অসমীয়া ভাষা
অসমীয়া ভাষা ভাৰত-আৰ্য ভাষা পৰিয়ালৰ অন্তৰ্গত এক প্ৰাচ্য ভাৰতীয়-আৰ্য ভাষা, আৰু অসমৰ ৰাজ্যিক ভাষা হিচাপে ই অঞ্চলটোৰ মুখ্য সংযোগী ভাষা। প্ৰাচীন কালৰ পৰা নিজা লিপি আৰু সাহিত্যিক পৰম্পৰাৰে পুষ্ট এই ভাষাই দীঘলীয়া বিৱৰ্তনৰ মাজেদি আহি ২০২৪ চনৰ ৩ অক্টোবৰ তাৰিখে ভাৰতৰ ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰে।