লাওখোৱা অভয়াৰণ্য (Laokhowa Wildlife Sanctuary) অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণপাৰে নগাঁও জিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য। ই এশিঙীয়া গঁড় তথা বনৰীয়া ম'হৰ বাবে এক উত্তম বাসস্থান বুলি পৰিগণিত হৈছে। ই লাওখোৱা-বুঢ়াচাপৰি পৰিস্থিতি তন্ত্ৰৰ অন্তৰ্গত।
ইতিহাস
এই বনাঞ্চলক ১৯৭২ চনত বন্যপ্ৰাণী অভয়াৰণ্যৰ স্বীকৃতি প্ৰদান কৰা হয়।
ভৌগিলিক বিৱৰণ
লাওখোৱা অভয়াৰণ্যৰ মাটিকালি প্ৰায় ৭০.১৩ বৰ্গকিলোমিটাৰ। ১ নগাওঁ তথা গুৱাহাটীৰ পৰা ইয়াৰ দুৰত্ব ক্ৰমান্ধয়ে ২৮ আৰু ১৪৮ কিলোমিটাৰ। ২
জৈৱবৈচিত্ৰ্য
উদ্ভিদ:
প্ৰাণী: হাতী, বনৰীয়া ম'হ, ঢেঁকীয়াপতিয়া বাঘ,কেৰ্কেটুৱা, সুগৰী পহু, বনৰীয়া গাহৰি,অসমীয়া বান্দৰ ইত্যাদি৩
চৰাই-চিৰিকটি: প্ৰায় ২২৫ বিধ চৰাইৰ প্ৰজাতি, যেনে- হাড়গিলা,পাতি শগুন, বৰটোকোলা,হাইঠা ইত্যাদি।
সৰীসৃপ: ১৪ বিধ বিভিন্ন সৰীসৃপৰ প্ৰজাতি, যেনে- ফেঁটীসাপ, অজগৰ, কাছ, গুইঁ ইত্যাদি।
মাছ:৩৯ বিধ মাছৰ প্ৰজাতিৰ প্ৰজননস্থলী
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লাওখোৱা অভয়াৰণ্য” প্ৰবন্ধৰ সংশোধন ৫০৭১৩৮ (৯ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।