চন্দ্ৰকান্ত সন্দিকৈ ভৱন (Chandrakanta Handique Bhavan) হৈছে অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়।১ এই ভৱনটো যোৰহাট জিলাত অৱস্থিত। অসমৰ বিভিন্ন জনগোষ্ঠীৰ ভাষাসমূহৰ উন্নতিৰ কাম-কাজৰ লগত এই ভৱনটো জড়িত হৈ আছে। ১৯২৬ চনত ৰাধাকান্ত সন্দিকৈয়ে তেওঁৰ পুত্ৰ চন্দ্ৰকান্ত সন্দিকৈৰ স্মৃতিত এই ভৱনটো নিৰ্মাণৰ বাবে বৰঙণি আগবঢ়াইছিল।১ অসম সাহিত্য সভাৰ প্ৰথমজন সম্পাদক শৰৎচন্দ্ৰ গোস্বামীয়ে ভৱনটি নিৰ্মাণৰ কাম হাতত লৈছিল। ২০২৫ চনৰ ২ ডিচেম্বৰ তাৰিখে এই ভৱনটি নিৰ্মাণৰ ১০০ বছৰ সম্পূৰ্ণ হ'ব।
পুনৰ নিৰ্মাণ
পুৰণি ভৱনটোৰ কিছু অংশ ক্ষতি হোৱাত ইয়াক পুনৰ নিৰ্মাণ কৰা হয়। অসম চৰকাৰে এই ভৱনটোৰ পুনৰ নিৰ্মাণ কৰাৰ দায়িত্ব লৈছিল। পূৰ্বৰ ভৱনটোৰ স্থানতে নতুন ভৱনটোৰ নিৰ্মাণ কৰা হয়।১২
উদ্বোধন
ভৱনটোৰ কাম হৈ যোৱাৰ পিছত ১৯২৬ চনৰ ২ ডিচেম্বৰ তাৰিখে সেই সময়ৰ গৱৰ্ণৰ ছাৰ জন কাৰকে ভৱনটো উদ্বোধন কৰিছিল।
পুনৰ নিৰ্মিত ভৱনটি ২০১১ চনৰ ১১ জানুৱাৰীত অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে উদ্বোধন কৰে।২ লগতে অসম চৰকাৰে এই ভৱনটোক চন্দ্ৰকান্ত সন্দিকৈ ঐতিহ্য ভৱন বুলি নামকৰণ কৰে।২ তৰুণ গগৈয়ে লগতে কয় যে, ৰাধাকান্ত সন্দিকৈয়ে সেই সময়তে অসমীয়া সংস্কৃতি আৰু সাহিত্যৰ প্ৰয়োজনীয়তাৰ কথা বুজিছিল। সেয়েহে, ১৯২৬ চনতে ৰাধাকান্ত সন্দিকৈয়ে অসম সাহিত্য সভাক এই ভৱনটো দান দিছিল।২
লগতে চাওক
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Buildings and Monuments in Jorhat. Pan India Internet Private Limited
- ↑ (January 12, 2011). Chandrakanta Handique Bhavan inaugurated. assam tribune
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চন্দ্ৰকান্ত সন্দিকৈ ভৱন” প্ৰবন্ধৰ সংশোধন ৫২৫৮০৭ (২১ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।