অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

বৰনদী অভয়াৰণ্য

বৰনদী অভয়াৰণ্য (Bornadi Wildlife Sanctuary) হিমালয়ৰ পাদদেশত আৰু ভূটানৰ সীমান্তত ওদালগুৰি জিলা আৰু বাক্সা জিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য। ইয়াৰ পশ্চিম সীমান্তইদি বৈ যোৱা বৰনদী নৈৰ নামেৰে এই অভয়াৰণ্যৰ নামকৰণ কৰা হৈছে।

হালনাগাদ: ১২ জুন ২০২৫ ২২২ শব্দ · ১ মিনিট সংগৃহীত ৯০
সংশোধনৰ পৰামৰ্শ

বৰনদী অভয়াৰণ্য (Bornadi Wildlife Sanctuary) হিমালয়ৰ পাদদেশত আৰু ভূটানৰ সীমান্তত ওদালগুৰি জিলা আৰু বাক্সা জিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য। ইয়াৰ পশ্চিম সীমান্তইদি বৈ যোৱা বৰনদী নৈৰ নামেৰে এই অভয়াৰণ্যৰ নামকৰণ কৰা হৈছে।

ইতিহাস

এই বনাঞ্চলক ১৯৮০ চনত মূলত: হিছপিড হেয়াৰ (Hispid Hare) আৰু নল গাহৰিৰ প্ৰতিৰক্ষা প্ৰদানৰ উদেশ্যে অভয়াৰণ্য ৰূপে স্বীকৃতি দিয়া হয়।১.

ভূটান সীমান্তৰ হিমালয়ৰ পাদদেশৰ ৰজাগড় অঞ্চলত বৰনদী অভয়াৰণ্য অৱস্থিত। অভয়াৰণ্যখনে প্ৰায় ২৬,২২ বৰ্গকিলোমিটাৰ অঞ্চল আগুৰি আছে। পূৰ্বতে অভয়াৰণ্যখন দৰং জিলাত আছিল। বৰ্তমান ই বিটিএডিৰ অন্তৰ্গত বাক্সা জিলা আৰু ওদালগুৰি জিলাত অন্তৰ্ভুক্ত হৈছে।

১৯৪২ চনতে বৰনদী বনাঞ্চলক ‘বৰনদী সংৰক্ষিত বনাঞ্চল হিচাপে স্বীকৃতি দিয়া হয়। অসম চৰকাৰে নলগাহৰি আৰু খাগৰিকটা শহাৰ বাসস্থানৰ সংৰক্ষণৰ বাবে ১৯৮০ চনৰ ২২ আগষ্টত এক জাননীৰ জৰিয়তে বৰনদীক অভয়াৰণ্যলৈ উন্নীত কৰে। অভয়াৰণ্যখন মঙলদৈ বন্যপ্ৰাণী সংমণ্ডলৰ অন্তৰ্গত। পৃথিৱীৰ মানচিত্ৰত বৰনদী ২৬°৪৮ উত্তৰ অক্ষাংশ আৰু ৯১.৪৫ পূৰ্ব দ্ৰাঘিমাংশত অৱস্থিত।

ভৌগিলিক বিৱৰণ

বৰনদী অভয়াৰণ্যৰ মাটিকালি প্ৰায় ২৬.২২ বৰ্গকিলোমিটাৰ২ ইয়াৰ পশ্চিমদিশে বৰনদী নামৰ নৈ বৈ গৈছে। এই বনাঞ্চল মঙলদৈ চহৰ আৰু গুৱাহাটীৰ পৰা প্ৰায় ৭০ আৰু ১৩০ কিমি দূৰত্বত অৱস্থিত।৩৪

জলবায়ু

বৰনদী অভয়াৰণ্যৰ জলবায়ু উপ-ক্ৰান্তীয় (sub-tropical) ধৰণৰ।৫

জৈৱবৈচিত্ৰ্য

প্ৰাণী: নল-গাহৰি, সোণালী বান্দৰ, গোধাফুটুকী বাঘ, হলৌ বান্দৰ, হাতী, ঢেঁকীয়াপতিয়া বাঘ, বনৰীয়া মেকুৰী, কেৰ্কেটুৱা, সুগৰী পহু, বনৰীয়া গাহৰি,ৰাংকুকুৰ, ভালুক, Small Indian Civet,Chinese Pangolin, Hispid Hare আদি।৬চৰাই-চিৰিকটি: পাকৈঢোৰা,উলুম'ৰা, মাছৰোকা,ময়ূৰ চৰাই, হয়কলি ইত্যাদি

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ www.assaminfo.com/tourist-places/40/bornadi-wild
  2. ↑ আৰ্কাইভ কপি
  3. ↑ Department of Environment & Forests (Government of Assam). Assamforest.in
  4. ↑ Bornadi Wildlife Sanctuary. Wikimapia.org
  5. ↑ Sharad Singh Negi. (2002). Handbook of National Parks, Wildlife Sanctuaries and Biosphere Reserves in India. Indus Publishing. পৃ. 89–. ISBN 978-81-7387-128-3
  6. ↑ (2013-04-05). Wildlife Sanctuaries in Assam, National parks of Assam. Mapsofindia.com

সম্পৰ্কিত শ্ৰেণী

অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৰনদী অভয়াৰণ্য” প্ৰবন্ধৰ সংশোধন ৫১৭৪৬৪ (১২ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।