পখীতীৰ্থ (Pokhitirtho) বা চামগুৰি বিল হৈছে নগাঁও চহৰৰ পৰা প্ৰায় ষোল্ল কিলোমিটাৰ দূৰত্বত অৱস্থিত এখনি জলভূমি। বিভিন্ন সময়ত ইয়ালৈ পৰিভ্ৰমী পখীৰ আগমন ঘটে বাবে এই বিলখনক পখীতীৰ্থ বুলি কোৱা হয়। ১
চমু বিৱৰণ

কলং নদী নদীৰ পৰিত্যক্ত পথৰ দ্বাৰা চামগুৰি বিলখন সৃষ্টি কৰা হৈছিল৷১
২০১৪ চনৰ ২৯ জুনত এই বিলৰ ওপৰত নিৰ্মাণ কৰা ৰজ্জুপথটো মুকলি কৰা হৈছিল৷ বৰ্তমান এই সেৱা বন্ধ৷ ২
তথ্যসূত্ৰ
- ↑ Places of Tourist interest in Nagaon. Govt. of Assam, Nagaon District
- ↑ (June 30, 2014). Samaguri lake mini passenger ropeway opened. Assam tribune
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পখীতীৰ্থ” প্ৰবন্ধৰ সংশোধন ৩৮৫৩১০ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।