অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

নৰনাৰায়ণ সেতু

নৰনাৰায়ণ সেতু অসমৰ বঙাইগাঁও জিলাৰ যোগীঘোপাত অৱস্থিত এখন ৰে'লপথ সংযোগী দলং৷ ১৬শ শতিকাৰ কোচ ৰজা নৰনাৰায়ণৰ নামত এই সেতুখন নিৰ্মাণ কৰা হৈছে৷ যোগীঘোপা আৰু পঞ্চৰত্নক সংযোগ কৰাৰ উদ্দেশ্যে ১৯৮৩ চনৰ ১১ নৱেম্বৰত তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে নৰনাৰায়ণ সেতুৰ আধাৰশিলা স্থাপন কৰিছিল৷ এই সেতুৰ…

হালনাগাদ: ১০ ডিচেম্বৰ ২০২৫ ১১৫ শব্দ · ১ মিনিট সংগৃহীত ৫১
সংশোধনৰ পৰামৰ্শ

নৰনাৰায়ণ সেতু অসমৰ বঙাইগাঁও জিলাৰ যোগীঘোপাত অৱস্থিত এখন ৰে'লপথ সংযোগী দলং৷ ১৬শ শতিকাৰ কোচ ৰাজবংশী ৰজা নৰনাৰায়ণৰ নামত এই সেতুখন নিৰ্মাণ কৰা হৈছে৷

যোগীঘোপা আৰু পঞ্চৰত্নক সংযোগ কৰাৰ উদ্দেশ্যে ১৯৮৩ চনৰ ১১ নৱেম্বৰত তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে নৰনাৰায়ণ সেতুৰ আধাৰশিলা স্থাপন কৰিছিল৷ এই সেতুৰ দ্বাৰা অসম আৰু মেঘালয়ৰ মাজত দ্ৰুত যোগাযোগ ব্যৱস্থা গঢ়ি উঠিছে৷ ৰে'লপথে যোগীঘোপা ষ্টেছনৰ পৰা কামাখ্যা জংছনলৈ সংযোগ কৰিছে৷ এই সেতু নিৰ্মানৰ বাবে প্ৰথম সন্মতি প্ৰদান কৰিছিল ১৯৮৭ চনৰ ডিচেম্বৰ মাহত৷ ইয়াৰ ১৫ বছৰৰ পিছত ১৯৯৮ চনৰ ১৫ এপ্ৰিলত তেতিয়াৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপায়ীয়ে আনুষ্ঠানিকভাৱে নৰনাৰায়ণ সেতু উদ্বোধন কৰে৷

নৰনাৰায়ণ সেতুৰ দৈৰ্ঘ্য ২.২৮৪ কিলোমিটাৰ৷ বহল ১১.৫০ মিটাৰ আৰু গভীৰতা ১৮.৫০ মিটাৰ৷ এই সেতু নিৰ্মানত মুঠ ৩৬৮ কোটি টকা ব্যয় কৰা হয়৷১

বৰ্হি সংযোগ

তথ্যসূত্ৰ

  1. ↑ ঐতিহাসিক যোগীঘোপা আৰু নৰনাৰায়ণ সেতু, প্ৰণৱ কুমাৰ ডেকা, অনুভূতি, দেওবাৰ ২৯ জানুৱাৰী ২০১২

সম্পৰ্কিত শ্ৰেণী

অসমৰ দলংব্ৰহ্মপুত্ৰৰ ওপৰত দলংবঙাইগাঁও জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নৰনাৰায়ণ সেতু” প্ৰবন্ধৰ সংশোধন ৫৬২৪৫৩ (১০ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।