অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

ভূপেন হাজৰিকা সেতু

ভূপেন হাজৰিকা (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) ভূপেন হাজৰিকা সেতু বা ঢলা-শদিয়া দলং (Dhola–Sadiya bridge) হৈছে অসমৰ তিনিচুকীয়া জিলাৰ শদিয়া আৰু ঢলাক সংযোগ কৰা লোহিত নদীৰ ওপৰত অৱস্থিত এখন এখলপীয়া পথ দলং। এই দলংখনে অসম আৰু অৰুণাচল প্ৰদেশৰ মাজৰ যোগাযোগ সহজ কৰি তোলে।

হালনাগাদ: ১১ জুলাই ২০২৬ ৩৩৯ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

ভূপেন হাজৰিকা (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)

ভূপেন হাজৰিকা সেতু বা ঢলা-শদিয়া দলং (Dhola–Sadiya bridge) হৈছে অসমৰ তিনিচুকীয়া জিলাৰ শদিয়া আৰু ঢলাক সংযোগ কৰা লোহিত নদীৰ ওপৰত অৱস্থিত এখন এখলপীয়া পথ দলং। এই দলংখনে অসম আৰু অৰুণাচল প্ৰদেশৰ মাজৰ যোগাযোগ সহজ কৰি তোলে। ২০১১ চনত নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা এই দলঙৰ নিৰ্মাণকাৰ্য ২০১৭ চনত শেষ হয়। ২০১৭ চনৰ ২৬ মে তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই দলংখন আনুষ্ঠানিকভাৱে মুকলি কৰে।১ ভূপেন হাজৰিকাৰ স্মৃতিত দলংখনৰ নাম ভূপেন হাজৰিকা সেতু নামেৰে নামকৰণ কৰা হৈছে।২ ৯.১৫ কিঃমিঃ দৈৰ্ঘৰ এই দলং ভাৰতৰ তথা এছিয়াৰ দীৰ্ঘতম নদী দলং।৩৪৫ অসমৰ একেবাৰে পূব প্ৰান্তত অৱস্থিত এই দলংখনে অসম আৰু অৰুণাচল প্ৰদেশৰ যোগাযোগ ব্যৱস্থা ক্ষিপ্ৰতৰ কৰি উঠাৰ লগতে প্ৰতিৱেশী বিদেশী ৰাষ্ট্ৰ চীন, ম্যানমাৰৰ লগত যোগাযোগ তথা আৰ্থ-সামাজিক দিশত ন ন দুৱাৰ মুকলি হ’ব বুলি আশা কৰা হৈছে।

অসমৰ ৰাজধানী গুৱাহাটীৰ পৰা শদিয়াৰ দূৰত্ব ৫৪০ কিঃমিঃ আনহাতে, অৰুণাচলৰ ৰাজধানী ইটানগৰৰ পৰা ঢলাৰ দূৰত্ব ৩০০ কিঃমিঃ। শদিয়াৰ নিকটতম বিমান বন্দৰ হ’ল ডিব্ৰুগড় বিমানবন্দৰ। উল্লেখযোগ্য যে অৰুণাচলত কোনো বাণিজ্যিক বিমান বন্দৰ নাই তথা ৰে'ল ব্যৱস্থাও ইমান সুচল নহয়। সেয়ে পথ পৰিবহণ এই ৰাজ্যৰ যাতায়তৰ মূল ভেটি। তদুপৰি এই দলংখনে অসমৰ পৰা অৰুণাচলৰ পথ চাৰি ঘণ্টা কাললৈ চুটি কৰি আনিব।

মুম্বাইৰ বিখ্যাত বান্দ্ৰা-ৱাৰলী চি লিংক সেতুৰ পৰা এই দলং প্ৰায় ৩০ শতাংশ দীঘল।৬

২০১১ চনত নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা এই দলংখনৰ আনুমানিক মুঠ ব্যয় ৯৫০ কোটি টকা।

কেৱল সাধাৰণ নাগৰিকৰ বাবেই নহয়, এই দলং সেনাবাহিনীৰ বাবেও গুৰুত্বপূৰ্ণ ভূমিকা আছে। টেংক তথা গধুৰ অস্ত্ৰ পাতি পৰিবহণত এই দলং একমাত্ৰ সাৰথি। অৰুণাচলৰ উত্তৰ সীমান্তত চীন দেশ অৱস্থিত। এই অঞ্চলৰ পৰা ভাৰতৰ মূলভাগৰ লগত যোগাযোগ ৰক্ষাৰ ক্ষেত্ৰত ঢলা শদিয়া দলংখনে মুখ্য ভূমিকা পালন কৰিব।

কেন্দ্ৰীয় চৰকাৰে ঢলা-শদিয়া দলঙৰ যোগাযোগ ব্যৱস্থাৰ উন্নতিৰ বাবে ২০১৫ চনত ১৫,০০০ কোটি টকাৰ এক পেকেজ ঘোষণা কৰিছিল।

নিৰ্মাণ

হাইদৰাবাদস্থিত নৱযুগ ইঞ্জিনীয়াৰিং কোম্পানী লিমিটেড নামৰ এক সংস্থাৰ লগত যৌথ উদ্যোগত ২০১১ চনৰ পৰা লোহিত নদীৰ ওপৰত এই দলঙৰ নিৰ্মাণ কাম আৰম্ভ হয়। প্ৰায় ৯৩৮ কোটি টকা ব্যয়ে নিৰ্মিত এই দলং ২০১৭ চনত সম্পূৰ্ণ হৈ উঠে। ২০১৭ চনৰ ২৬ মে’ তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই দলং আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।

বৈশিষ্ট্য

  • দৈৰ্ঘ্য: ৯.১৫ কিঃমিঃ
  • প্ৰস্থ: ১২ মিটাৰ
  • স্পেনৰ সংখ্যা: ১৮৩ টা
  • ভাৰতৰ দীৰ্ঘতম দলং

তথ্যসূত্ৰ

  1. ↑ www.livemint.com/Politics/K8AqUjfZwQDvbJoc69b79M
  2. ↑ India opens longest bridge on China border. BBC News
  3. ↑ Longest bridge in India provides a quick link to LAC
  4. ↑ The mighty Brahmaputra is the biggest hurdle to the country’s longest bridge
  5. ↑ ভাৰতৰ দীৰ্ঘতম দলং ‘ঢলা শদিয়া’
  6. ↑ Longest bridge in India provides a quick link to LAC

সম্পৰ্কিত শ্ৰেণী

অসমৰ দলংব্ৰহ্মপুত্ৰৰ ওপৰত দলংভূপেন হাজৰিকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভূপেন হাজৰিকা সেতু” প্ৰবন্ধৰ সংশোধন ৬১৬৭৫২ (১১ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।