অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

সোণাই-ৰূপাই অভয়াৰণ্য

সোণাই-ৰূপাই অভয়াৰণ্য ( Sonai Rupai Wildlife Sanctuary ) অসমৰ শোণিতপুৰ জিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য। অসমৰ ৰাজ্যিক চৰাই দেওহাঁহৰ ই এক উল্লেখযোগ্য বাসস্থান। জৈৱবৈচিত্ৰ্যৰ লগতে এই অভয়াৰণ্যৰ প্ৰাকৃতিক সৌন্দৰ্য অতি মনোৰম।

হালনাগাদ: ১ আগষ্ট ২০২৫ ১৪১ শব্দ · ১ মিনিট সংগৃহীত ৯০
সংশোধনৰ পৰামৰ্শ

সোণাই-ৰূপাই অভয়াৰণ্য ( Sonai Rupai Wildlife Sanctuary ) অসমৰ শোণিতপুৰ জিলা জিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য। অসমৰ ৰাজ্যিক চৰাই দেওহাঁহৰ ই এক উল্লেখযোগ্য বাসস্থান।১ জৈৱবৈচিত্ৰ্যৰ লগতে এই অভয়াৰণ্যৰ প্ৰাকৃতিক সৌন্দৰ্য অতি মনোৰম।

ইতিহাস

১৯৯৮ চনত ইয়াক বন্যপ্ৰাণী অভয়াৰণ্যৰ স্বীকৃতি দিয়া হয়।

ভৌগিলিক বিৱৰণ

সোণাই-ৰূপাই অভয়াৰণ্যৰ মাটিকালি প্ৰায় ২২০ বৰ্গ কিলোমিটাৰ।২৩ ই হিমালয়ৰ পাদদেশত অৱস্থিত। তেজপুৰ আৰু গুৱাহাটীৰ পৰা এই অভয়াৰণ্যৰ দূৰত্ব ক্ৰমান্বয়ে ৫২ কিঃমিঃ আৰু ১৯৩ কিঃমিঃ। এই অভয়াৰণ্যৰ ১১০ বৰ্গ কিঃমিঃক নামেৰী ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ছেটেেলাইট ক’ৰ হিচাপে স্বীকৃতি দিয়া হৈছে।

জৈৱবৈচিত্ৰ্য

  • স্তন্যপায়ী প্ৰাণী:

অসমীয়া বান্দৰ, টুপীমূৰীয়া বান্দৰ, দল-হৰিণা, নাহৰফুটুকী বাঘ, বন-ৰৌ, শিয়াল, শৰপহু, সুগৰী পহু, সেন্দূৰী বান্দৰ, হলৌ বান্দৰ, বাদুলি, মলুৱা বান্দৰ, লাজুকী বান্দৰ, সুগৰী পহু, বনৰীয়া মেকুৰী, হাতী৪

  • চৰাই-চিৰিকটি:

আমৰ’লীয়া হাঁহ, ইটাগুৰীয়া হাইঠা, উকাহ, কণামুছৰি, বিহুৱতী চৰাই, বুলবুলি, বৰীশেন, ভদৰকলি, ভীমৰাজ, মাছৰোকা, দেওহাঁহ ইত্যাদি।

  • সৰীসৃপ:

পাইথন, Russell's Viper আদি।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ আৰ্কাইভ কপি
  2. ↑ enajori.com. Sonai Rupai Wildlife Sanctuary. enajori.com
  3. ↑ (2011-10-31). Sonai Rupai Wildlife Sanctuary in Assam. Assamspider.com
  4. ↑ Wahid Saleh. Indiawijzer. Indiawijzer.nl

সম্পৰ্কিত শ্ৰেণী

অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সোণাই-ৰূপাই অভয়াৰণ্য” প্ৰবন্ধৰ সংশোধন ৫২৯১৬১ (১ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।