আমি অসমীয়া অসমীয়া ভাষাৰ এখন মাহেকীয়া অনলাইন আলোচনী। ২০১২ চনৰ ১ ফেব্ৰুৱাৰী তাৰিখে এই আলোচনীখন প্ৰথম সংখ্যাটি প্ৰকাশ হয়। ফেইচবুকৰ ‘আমি অসমীয়া’ নামৰ এটি গোটৰ জৰিয়তে এই আলোচনীখনে আত্মপ্ৰকাশ কৰিছিল। আলোচনীখনক ১৮৬০ চনৰ "Societies Act XXI" অনুসৰি ২০১২-২০১৩-ৰ বাবে KAM(M)/263-A/196 নম্বৰত পঞ্জীয়ন কৰা হৈছে।
ইতিবৃত্ত
২০১০ চনৰ ৩০ অক্টোবৰত ফে'চবুকত "আমি অসমীয়া" নামৰ গোটটোৱে আত্মপ্ৰকাশ কৰে। গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ মৃদুপৱন বৰুৱাই এই গোটতোৰ জন্ম দিয়ে। বৰ্তমানে এই গোটত ১১০০০ত কৈও অধিক সদস্য আছে। প্ৰায় এবছৰ কাল ফে'চবুক গোট হিচাপেই ভাষা-সাহিত্যৰ প্ৰতি সেৱা আগবঢ়োৱাৰ পিছত ২০১২ চনৰ ১ ফেব্ৰুৱাৰীত তাৰিখে “আমি অসমীয়া” ই- আলোচনী এটি ব্লগ (www.amiasomiya.wordpress.com) হিচাপে প্ৰকাশ পায়। ১ এপ্ৰিল, ২০১২ সংখ্যাৰ “আমি অসমীয়া” নিজা ড'মেইনেৰে www.amiasomia.org / www.amiasomiya.org ৰূপে প্ৰকাশ পায়। ১১ জুলাই, ২০১২ তাৰিখে সৰ্বসন্মতিক্ৰমে ‘আমি অসমীয়া’ক এটি বেচৰকাৰী সংস্থা হিচাপে পঞ্জীকৰণ কৰোৱা হয়। উপদেষ্টা, সম্পাদক, তত্বাবধায়ক সমন্বিতে বিভিন্ন কাৰ্য্যৰ উদ্দেশ্যে কেইবাজনকৈয়ো সদস্যৰে আলোচনীখনৰ এখন সম্পাদনা সমিতি আছে।
উদ্দেশ্য আৰু লক্ষ্য
অসমীয়া ভাষা-সাহিত্যক ইউনিক’ডৰ সহায়ত ই-বিশ্বত উপস্থাপন কৰা, সাহিত্যচৰ্চাৰ প্ৰতি আগ্ৰহী নতুন প্ৰজন্মক এক প্লেটফৰ্মৰ আগবঢ়োৱা আদি আলোচনীখনৰ মুখ্য উদ্দেশ্য। ফেচবুকৰ ‘আমি অসমীয়া’ গোটটোৰ উদ্দেশ্য হৈছে অসমীয়া লোকসকলক একত্ৰিত কৰি অসমীয়া ভাষা-সংস্কৃতিৰ সমন্বয়ৰ মাজেৰে অসমীয়া ভাষাটোক আৰু অসমীয়া সংস্কৃতিক জীয়াই ৰখাৰ কাৰণে এক অভিযান আৰম্ভ কৰা। এই গোটৰ উদ্যোগত আলোচনীখন পাঠকৰ উদ্দেশ্যে আগবঢ়োৱা হৈছে।
আলোচনীখনৰ বিভিন্ন দিশ
অসমীয়া ব্যাকৰণ পাঠৰ ব্যৱস্থা, অসমৰ প্ৰসিদ্ধ ব্যক্তিসকলৰ তালিকাসকলৰ সাক্ষাত্কাৰ, গ্ৰন্থ পৰ্যালোচনা আদি আলোচনীখনত উপলদ্ধ বিভিন্ন দিশ।
বাহ্যিক সংযোগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আমি অসমীয়া” প্ৰবন্ধৰ সংশোধন ৬৩৮৬৫৭ (২৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।