অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

অশ্বক্ৰান্ত মন্দিৰ

অশ্বক্ৰান্ত মন্দিৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত উত্তৰ গুৱাহাটীত অৱস্থিত তীৰ্থস্থান। ইয়াত প্ৰায় সম আয়তনৰ দুটা মন্দিৰ আছে। এটা ব্ৰহ্মপুত্ৰৰ পাৰত পাহাৰৰ নামনি ভাগত, আনটো পাহাৰৰ ওপৰ ভাগত অৱস্থিত।

হালনাগাদ: ১৭ ছেপ্তেম্বৰ ২০২৬ ১৯৮ শব্দ · ১ মিনিট সংগৃহীত ৬৫
সংশোধনৰ পৰামৰ্শ

অশ্বক্ৰান্ত মন্দিৰ ব্ৰহ্মপুত্ৰ নদৰ উত্তৰ পাৰত উত্তৰ গুৱাহাটীত অৱস্থিত তীৰ্থস্থান। ইয়াত প্ৰায় সম আয়তনৰ দুটা মন্দিৰ আছে। এটা ব্ৰহ্মপুত্ৰৰ পাৰত পাহাৰৰ নামনি ভাগত, আনটো পাহাৰৰ ওপৰ ভাগত অৱস্থিত। কিংবদন্তি অনুসৰি নৰকাসুৰক বধ কৰিবৰ অৰ্থে কৃষ্ণ কামৰূপলৈ আহোঁতে এই ঠাইডোখৰ অশ্ব বা ঘোঁৰাৰ দ্বাৰা ক্ৰান্ত বা অতিক্ৰান্ত হোৱা বাবে এই অঞ্চলৰ নাম অশ্বক্ৰান্ত হয়। কোনো কোনোৱে এই অঞ্চলক অশ্বক্লান্ত বুলিও কয়। জনশ্ৰুতি অনুসৰি এই অঞ্চলতে খোজ পেলাই শ্ৰীকৃষ্ণই নৰকাসুৰক বধ কৰিছিল। ইয়াতেই তেওঁৰ অশ্ব ক্লান্ত হৈ পৰে আৰু ঠাইডোখৰে অশ্বক্লান্ত নাম পায়। ব্ৰহ্মপুত্ৰৰ পাৰৰ টিলা এটাৰ শিল কিছুমানত ঘোঁৰাৰ খুৰাৰ দৰে চিন দেখা যায়। শ্ৰীকৃষ্ণই যʼত ভৰিৰ খোজ পেলাইছিল তাৰ নাম বিষ্ণুপদ। পৌৰাণিক শাস্ত্ৰ মতে এয়ে অশ্বগয়া আৰু ইয়াতে মৃতকৰ আত্মাৰ সদ্গতিৰ অৰ্থে পিণ্ডদান কৰা হয়। আজিকালি ‘অশ্বক্লান্তʼ বা ‘অশ্বক্ৰান্তʼ দুয়োটা শব্দই সমঅৰ্থত প্ৰয়োগ হোৱা দেখা যায়।

পাহাৰৰ নামনি অংশত অৱস্থিত মন্দিৰটোৰ কাষতে অশ্বক্ৰান্ত নামৰ এটা কুণ্ডও আছিল। বৰ্তমান অৱশ্যে এই কুণ্ড ব্ৰহ্মপুত্ৰৰ বুকুত লীন গʼল। চʼত মাহৰ অশোকাষ্টমী তিথিত ইয়াত স্নান কৰিবৰ বাবে বহু তীৰ্থযাত্ৰীৰ সমাগম হয়। ১৭২০ চনত আহোম স্বৰ্গদেউ চুতণফাই এই মন্দিৰ নিৰ্মাণ কৰোৱাইছিল বুলি জনা যায়। হিন্দুসকলৰ বাবে অশ্বক্ৰান্তৰ মাহাত্ম্য অসীম। সত্য যুগত পুষ্কৰ, ত্ৰেতাত নৈমিষাৰণ্য, দ্বাপৰত কুৰুক্ষেত্ৰ আৰু কলিত অশ্বক্ৰান্ত পৱিত্ৰ তীৰ্থ বুলি জনবিশ্বাস প্ৰচলিত। মন্দিৰটোৰ বৰ্তমান মাটিকালি প্ৰায় ৪৩ বিঘা ৪ কঠা ১৭ লেচা।১

তথ্যসূত্ৰ

  1. ↑ বিশ্ব ঐতিহ্য,দ্বিতীয় প্ৰকাশ,শান্তনু কৌশিক বৰুৱা,পৃষ্ঠা নং ১০

সম্পৰ্কিত শ্ৰেণী

অসমৰ সংৰক্ষিত স্মৃতিচিহ্নঅসমৰ ধৰ্মীয় স্থানহিন্দুধৰ্মৰ মঠ-মন্দিৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অশ্বক্ৰান্ত মন্দিৰ” প্ৰবন্ধৰ সংশোধন ৬৩৬০২০ (১৭ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।