
গুৱাহাটী অসমৰ এখন মহানগৰ। ইয়াক প্ৰাচীন কালত "প্ৰাগজ্যোতিষপুৰ" নামেৰে জনা গৈছিল। ই উত্তৰ-পূব ভাৰতৰ বৃহত্তম মেট্ৰ'প'লিটান এলেকা আৰু কলিকতা, পাটনাৰ পিছত পূব ভাৰতৰ তৃতীয় বৃহৎ নগৰ। ইয়াক উত্তৰ-পূব ভাৰতৰ 'প্ৰৱেশদ্বাৰ' বুলিও কোৱা হয়। প্ৰাচীন প্ৰাগজ্যোতিষপুৰ আছিল কামৰূপ ৰাজ্যৰ ৰাজধানী। বৰ্তমানেও ইয়াত বহুতো পুৰণি মঠ-মন্দিৰ দেখিবলৈ পোৱা যায়। কামাখ্যা মন্দিৰ, উমানন্দ দেৱালয়, নৱগ্ৰহ মন্দিৰ, গুৱাহাটী, শুক্ৰেশ্বৰ মন্দিৰ, বশিষ্ঠাশ্ৰম দেৱালয়, দৌল গোবিন্দ মন্দিৰ আদি এইবোৰৰ ভিতৰত অন্যতম।
ধৰ্মীয় স্থান

কামাখ্যা মন্দিৰ হিন্দু ধৰ্মৰ এক প্ৰাচীন মন্দিৰ। গোটেই ভাৰততে ব্যাপ্ত হৈ থকা মুঠ ৫১ খন দেৱীপীঠৰ মাজৰ অন্যতম গুৰুত্বপূৰ্ণ পীঠ এই কামাখ্যা মন্দিৰ।১ নীলাচল পাহাৰত অৱস্থিত কামাখ্যা দেৱীৰ এই মন্দিৰকেই অসমৰ সবাতোকৈ প্ৰসিদ্ধ আৰু প্ৰভাৱশালী মন্দিৰ বুলি ভবা হয়। অতি প্ৰাচীন কালৰে পৰাই অসমৰ ইতিহাসৰ ৰাজনৈতিক আৰু ধাৰ্মিক দুয়ো দিশতে শক্তি উপাসনাৰ কেন্দ্ৰস্থল কামাখ্যাই অতিশয় গুৰুত্বপুৰ্ণ প্ৰভাৱ বিস্তাৰ কৰি আহিছে।
- বশিষ্ঠ আশ্ৰম
- শুক্ৰেশ্বৰ মন্দিৰ
- উমানন্দ মন্দিৰ
- নৱগ্ৰহ মন্দিৰ
- দৌল গোবিন্দ মন্দিৰ
প্ৰাকৃতিক

গুৱাহাটী মহানগৰীৰ দক্ষিণ পশ্চিম দিশত অৱস্থিত এক বিস্তৃত জলাহভূমি। ই পৌৰাণিক কামপীঠৰ অন্তৰ্গত আছিল। ২০০২ চনৰ নৱেম্বৰ মাহত দীপৰ বিলক উত্তৰ-পূব ভাৰতৰ একমাত্ৰ ৰামচৰ অঞ্চল বুলি ঘোষণা কৰা হয়।২ ইয়াৰ উপৰিও, বাৰ্ড লাইফ ইণ্টাৰনেচনেল (Bird Life International)-এ দীপৰ বিলক অতি গুৰুত্বপূৰ্ণ চৰাই সংৰক্ষিত এলেকা (Important Bired Area) বুলি চিহ্নিত কৰিছে।
দীঘলীপুখুৰী
অন্যান্য

গুৱাহাটীৰ পাঞ্জাবাৰীত অৱস্থিত এক সাংস্কৃতিক ভৱন। এইটো পৰ্যটকসকলৰ বাবে এক মূল আকৰ্ষণৰ কেন্দ্ৰবিন্দু। এই ভৱনৰ নাম পণ্ডিত মহাপুৰুষ শংকৰদেৱৰ নামেৰে ৰখা হৈছে৩। প্ৰায় ১৪ একৰ মাটিকালি জুৰি থকা এই সাংস্কৃতিক ভৱন ১৯৮৮ চনৰ ২ ফেব্ৰুৱাৰীত প্ৰতিষ্ঠা হৈছিল। অসমীয়া লোক-সংস্কৃতিৰ প্ৰতীকসমূহৰ ই এক অন্যতম কেন্দ্ৰস্থল। অসমৰ সংগীত জগতৰ অন্যতম প্ৰসিদ্ধ আৰু পুৰোধ্য ব্যক্তি ভূপেন হাজৰিকাদেৱৰ এক সংগ্ৰহালয়ো ইয়াত স্থাপন কৰা হৈছে।৪
জ্যোতি চিত্ৰবন চলচ্চিত্ৰ আৰু টেলিভিশ্যন প্ৰশিক্ষণ প্ৰতিষ্ঠান সমগ্ৰ উত্তৰ-পূব ভাৰতৰ একমাত্ৰ চলচ্চিত্ৰ ষ্টুডিঅ'।৫ পূৰ্বতে এই প্ৰতিষ্ঠানটো জ্যোতি চিত্ৰবন বুলি জনা গৈছিল। গুৱাহাটীৰ কাহিলীপাৰাত অৱস্থিত এই ষ্টুডিঅ'ৰ নামকৰণ কৰা হৈছিল প্ৰথম অসমৰ চলচ্চিত্ৰ নিৰ্মাতা জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত। ১৯৬৮ চনত জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ' নামেৰে এই ষ্টুডিঅ'ৰ স্থাপন কৰা হৈছিল। ১৯৯৯ চনত জ্যোতি চিত্ৰবনক আনুষ্ঠানিক ভাৱে 'জ্যোতি চিত্ৰবন চলচ্চিত্ৰ আৰু টেলিভিশ্যন প্ৰশিক্ষণ প্ৰতিষ্ঠান' বুলি অভিহিত কৰি চলচ্চিত্ৰ আৰু দূৰদৰ্শনৰ সংশ্লিষ্ট বিষয়ৰ শিক্ষা প্ৰদানৰ অনুষ্ঠান হিচাপে গঢ় দিয়া হৈছে। অসম আৰু উত্তৰ-পূব ভাৰতত এইখন চলচ্চিত্ৰ আৰু দূৰদৰ্শন বিষয়ক প্ৰশিক্ষণৰ একমাত্ৰ শিক্ষানুষ্ঠান।
তথ্যসূত্ৰ
- ↑ (মাৰ্চ 4, 2012). কামাখ্যা ধাম. thesundayindian.com. Planman Media Pvt. Ltd
- ↑ ৰনৌজ কুমাৰ গগৈ, মনৌৰঞ্জন মজুমদাৰ. (২০১২). জলাহভূমি দীপৰ বিল. দৈনিক জনমভূমিৰ দেওবৰীয়া আলোচনী বসুন্ধৰা. পৃ. পৃষ্ঠা: ৮, ৯
- ↑ Srimanta Sankardeva Kalakshetra India Tourist Information. Touristlink.com
- ↑ Srimanta Sankaradeva Kalakshetra. Kalakshetra-assam.gov.in
- ↑ Jyoti Chitraban Film and Television Institute. minglebox.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গুৱাহাটীৰ পৰ্যটনস্থলসমূহৰ তালিকা” প্ৰবন্ধৰ সংশোধন ৫২১০৩৩ (২৭ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।