, ভাৰতৰ এক বিশ্ব ঐতিহ্য ক্ষেত্ৰ]]
বিশ্ব ঐতিহ্য ক্ষেত্ৰ বা ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ হৈছে ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থাৰ দ্বাৰা স্বীকৃত আৰু প্ৰণীত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত লিপিবদ্ধ হোৱা বিশেষ ধৰণৰ কিছুমান স্থান। এই স্থানবোৰ অৰণ্য, পাহাৰ, হ্ৰদ, মৰুভূমি, স্মৃতিস্তম্ভ, দালান, প্ৰসাদ বা চহৰ আদি হব পাৰে। ১৯৭২ চনৰ ইউনেস্কো বিশ্ব ঐতিহ্যৰ বৰ্ণনা অনুযায়ী এই স্থানসমূহ সাংস্কৃতিক অথবা প্ৰাকৃতিক ঐতিহ্যৰ দিশ থকা বিশেষ গুৰুত্বসম্পন্ন স্থান।১ অসমৰ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰাপ্ত।২
২০১২ চনৰ তথ্য অনুযায়ী, ভাৰতত ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থাৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সংখ্যা হ'ল ২৯ টা।৩ আগ্ৰা ফ'ৰ্ট আৰু অজন্তা গুহাসমূহ সৰ্বপ্ৰথম ভাৰতৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰসমূহৰ মৰ্যাদা পায়। ১৯৮৩ চনত সপ্তম বিশ্ব ঐতিহ্য অধিবেশনত উক্ত স্থানদুটা বিশ্ব ঐতিহ্যৰ মৰ্যাদা লাভ কৰিছিল। পৰৱৰ্তী বছৰসমূহত আৰু ২৬টা কেন্দ্ৰৰ নাম এই তালিকাত যুক্ত হয়। ২০১০ চনত বিশ্ব ঐতিহ্য স্বীকৃতিপ্ৰাপ্ত জয়পুৰৰ যন্তৰ মন্তৰ দেশৰ সাম্প্ৰতিক বিশ্ব ঐতিহ্য ক্ষেত্ৰ। ভাৰতৰ ২৯টা বিশ্ব ঐতিহ্য কেন্দ্ৰৰ মাজত ২৩টা সাংস্কৃতিক কেন্দ্ৰ আৰু অৱশিষ্ট ৬টা প্ৰাকৃতিক কেন্দ্ৰ। ইয়াৰোপৰি ৩৩টা কেন্দ্ৰ বা সম্পত্তিৰ নাম ভাৰতৰ সম্ভাব্য বিশ্ব ঐতিহ্য তালিকাৰ অন্তৰ্ভুক্ত কৰিছে।৩
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিশ্ব ঐতিহ্য ক্ষেত্ৰ” প্ৰবন্ধৰ সংশোধন ৫৭২২৫৫ (২৮ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।