শৰাইঘাট দলং (Saraighat Bridge) অসমৰ গুৱাহাটীত ব্ৰহ্মপুত্ৰ নদৰ ওপৰত নিৰ্মিত প্ৰথমখন ৰে'লপথযুক্ত দলং। দলংখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল ১৯৫৮ চনৰ জানুৱাৰী মাহত। সা-সামগ্ৰী কঢ়িওৱাৰ বাবে দলংখন ১৯৬২ চনৰ অক্টোবৰ মাহত মুকলি কৰা হয়। ১৯৬৩ চনৰ ৭ জুনত সেই সময়ৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে দলংখন আনুষ্ঠানিকভাৱে যাত্ৰীৰ বাবে মুকলি কৰে।১ এই দলঙখনৰ ওপৰেদি ৰাষ্ট্ৰীয় ঘাইপথ আৰু তলেদি আছে ৰেলপথ। বৰ্তমান দলঙখনৰ চোৱা-চিতাৰ কৰাৰ দায়িত্বত আছে উত্তৰ-পূব সীমান্ত ৰে’লৱে।২
প্ৰথমতে দলঙখনৰ নাম ব্ৰহ্মপুত্ৰ দলং আছিল। পাছত ইয়াক শৰাইঘাট দলং নামেৰে নামকৰণ কৰা হয়।৩
ইতিহাস
১৯১০ চনতেই ব্ৰহ্মপুত্ৰৰ ওপৰত দলং এখন নিৰ্মাণ কৰাৰ কথা চিন্তা-চৰ্চা কৰা হৈছিল।৪ ব্ৰহ্মপুত্ৰ নদীয়ে অসমখনক দুটা ভাগত ভাগ কৰিছে: উত্তৰপাৰ আৰু দক্ষিণপাৰ। পঞ্চাছ দশকলৈকে এই নদীৰ ওপৰত এখনো দলঙ নাছিল। নদীখনৰ ইপাৰ-সিপাৰ হ’বৰ বাবে একমাত্ৰ মাধ্যম আছিল নাও। সেয়ে ব্ৰহ্মপুত্ৰৰ ওপৰত দলঙৰ বাবে বিভিন্ন আৱেদন কৰা হৈছিল।৫ ইয়াৰ কোনো ফল নোপোৱাত অৱশেষত আন্দোলনৰ পথ বাছি লোৱা হয়। হেম বৰুৱা, কমিউনিষ্ট গৌৰীশংকৰ ভট্টাচাৰ্য্য, ছ’ছিয়েলিষ্ট নেতা হৰেশ্বৰ গোস্বামীৰ দৰে ব্যক্তিয়ে এই আন্দোলনৰ গুৰি ধৰিছিল।৫
সেই সময়তে চীনে ভাৰত আক্ৰমণ কৰিলে। চীনা সৈন্য অৰুণাচল প্ৰদেশৰ টাৱাং, ব’মডিলালৈকে আগুৱাই আহিছি৬। অসমৰ লগতে উত্তৰ-পূব ভাৰতৰ অন্য ৰাজ্যসমূহ অসুৰক্ষিত আৰু নিৰাপত্তাহীনতাৰ কথা ওলাই পৰিল। ইয়াৰ পিছতে ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলঙ নিৰ্মাণ কৰিবলৈ অনুমতি দিয়া হয়।৫ ১৯৫১ চনৰ ১ জানুৱাৰীত ইয়াৰ নিৰ্মাণ কাম আৰম্ভ কৰা হয়।৪
নিৰ্মাণ আৰু পৰীক্ষা
১৯৫৯ চনৰ জানুৱাৰী মাহত শৰাইঘাট দলঙখনৰ নিৰ্মাণ কাৰ্য্য আৰম্ভ হৈছিল। নিৰ্মাণ কাৰ্য্যৰ দায়িত্বত আছিল হিন্দুঃস্থান কনষ্ট্ৰাকছন কৰ্প'ৰেছন লিমিটেড নামৰ এটা প্ৰতিষ্ঠান।২ প্ৰায় ৪০ হাজাৰ টন চিমেণ্ট আৰু ২০ হাজাৰ টন ষ্টীল ব্যৱহাৰ কৰি প্ৰায় ৮০০০ জন শ্ৰমিকৰ সহযোগত এই দলঙখন নিৰ্মাণ কৰি উলিওৱা হৈছিল।১২ ১৯৬২ চনৰ ছেপ্তেম্বৰ মাহৰ ভিতৰত দলঙখনৰ নিৰ্মাণ কাৰ্য্য সমাপ্ত হয়। সেই বছৰৰে ২৩ ছেপ্তেম্বৰত এটা ৰেল ইঞ্জিন ইয়াৰ ৰেল দলঙখনেৰে পাৰ কৰি পঠোৱা হয়। এই ৰেলপথেদি অক্টোবৰ মাহৰ পৰাই মালবাহী ৰেলগাড়ীৰ চলাচল আৰম্ভ হয়২। এই দলঙখন নিৰ্মাণ কৰোঁতে মুঠ ব্যয় হৈছিল ১০,৬৫,১৬,৮৯১ টকা। দৈৰ্ঘ্য আছিল ১.৫ কিঃমিঃ (১৪৯২ মিটাৰ)।২
উদ্বোধন
১৯৬৩ চনৰ ৭ জুনত শৰাইঘাট দলঙখন উদ্বোধন কৰা হয়। প্ৰথম অৱস্থাত দলংখনৰ নাম ব্ৰহ্মপুত্ৰ দলং বুলিয়েই কোৱা হৈছিল। মালিগাঁৱ ৰেল ষ্টেশ্যনৰ সমীপত অনুষ্ঠিত এখন সভাত সেই সময়ৰ প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৱে দলঙখন সাধাৰণ জনতাৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰি দিয়ে। তেওঁ ইয়াক শৰাইঘাট দলঙ নামেৰে নামকৰণ কৰে।২
বৰ্তমান শৰাইঘাট দলঙৰ অৱস্থা
বৰ্তমান উত্তৰ-পূব সীমান্ত ৰে’লৱে-এ দলঙখনৰ চোৱা-চিতা কৰে। ৰেলৱে বিভাগে আই আই টি, গুৱাহাটীৰ বিশেষজ্ঞৰ এটা দলক দলঙখনৰ বৰ্তমানৰ অৱস্থা পৰীক্ষা কৰিবলৈ দায়িত্ব দিছিল। বিশেষজ্ঞৰ দলটোৱে জনায় যে, দলঙখন বৰ্তমানেও সম্পূৰ্ণ নিৰাপদ অৱস্থাত আছে।২ ইয়াৰ ১১টা খুটাই ভাল অৱস্থাত আছে।২ বৰ্তমানৰ যাতায়তৰ বৰ্ধিত হেঁচা আৰু সঘন যান-জঁটৰ প্ৰতি লক্ষ্য ৰাখি তিনিটা লেনযুক্ত আৰু এখন নতুন দলং শৰাইঘাটৰ সমীপতে নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত লোৱা হয়।২৩
২০১২ চনৰ অক্টোবৰ মাহত শৰাইঘাট দলঙৰ পঞ্চাশ বছৰ সম্পূৰ্ণ হয়।৭ উত্তৰ-পূব সীমান্ত ৰে’লৱেই এই উপলক্ষে ৬ নৱেম্বৰত আয়োজন কৰা সভাত অসমৰ প্ৰাক্তন ৰাজ্যপাল প্ৰয়াত জে বি পাটনায়ক আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ উপস্থিত থাকে। ৰাজ্যপালগৰাকীয়ে দলংখনক "লাচিত বৰফুকন দলং" বুলি পুনৰ্নামকৰণ কৰাৰ প্ৰস্তাৱ দিয়ে।৮

শৰাইঘাট দলং ধ্বংস কৰাৰ আঁচনি
সত্তৰ দশকত বাংলাদেশৰ স্বাধীনতা সংগ্ৰাম হৈছিল। ভাৰতবৰ্ষই বাংলাদেশক স্বাধীনতাৰ বাবে সহায় কৰিছিল।৯ ভাৰতীয় বিমান বাহিনীৰ বিমানে তেজপুৰৰ তেজপুৰ বিমানবন্দৰৰ পৰা উৰা মাৰি ঢাকাৰ বিমানবন্দৰত আক্ৰমণ কৰিছিল। এই আক্ৰমণত পাকিস্তানৰ কেইবাখনো আমেৰিকান যুঁজাৰু বিমান ধ্বংস হৈছিল।৯ ইয়াৰ প্ৰতিশোধ ল’বৰ বাবে পাকিস্তানী বিমান বাহিনীয়ে একেদিনাই শৰাইঘাট দলঙ ধ্বংস কৰাৰ আঁচনি কৰিছিল। শৰাইঘাট দলঙৰ ওপৰত বোমা বৰ্ষণ কৰিব বুলি ভাৰতীয় চোৰাংচোৱাই আগতীয়াকৈ গোপন বাৰ্তা পাইছিল।৯ পাকিস্তানী সৈন্যৰ প্ৰথম লক্ষ্য শৰাইঘাট দলঙ আৰু দ্বিতীয় লক্ষ্য গুৱাহাটী আছিল।৯ কাৰণ, সেই সময়ৰ উত্তৰ-পূব ভাৰতৰ মূল কেন্দ্ৰ আছিল গুৱাহাটী আৰু ভাৰতৰ অন্য স্থানৰ লগত ইয়াৰ যোগাযোগৰ একমাত্ৰ পথ আছিল শৰাইঘাট দলং।
ভাৰতীয় সেনা বাহিনীৰ প্ৰত্যুত্তৰ
পাকিস্তানী সৈন্যৰ এই আঁচনিৰ কথা আগতীয়াকৈ জানিব পাৰি ভাৰতীয় সামৰিক বাহিনীয়ে ইয়াৰ উপযুক্ত ব্যৱস্থা কৰি থৈছিল।১০ তেওঁলোকে পাক বিমানৰ আগমন “ৰাডাৰ” যোগে গম পাই আমিনগাঁৱৰ অঞ্চলৰ আকাশ “লেজাৰ বীম” প্ৰয়োগ কৰি পোহৰাই তোলে। লগতে ভাৰতীয় সেনাই দলঙৰ তলৰ পৰা এণ্টি এয়াৰ ক্ৰাফট গান-এৰে পাকিস্তানী বিমানক আক্ৰমণ কৰে।১০ এই অতৰ্কিত আক্ৰমণত পাকিস্তানী বিমানবোৰে কোনো ক্ষতি নকৰাকৈ উভতি যায়।১০
অসমৰ অৰ্থনৈতিক ব্যৱস্থাত শৰাইঘাটৰ ভূমিকা
অসমৰ অৰ্থনীতিত অপৰিসীমভাৱে গুৰুত্বপূৰ্ণ ৩১ আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)ক সংযোগ কৰি আছে শৰাইঘাট দলঙে।১১ ১৯৫৮ চনলৈকে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে বিকাশ হোৱা ৰেলপথ আৰু স্থলপথসমূহৰ সংযোগী একমাত্ৰ নদীখন আছিল ব্ৰহ্মপুত্ৰ নদ। এই নদীৰ ঘাটসমূহেই অসমৰ বেপাৰ বাণিজ্য তথা পৰিবহণ ব্যৱস্থাত এক গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। ১৯৬২ চনত শৰাইঘাট দলঙ হোৱাৰ পিছত পৰিবহণ ব্যৱস্থাত ব্যাপক পৰিৱৰ্তন ঘটিছিল। ইয়াৰ ফলত ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ অভ্যন্তৰীণ জল পৰিবহণৰ বাণিজ্যিক গুৰুত্ব ক্ৰমাৎ হ্ৰাস পাইছিল।১১ লগতে পাণ্ডু আৰু আমিনগাঁৱৰ গুৰুত্বও বহু পৰিমাণে হ্ৰাস পাইছিল।১১ এয়েই শৰাইঘাট দলঙৰ মৌলিক অৰ্থনৈতিক গুৰুত্ব আৰু তাৰ ঐতিহাসিক পটভূমি।
দ্বিতীয়খন দলং নিৰ্মাণৰ প্ৰস্তুতি
বৰ্তমানৰ যাতায়তৰ বৰ্ধিত হেঁচা আৰু সঘন যান-জঁটৰ প্ৰতি লক্ষ্য ৰাখি শৰাইঘাটৰ সমীপতে এখন নতুন দলঙ নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত লোৱা হয়।১২ ২০০৭ চনৰ ৮ এপ্ৰিল তাৰিখে এই নিৰ্মাণৰ কাম শুভাৰম্ভ কৰা হয়। আমিনগাঁৱৰ ৰাজীৱ গান্ধী ইনড’ৰ ষ্টেডিয়ামত প্ৰাক্তন প্ৰধান মন্ত্ৰী ড॰ মনমোহন সিঙে ইয়াৰ আধাৰশিলা স্থাপন কৰে।১২ ২৩১২তিনি লেন যুক্ত এই দলং ২০১৭ চনৰ ২৮ জানুৱাৰী তাৰিখে কেন্দ্ৰীয় পথ পৰিবহন আৰু ৰাজমাৰ্গ মন্ত্ৰী নিতিন গাডকাৰীয়ে চৰকাৰী ভাবে উদঘাটন কৰে। উদঘাটন কাৰ্যসূচীত পূৰ্বৰ কেন্দ্ৰীয় ৰে'ল ৰাজ্যমন্ত্ৰী ৰাজেন গোহাঁই, অসম চৰকাৰৰ উদ্যোগ আৰু পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী,পূৰ্বৰ গড়কাপ্তানী মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু পূৰ্বৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত উপস্থিত আছিল।
তথ্যসূত্ৰ
- ↑ দীপক কুমাৰ বৰ্মন. (৮ জুন, ২০১২). পঞ্চাছ বছৰীয়া হ'ল শৰাইঘাট
- ↑ (২০১২). শৰাইঘাটৰ স্বৰ্ণ জয়ন্তী. বসুন্ধৰা. পৃ. ৮
- ↑ কুমুদেশ্বৰ হাজৰিকা. (দেওবাৰ ২৯ জানুৱাৰী ২০১২). শৰাইঘাট দলঙৰ কিছু কথা. আজিৰ দৈনিক বাতৰি
- ↑ ববেন্দ্ৰ কুমাৰ দাস. (২০১২). আশাৰে চাকিটি জ্বলে. বসুন্ধৰা. পৃ. ১১, ১২
- ↑ বাদল দাস. (২০১২). শৰাইঘাট! শৰাইঘাট!. বসুন্ধৰা. পৃ. ১০
- ↑ Naresh Mitra. (Oct 4, 2012). Tezpur: Memories of Chinese aggression still fresh in people's mind. Times of India
- ↑ (November 5, 2012). Saraighat bridge completes 50 years. The Assam Tribune
- ↑ Kangkan Kalita. (November 7, 2012). 50 years of Saraighat bridge
- ↑ বাদল দাস. (২০১২). শৰাইঘাট! শৰাইঘাট!. বসুন্ধৰা. পৃ. ১০
- ↑ বাদল দাস. (২০১২). শৰাইঘাট! শৰাইঘাট!. বসুন্ধৰা. পৃ. ১৮ পৃষ্ঠা
- ↑ জয়দীপ বৰুৱা. (২০১২). শৰাইঘাটৰ দলঙ আৰু অসমৰ অৰ্থনীতি. বসুন্ধৰা. পৃ. পৃষ্ঠা: ২০
- ↑ ববেন্দ্ৰ কুমাৰ দাস. (২০১২). আশাৰে চাকিটি জ্বলে. বসুন্ধৰা. পৃ. পৃষ্ঠা:১২, ১৮
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শৰাইঘাট দলং” প্ৰবন্ধৰ সংশোধন ৬১৬৬৯১ (১১ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।