অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বিল্বেশ্বৰ দেৱালয়

বিল্বেশ্বৰ দেৱালয় অসমৰ নলবাৰী জিলাৰ এটা অতি পুৰণি মন্দিৰ। নলবাৰী চহৰৰ পৰা প্ৰায় ১৪ কিলোমিটাৰ পশ্চিমৰ বেলশৰত শ্ৰী শ্ৰী বিল্বেশ্বৰ দেৱালয় অৱস্থিত। এই দেৱালয়ৰ মাটিৰ পৰিমাণ ৫,২৮০ বিঘা ১৪ লেচা। বৰ্তমান ইয়াৰ মাটিত বিভিন্ন চৰকাৰী-বেচৰকাৰী অনুষ্ঠান গঢ়ি উঠিছে।

হালনাগাদ: ৫ জানুৱাৰী ২০২১ ২৮৪ শব্দ · ২ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

বিল্বেশ্বৰ দেৱালয় অসমৰ নলবাৰী জিলাৰ এটা অতি পুৰণি মন্দিৰ। নলবাৰী চহৰৰ পৰা প্ৰায় ১৪ কিলোমিটাৰ পশ্চিমৰ বেলশৰত শ্ৰী শ্ৰী বিল্বেশ্বৰ দেৱালয় অৱস্থিত। এই দেৱালয়ৰ মাটিৰ পৰিমাণ ৫,২৮০ বিঘা ১৪ লেচা। বৰ্তমান ইয়াৰ মাটিত বিভিন্ন চৰকাৰী-বেচৰকাৰী অনুষ্ঠান গঢ়ি উঠিছে।

ইতিহাস

মন্দিৰটো প্ৰতিষ্ঠাৰ আঁৰত কিছু জনশ্ৰুতি শুনা যায়। অতি প্ৰাচীন কালত ৰূপ নাৰায়ণ নামৰ এজন ব্ৰাহ্মণৰ ঘৰত এজনে কপিলী গাই আছিল। ব্ৰাহ্মণে ঘৰত গাইজনীৰ পৰা গাখীৰ নাপায়। কিন্তু ওচৰৰে টিলা এটাত থকা বিৰিণা এজোপাৰ ওচৰত তাইৰ ওহাৰৰ পৰা আপোনা-আপুনি গাখীৰ ওলাবলৈ ধৰে। ব্ৰাহ্মণে এদিন ওচৰ-চুবুৰীয়াৰ সৈতে সেই মাটিখিনি খান্দি চালে আৰু মাটিৰ তলত এক শিৱলিংগ আৱিষ্কাৰ কৰিলে। কোৰেৰে খান্দোতে হেনো লিংগটোৰ এফাল এৰাই গৈছিল। এতিয়াও তেনে অৱস্থাতে লিংগটো দেখা যায়। লৌহিত্য বংশৰ নাগাক্ষ বা নাগশংকৰ ৰজাই সেই কথা গম পাই হাতী লগাই শিৱলিংগটো উলিয়াব খুজিলে। কিন্তু বিফল হোৱাত তেওঁ তাতে এখন দেৱালয় সাজি দিলে। শিৱ বিৰিণাৰ তলত উদ্ধাৰ হোৱা বাবে কোৱা হয় বিৰিণাৰ ঈশ্বৰ- বিন্নেশ্বৰ, ক্ৰমে অপভ্ৰংশ হৈ বিল্বেশ্বৰ আৰু বেলশৰ হয়। নাগাক্ষ ৰজাই সজোৱা জামুগুৰিৰ ওচৰৰ নাগশংকৰ মন্দিৰৰ নিৰ্মাণ কৌশলৰ লগত এই দেৱালয়ৰ সাদৃশ্য আছে। আনহাতে কিছু পণ্ডিতে দ্বিতীয় শতিকাৰ নাগাংক ৰজাইহে বিল্বেশ্বৰ দেৱালয় নিৰ্মাণ কৰিছিল বুলি মত প্ৰকাশ কৰিছে। পালবংশীয় ৰজা ধৰ্মপালে (১০০০-১০১৫) এই দেৱালয়ৰ যথেষ্ট উন্নতি সাধন কৰিছিল। দেৱালয়ৰ চৌহদৰ দেৱান পুখুৰীটো কোচ ৰজা নৰনাৰায়ণৰ ভাতৃ চিলাৰায় দেৱানে খন্দোৱা। আনহাতে আহোম ৰজাসকলেও দেৱালয়খনক সমৃদ্ধিশালী হিচাপে গঢ়ি তুলিছিল১।

মন্দিৰৰ কাৰ্যপন্থা

হিন্দু ধৰ্মৰ শৈৱ, শাক্ত, বৈষ্ণৱ আদি আটাইবোৰ শাখাৰ প্ৰভাৱ পৰাৰ ফলস্বৰূপে বিল্বেশ্বৰ দেৱালয়ত বিভিন্ন ধৰণৰ উৎসৱ তথা পূজাৰ প্ৰাদুৰ্ভাৱ লক্ষ্য কৰা যায়। এই দেৱালয়ত হাঁহ, পাৰ, ম'হ, ছাগলী, কোমোৰা আদি বলি বিধানৰ প্ৰথা অতি প্ৰাচীন। দুৰ্গা পূজাৰ মহানৱমীৰ দিনা ম'হ বলি দিয়া হয়। বিল্বেশ্বৰ দেৱালয়ত দুৰ্গা পূজা হয় যদিও ইয়াৰ পূজাৰ দেৱী মৃণ্ময় মূৰ্তি নহয়। এডাল কলগছৰ কাণ্ড অংশক সুশোভিত বস্ত্ৰ, আ-অলংকাৰেৰে সজাই দেৱী মূৰ্তিৰূপে পূজা-অৰ্চনা কৰা হয়।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ বিশ্ব ঐতিহ্য, শান্তনু কৌশিক বৰুৱা

সম্পৰ্কিত শ্ৰেণী

হিন্দুধৰ্মৰ মঠ-মন্দিৰঅসমৰ সংৰক্ষিত স্মৃতিচিহ্ন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিল্বেশ্বৰ দেৱালয়” প্ৰবন্ধৰ সংশোধন ২৫৭৮৬৭ (৫ জানুৱাৰী ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।