অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

বশিষ্ঠাশ্ৰম দেৱালয়

বশিষ্ঠাশ্ৰম দেৱালয় অসমৰ গুৱাহাটী মহানগৰৰ দক্ষিণ-পূবৰ সন্ধ্যাচল পাহাৰত অৱস্থিত এক শিৱ মন্দিৰ। এই মন্দিৰটো আহোম ৰজা ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰোৱাইছিল আৰু বহু মাটি দান দিয়ে। কিংবদন্তী মতে এই আশ্ৰম মহৰ্ষি বশিষ্ঠই স্থাপন কৰিছিল। 'গংগা' নামৰ জুৰি বৈ যোৱা এই আশ্ৰম পৰ্যটকৰ বাবে এক অন্যতম আকৰ্ষণৰ কেন্দ্ৰ।

হালনাগাদ: ১৭ ছেপ্তেম্বৰ ২০২৬ ১৮৪ শব্দ · ১ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

বশিষ্ঠাশ্ৰম দেৱালয় অসমৰ গুৱাহাটী মহানগৰৰ দক্ষিণ-পূবৰ সন্ধ্যাচল পাহাৰত অৱস্থিত এক শিৱ মন্দিৰ। এই মন্দিৰটো আহোম ৰজা চুৰেম্‌ফাই নিৰ্মাণ কৰোৱাইছিল১ আৰু বহু মাটি দান দিয়ে। কিংবদন্তী মতে এই আশ্ৰম মহৰ্ষি বশিষ্ঠই স্থাপন কৰিছিল। 'গংগা' নামৰ জুৰি বৈ যোৱা এই আশ্ৰম পৰ্যটকৰ বাবে এক অন্যতম আকৰ্ষণৰ কেন্দ্ৰ।

ইতিহাস

'কালিকা পুৰাণ'ৰ মতে এবাৰ ব্ৰহ্মাৰ পুত্ৰ বশিষ্ঠ মুনি নিমি ৰজাৰ শাপত দেহহীন হয়। নিৰূপায় হৈ বশিষ্ঠ ব্ৰহ্মাৰ শৰণাপন্ন হোৱাত তেখেতৰ উপদেশ অনুসৰি সন্ধ্যাচল পাহাৰত বিষ্ণুক তপস্যা কৰিবলৈ আৰম্ভ কৰে। তপস্যাত বিষ্ণু সন্তুষ্ট হয় আৰু বশিষ্ঠই সন্ধ্যাম ললিতা আৰু কান্তা- এই ত্ৰিধাৰা প্ৰবাহিত কৰি গংগাক নমাই আনে। ত্ৰিধাৰৰ সংগম স্থলতে গা ধুই আৰু পানী খাই মনিয়ে পূৰ্বৰূপ ঘূৰাই পায়। তেখেতৰ নামৰ পৰাই এই আশ্ৰমৰ নাম বশিষ্ঠাশ্ৰম হয়।২

আহোম ৰজা ৰাজেশ্বৰ সিংহই এই স্থানতে ১৭৫১-১৭৬৯ খ্ৰীষ্টাব্দৰ সময়চোৱাত এক শিৱ মন্দিৰ নিৰ্মাণ কৰোৱায় আৰু আশ্ৰমলৈ ৮৩৫ বিঘা মাটি দান দিয়ে।

অৱস্থান

বশিষ্ঠাশ্ৰম গুৱাহাটী মহানগৰৰ পৰা প্ৰায় ১১ কিলোমিটাৰ আঁতৰত অৱস্থিত। বেলতলা-বশিষ্ঠ পথেৰে গড়ভঙ্গা সংৰক্ষিত বনাঞ্চল পাৰ হৈ এই আশ্ৰম পোৱা যায়। আশ্ৰমত পোনতে এটা শিৱ মন্দিৰ আছে আৰু কাষতে এটা গণেশ মন্দিৰ আছে। আশ্ৰমৰ কাষেৰে 'গংগা' নামৰ জুৰি বৈ গৈছে। বশিষ্ঠই তপস্যাস্থল বুলি বিশ্বাস কৰা গুহা এটা আশ্ৰমৰ পাঁচ কিলোমিটাৰমান ভিতৰলৈ আছে।৩

তথ্যসূত্ৰ

  1. ↑ Deb, Dr P S. Shiv Temple at Basistha Ashram, Assam. ShivShankar.in
  2. ↑ শান্তনু কৌশিক বৰুৱা. (২০১৬). Master অসম ইয়েৰ বুক ২০১৬. জ্যোতি প্ৰকাশন. পৃ. ৪৮২-৪৮৩
  3. ↑ Prashanta. Basistha Temple in Guwahati. Assam Journal

সম্পৰ্কিত শ্ৰেণী

অসমৰ পৰ্যটনস্থলীঅসমৰ ধৰ্মীয় স্থানহিন্দুধৰ্মৰ মঠ-মন্দিৰঅসমৰ সংৰক্ষিত স্মৃতিচিহ্ন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বশিষ্ঠাশ্ৰম দেৱালয়” প্ৰবন্ধৰ সংশোধন ৬৩৬০২৬ (১৭ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।