি গড়: আহোম যুগত নিৰ্মিত এই গড়টোৰে মোৱামৰিয়া বিদ্ৰোহীসকলক বাধা দিয়াৰ চেষ্টা কৰা হৈছিল। আহোম ৰাজমন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোঁহাইৰ নেতৃত্বত ১৭৯১ চনত সজা গড়টো দেখি মোৱামৰীয়া সকলে পোনতে বিবুধি হৈছিল বাবে ইয়াৰ নাম বিবুধি গড় পৰে। বৰ্তমানে যোৰহাট নগৰৰ গড় আলি পূৰ্বৰ বিবুধি গড়ৰেই একাংশ।
- ৰজা মৈদাম: ১৮৯৪ চনৰ ১ অক্টোবৰত মৃত্যু হোৱা আহোম স্বৰ্গদেউ পুৰন্দৰ সিংহৰ সমাধিক্ষেত্ৰ। টোকোলাই নদীৰ দক্ষিণ পাৰে অৱস্থিত।
- চিন্তামণি গড়ৰ গম্বুজ: আহোম সাম্ৰাজ্যৰ ছুদৈফা পৰ্বতীয়া ৰজাৰ ৰাজমন্ত্ৰী আতন বুঢ়াগোহাঁইৰ নেতৃত্বত নিৰ্মিত চিন্তামণি গড় বা লাইমতী গড়ৰ টীয়কৰ সমীপবৰ্তী বনাই অঞ্চলত এক গম্বুজ নিৰ্মাণ কৰা হৈছিল। কোনো শত্ৰুৱে ৰাজ্য আক্ৰমণ কৰিলে গম্বুজৰ তলত জুই লগাই দি জুইৰ পৰা ওলোৱা ধোঁৱাৰ দ্বাৰা শত্ৰুৰ সংকেত দিয়া হৈছিল।
ধৰ্মীয় স্থান
- ঢেকীয়াখোৱা বৰনামঘৰ: অসমৰ যোৰহাট নগৰৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ পূবত ঢেকীয়াখোৱা বৰ নামঘৰ অৱস্থিত। ই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)ৰ পৰা প্ৰায় ৩.৫ কিঃমিঃ দূৰৰ ঢেকীয়াখোৱা গাঁৱত অৱস্থিত।৬ জনশ্ৰুতি অনুসৰি ১৪৬১ চনত মহাপুৰুষ মাধৱদেৱে এই নামঘৰ প্ৰতিষ্ঠা কৰিছিল।৬ মহাপুৰুষ মাধৱদেৱে এই স্থানতে এগছি বন্তি জ্বলাইছিল, যিগছি বন্তি সুদীৰ্ঘ চাৰে চাৰিশ বছৰ ধৰ্মপ্ৰাণ ৰাইজে জ্বলাই ৰাখিছে। এই বন্তি গছা এছিয়া বুক অফ ৰেকৰ্ডছ আৰু ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ-এ "দীৰ্ঘতম সময়ৰ বাবে প্ৰজ্বলিত বন্তি" বুলি স্বীকৃতি প্ৰদান কৰিছে।৭৮ নামঘৰটোৰ মুঠ মাটিকালি ১৩ বিঘা।৬ ভাদ মাহত ঢেকীয়াখোৱা বৰ নামঘৰ মৰ্ত্যৰ বৈকুণ্ঠপুৰীলৈ পৰিণত হয় বুলি লোকবিশ্বাস আছে। ভক্তসকলে নিজৰ মতে নামঘৰলৈ দান বৰঙনি আগবঢ়ায় আৰু পৰিচালনা সমিটিয়ে ইয়াক সামাজিক আৰু সাংস্কৃতিক উন্নতিৰ বাবে ব্যৱহাৰ কৰে। ই বৈষ্ণৱ ধৰ্ম আৰু অসমৰ মানুহৰ মাজত একতা বজাই ৰখাত সহায় কৰি আহিছে।

- বুঢ়ীগোঁসানী দেৱালয়: বুঢ়ীগোসানী দেৱালয় হৈছে যোৰহাট নগৰৰ মাজমজিয়াত গড় আলিৰ পূবে অৱস্থিত এক শাক্ত মন্দিৰ। ১৭০৮ চনত টাই-আহোম জনগোষ্ঠী স্বৰ্গদেউ চুখ্ৰংফাই জয়ন্তীয়া ৰাজ্যৰ পৰা গোসানীৰ বিগ্ৰহ আনি গড়গাঁৱত স্থাপন কৰিছিল। গড়গাঁৱৰ পৰা ৰংপুৰ আৰু ৰংপুৰৰ পৰা যোৰহাটলৈ আহোম ৰাজ্যৰ ৰাজধানী সলনি হোৱাত পিছলৈ এই দেৱালয় বৰ্তমানৰ ঠাইত স্থাপিত কৰা হয়।৯ মন্দিৰত থকা মূৰ্তিজনা দুৰ্গা দেৱীৰ। আগৰ দিনত বুঢ়ীগোসানী দেৱালয়ক "বৰপূজাঘৰ দ'ল" বুলিও জনা গৈছিল।
- দক্ষিণপাট সত্ৰ: দক্ষিণপাট সত্ৰ হৈছে অসমৰ চাৰিখন ৰাজ সত্ৰৰ ভিতৰত দ্বিতীয় শাৰীৰ সত্ৰ। শিষ্যৰ সংখ্যা কেউখন ৰাজসত্ৰৰ ভিতৰত আটাইতকৈ বেছি। আহোম ৰজা জয়ধ্বজ সিংহৰ দিনত ১৫৮৪ শকত মাজুলিত স্থাপন কৰা হয়। প্ৰথমজন সত্ৰাধিকাৰ আছিল শ্ৰীশ্ৰী বনমালিদেৱ। এতিয়ালৈকে পোন্ধৰজনে সত্ৰাধিকাৰ পদত অধিষ্ঠিত হৈছে। বৰ্তমানৰ সত্ৰাধিকাৰ হ’ল শ্ৰী শ্ৰী ৰমানন্দ দেৱগোস্বামী। বিভিন্ন কাৰণত এই সত্ৰখন কেইবাবাৰো স্থানান্তৰ কৰিব লগা হৈছে। মূল সত্ৰখন মাজুলীত অৱস্থিত। বৰ্তমান ইয়াৰ এখন শাখাসত্ৰ যোৰহাট জিলাৰ টীয়কৰ চটাইত স্থাপন কৰা হৈছে।
- গড়মূৰ সত্ৰ: গড়মূৰ সত্ৰ হৈছে অসমৰ চাৰি ৰাজ সত্ৰৰ তৃতীয় শাৰীৰ সত্ৰ। স্থাপন কাল হিচাপে দ্বিতীয়। প্ৰতিষ্ঠাপক সত্ৰাধিকাৰ শ্ৰী শ্ৰী জয়হৰিদেৱ। প্ৰথমে গড়মূৰ সত্ৰ দুখন আছিল। এখন বৰ গড়মূৰ আৰু আনখন সৰু গড়মূৰ। দুয়োখন মাজুলীৰ সাৰজানৰ কাষত ওচৰা-ওচৰিকৈ আছিল। পাছত দুয়োখন চামিল হৈ এক হয়। আহোম ৰজা প্ৰতাপ সিংহই বন্ধোৱা ছেৱাতল গড়ৰ মূৰতে স্থাপন কৰা বাবে সত্ৰখনৰ নাম হয় গড়মূৰ সত্ৰ। বাকী তিনিখন ৰাজ সত্ৰৰ দৰে এইখন সত্ৰৰ আজিলৈকে এবাৰো স্থান পৰিৱৰ্ত্তন কৰিব লগা হোৱা নাই। আগতে গড়মূৰ সত্ৰৰ অতুল ঐশ্বৰ্য্য সম্পত্তি আছিল। ১৮৩৬ চনত ডেভিদ স্কটৰ ইস্তহাৰত সন্মতি নিদি ইংৰাজৰ আনুগত্য স্বীকাৰ নকৰাত সত্ৰৰ ২৪০০০ পুৰা লাখেৰাজ ভূমি বৃত্তি পৰিত্যাগ কৰিব লগা হয়। এই ঘটনা চলাজনা অধিকাৰ শ্ৰী শ্ৰী ৰঘুদেৱৰ দিনত ঘটে। বৰ্তমান সত্ৰখন বিশেষকৈ ইচ্ছাকৃত বৰঙনিৰ ওপৰতহে চলি আছে।
- আউনীআটী সত্ৰ: আউনীআটী সত্ৰ হৈছে অসমৰ প্ৰথম শ্ৰেণীৰ ৰাজসত্ৰ১০। টাই-আহোম জনগোষ্ঠী ৰজা চুতাম্লাই মাজুলীত ১৫৭৫ শকত (ইং ১৬৫৩ চন) এইখন সত্ৰ নিৰ্মাণ কৰায়১১। সত্ৰখনৰ প্ৰথমজনা সত্ৰাধিকাৰ আছিল শ্ৰী শ্ৰী নিৰঞ্জনদেৱ। বৰ্তমানলৈকে মুঠ ১৬জন ব্যক্তিয়ে সত্ৰাধিকাৰ পদত অধিষ্ঠিত হৈছে। বৰ্তমানৰ সত্ৰাধিকাৰজন হৈছে শ্ৰীশ্ৰী পীতাম্বৰ দেৱ গোস্বামী। যোৰহাট জিলাৰ টীয়ক অঞ্চলৰ কলিয়াপানীত আউনীআটীৰ শাখা সত্ৰ অৱস্থিত |
- গৰখীয়া দ'ল: গৰখীয়া দ'ল বা গৰখীয়া দৌল হৈছে যোৰহাট নগৰৰ উত্তৰে প্ৰায় পাঁচ কিলোমিটাৰ আঁতৰৰ বালিগাঁৱত অৱস্থিত এখন প্ৰাচীন দেৱালয়। অসম বুৰঞ্জীত ইয়াৰ উল্লেখ নাই যদিও এই দ'ল জাগ্ৰত বুলি জনবিশ্বাস আছে। গৰখীয়া দ'লৰ নামঘৰ আৰু মণিকূট থকাটো উল্লেখযোগ্য।১২ ইয়াত থকা উঁই-হাফলুৰ দ'লটো চৈধ্য-পোন্ধৰফুটমান ওখ।
- কমলাবাৰী সত্ৰ: মহাপুৰুষ মাধৱদেৱৰ প্ৰিয় শিষ্য বদুলা আতাই এই সত্ৰ প্ৰতিষ্ঠা কৰিছিল। এওঁৰ প্ৰকৃত নাম কমলাকান্ত আতা। মহাপুৰুষ শংকৰদেৱৰ আজ্ঞামৰ্মে মাধৱদেৱৰ গাৰ বদ্বল দি ধৰ্মপ্ৰচাৰৰ অনুমতি দিয়াত বদলা নাম পায়। সেয়ে বদলা পদ্ম আতাৰুপে পৰিচিত হয়। কালক্ৰমত এইখন সত্ৰ দুভাগ হয়। উত্তৰ দিশত প্ৰতিষ্ঠা হোৱা বাবে এখনক উত্তৰ কমলাবাৰী সত্ৰ আৰু মূল সত্ৰখন নতুন কমলাবাৰী সত্ৰ বুলি পৰিচিত হয়। বৰ্তমান উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী জনাৰ্দন দেৱগোস্বামী আৰু নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী নাৰায়ন চন্দ্ৰ দেৱগোস্বামী।
- বৰভেটি থান: যোৰহাট নগৰৰ পৰা প্ৰায় ১৩ কিল’মিটাৰ উত্তৰ-পশ্চিম দিশত মালৌপথাৰত ঐতিহাসিক বৰভেটি থান অৱস্থিত। এই ঐতিহাসিক থানতে বাৰ্ষিক ভাৱে 'ন-লগোৱা উৎসৱ' পালনৰ পৰম্পৰা চলি আহিছে।১৩
- বেঙেনা আটী সত্ৰ: এই সত্ৰ মাজুলীৰ অন্যতম ঐতিহাসিক সত্ৰ।
প্ৰাকৃতিক
- মাজুলী: বিশ্বৰ বৃহত্তম নদীদ্বীপ মাজুলী যোৰহাটৰ পৰা ২০ কি:মি: উত্তৰত অৱস্থিত। দক্ষিণে ব্ৰহ্মপুত্ৰ নদ আৰু উত্তৰে ব্ৰহ্মপুত্ৰৰ সুঁতি খেৰকুটীয়াৰ লগত সোৱনশিৰী নৈ লগ লাগি নদীদ্বীপটোৰ গঠন কৰিছে। পূৰ্বে মাজুলীৰ মাটিকালি ১২৫০ বৰ্গকিলোমিটাৰ (৪৮৩ বৰ্গমাইল) আছিল, কিন্তু খহনীয়াৰ ফলত ২০০১ চনত ইয়াৰ মাটিকালি হয়গৈ ১৬৩ বৰ্গমাইল। ইয়াক আৱৰি থকা নদীৰ বিস্তৃতি বাঢ়ি অহাৰ লগে লগে মাজুলীৰ সংকোচন হৈছে।১৪। মাজুলী এক প্ৰাকৃতিক আৰু সাংস্কৃতিক ঐতিহ্য ক্ষেত্ৰ। একশৰণ নাম ধৰ্মৰ ২২খন সত্ৰ মাজুলীত আছে যাৰ ভিতৰত আউনীআটী সত্ৰ, গড়মূৰ সত্ৰ আৰু কমলাবাৰী সত্ৰ উল্লেখযোগ্য। যোৰহাটৰ নিমাতী ঘাটৰপৰা ফেৰীৰে মাজুলীলৈ অহা-যোৱাৰ সুবিধা আছে।
লৈ যোৱাৰ পথ]]
- হোলোঙাপাৰ গিবন অভয়াৰণ্য: হোলোঙাপাৰ গিবন অভয়াৰণ্য (পূৰ্বে হোলোঙাপাৰ সংৰক্ষিত বনাঞ্চল বুলি জনা গৈছিল) হৈছে চিৰসেউজ অৰণ্যৰ এক সংৰক্ষিত অঞ্চল। ১৯৯৭ চনত ইয়াক চৰকাৰীভাৱে অভয়াৰণ্যৰ মৰ্যাদা দিয়া হয়। ১৮৮১ চনত প্ৰতিষ্ঠিত এই বনাঞ্চলৰ সীমা পাটকাই পৰ্বতৰ পাদদেশলৈকে বিস্তৃত আছিল। পিছলৈ অৰণ্যখন সৰু সৰু গাঁও আৰু চাহ বাগানে আৱৰি ধৰে। ১৯শ শতিকাৰ প্ৰথম ভাগত অৰণ্যখনৰ বিকাশৰ বাবে বৃক্ষৰোপণ কৰা হৈছিল আৰু ফলত জৈৱ বৈচিত্ৰ্যও বৃদ্ধি পায়। হোলোঙাপাৰ গিবন অভয়াৰণ্যত ভাৰতৰ একমাত্ৰ গিবন হলৌ বান্দৰ আৰু উত্তৰ-পূব ভাৰতৰ একমাত্ৰ নিশাচৰ প্ৰাইমেট লাজুকী বান্দৰ পোৱা যায়।
অন্যান্য
- চন্দ্ৰকান্ত সন্দিকৈ ভৱন: চন্দ্ৰকান্ত সন্দিকৈ ভৱন হৈছে অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়।১৫ অসমৰ বিভিন্ন জনগোষ্ঠীৰ ভাষাসমূহৰ উন্নতিৰ কাম-কাজৰ লগত এই ভৱনটো জড়িত হৈ আছে। ১৯২৬ চনত ৰাধাকান্ত সন্দিকৈয়ে তেওঁৰ পুত্ৰ চন্দ্ৰকান্ত সন্দিকৈৰ স্মৃতিত এই ভৱনটো দান বৰঙনি হিচাপে আগবঢ়াইছিল।১৫ পুৰণি ভৱনটোৰ কিছু অংশ ক্ষতি হোৱাত ইয়াক পুনৰ নিৰ্মাণ কৰা হয়। অসম চৰকাৰে এই ভৱনটোৰ পুনৰ নিৰ্মাণ কৰাৰ দায়িত্ব লৈছিল। পূৰ্বৰ ভৱনটোৰ স্থানতে নতুন ভৱনটোৰ নিৰ্মাণ কৰা হয়।১৫১৬
- ঠেঙাল ভৱন: ঠেঙাল ভৱন হৈছে অসমৰ যোৰহাট জিলাত অৱস্থিত এটা পুৰণি ভৱন। ৰায়বাহাদুৰ শিৱপ্ৰসাদ বৰুৱাই ১৮৮০ দশকত ঠেঙাল ভৱনটো নিৰ্মাণ কৰিছিল।১৭ ১৯২৯ চনত তেওঁ ইয়াতেই এটা ছপাশাল বহুৱায়। প্ৰথমতে, ইয়াৰ পৰা সাপ্তাহিক বাতৰি কাকত এখন প্ৰকাশ পাইছিল।১৮১৯ এই ছপাশালটোৰ পৰাই নীলমণি ফুকন (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)ৰ সম্পাদনাত ১৯৩৫ চনৰ ১২ আগষ্টত প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত দৈনিক বাতৰি প্ৰকাশ হৈছিল।১৯১৭ এই বাতৰি কাকতখন সম্পাদক আছিল নীলমণি ফুকন (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)। বৰ্তমান এই ভৱনটো অতিথিশালালৈ পৰিৱৰ্তন কৰা হৈছে।
- কাজিৰঙা গ'ল্ফ ৰিজ'ৰ্ট: যোৰহাট চহৰৰ পশ্চিম দিশে চাংচোৱা চাহ বাগিছাৰ এক সুন্দৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশৰ মাজত কাজিৰঙা গ'ল্ফ ৰিজ'ৰ্ট অৱস্থিত। এই ৰিজ'ৰ্টতে বুঢ়া চাহিব বঙলা নামৰ ব্ৰিটিছ স্থাপত্যৰ এক ঐতিহ্য বঙলাও অৱস্থিত। ইয়াত গ'ল্ফ খেলাৰ সকলো সুব্যৱস্থা আছে।
- স্বৰ্গদেউ চাওলুং ছ্যুকাফা সমন্বয় ক্ষেত্ৰ: প্ৰথম আহোম ৰজা স্বৰ্গদেউ চাওলুং চ্যু-কা-ফাৰ স্মৃতিৰক্ষাৰ বাবে যোৰহাটৰ ওচৰৰ ম'হবন্ধাত নিৰ্মাণ কৰা হৈছে। ইয়াত আহোম যুগৰ বুৰঞ্জী প্ৰসিদ্ধ সমলৰ এক সংগ্ৰহালয়ো আছে।
- যোৰহাট বিজ্ঞানকেন্দ্ৰ আৰু তাৰকাগৃহ: ২০১৩ চনৰ ৬ জুলাই তাৰিখে তাৰকাগৃহটো অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে উদ্বোধন কৰিছিল। ১১ জুলাই তাৰিখে সকলোৰে বাবে মুকলি কৰি দিয়া হৈছিল।
- মৰঙীয়াল নকছাৰী চ্যুকাফা উদ্যান: নকছাৰীৰ সমীপৰ গাভৰু পৰ্বতৰ কাষত মনোমোহা দৃশ্যৰ মাজত এই উদ্যানখন আছে। ইয়াত নৌকা বিহাৰ আৰু ৰ'প ৱেৰ সুব্যৱস্থা আছে।
- আয়ুৰ সঞ্জীৱা: যোৰহাটৰ পশ্চিম দিশে অৱস্থিত টিলিকিআম চাহ বাগিছাৰ ভিতৰত প্ৰাকৃতিক পৰিৱেশৰ মাজত অৱস্থিত এক স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰ।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Gymkhana Club. BharatOnline.com
- ↑ Jorhat Gymkhana Club. 1stHorse ~ wHere the Horse comes first
- ↑ All destination at a glance. Sulekha.com
- ↑ Must See India: Bangalpukhari, Jorhat. Roam Space Travel Solutions Pvt Ltd
- ↑ যোৰহাট. ঔমপ্ৰকাশ গাট্টাণী. বিশ্ব হিন্দী সাহিত্য পৰিষদ
- ↑ (August 06, 2011). Dhekiakhowa Bornamghar, Assam. MobME Wireless Solutions Private Limited
- ↑ (August 19, 2012). Lamp burning for 484 years enters Asia Book of Records. Deccan Chronicle
- ↑ (2012). ঢেকীয়াখোৱা বৰ নামঘৰৰ অভিলেখ. www.assaminfo.com
- ↑ সম্পাদনা: ড॰ মহেশ্বৰ নেওগ. (২০০৪). পৱিত্ৰ অসম. অসম সাহিত্য সভা. পৃ. ৬৮-৭০
- ↑ চাৰি ৰাজসত্ৰৰ বুৰঞ্জী - সম্পাদক: শিৰীষ কুমাৰ ভট্টাচাৰ্য্য, প্ৰকাশক: দক্ষিণপাট সত্ৰ শিষ্য সন্মিলন, প্ৰকাশ কাল: ১৯৯৭ চন
- ↑ SriSri Auniati Satra, auniati.org, আহৰণ-১০ ছেপ্টেম্বৰ ২০১১
- ↑ সম্পাদক- ড: মহেশ্বৰ নেওগ. (২০০৪). পৱিত্ৰ অসম. লয়াৰ্ছ বুক ষ্টল. পৃ. ৬৬-৬৭
- ↑ (২০ নৱেম্বৰ ২০১৬). বৰভেটিৰ ন-লগোৱা উৎসৱ. janambhumi.in
- ↑ A Capricious River, an Indian Island’s Lifeline, Now Eats Away at It April 14, 2013 New York Times
- ↑ Buildings and Monuments in Jorhat. Pan India Internet Private Limited
- ↑ (January 12, 2011). Chandrakanta Handique Bhavan inaugurated. assam tribune
- ↑ About Thengal Bhavan. holidayiq.com
- ↑ Thengal Bhawan. www.tourism.co.in
- ↑ Heritage North-East. Contadgreen. Heritage North East Pvt. Ltd
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যোৰহাট জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকা” প্ৰবন্ধৰ সংশোধন ৪৯৫১৬২ (২১ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।