অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

ঢেকীয়াজুলি

ঢেকীয়াজুলি (IPA:ˈdeɪkɪəˌdʒʊəlɪ)(Dhekiajuli)অসমৰ শোণিতপুৰ জিলাত অৱস্থিত এটা অঞ্চল।

হালনাগাদ: ৩১ জুলাই ২০২৬ ২৮৯ শব্দ · ২ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

ঢেকীয়াজুলি (IPA:ˈdeɪkɪəˌdʒʊəlɪ)(Dhekiajuli)অসমৰ শোণিতপুৰ জিলাত অৱস্থিত এটা অঞ্চল।

ইতিহাস

শ্বহীদ নগৰী,

১৯৪২ চনৰ ২০ চেপ্তেম্বৰ তাৰিখে ইয়াতেই ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত ১৩ গৰাকী শ্বহীদে ব্ৰিটিছ চৰকাৰৰ বন্দুকৰ গুলীত আত্ম বলিদান দিছিল।

ভৌগোলিক বিৱৰণ

ঢেকীয়াজুলি ভৌগোলিকভাৱে ত অৱস্থিত।১ এই অঞ্চলৰ সাগৰৰ পৰা গড় উচ্চতা ১০০ মিটাৰ (৩২৮ ফুট)। এই অঞ্চলটোৰ এশে পাশে ভালেসংখ্যক চাহ বাগিচা আছে। তদুপৰি এই অঞ্চলটো ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৱৰ্ত্তী।

আন্তঃগাঁথনি

২০১১ চনৰ লোকপিয়ল অনুসৰি, ঢেকীয়াজুলিৰ মুঠ জনসংখ্যা ১৯,৭৪৩ জন। ২ ইয়াৰে ৫৩% পুৰুষ আৰু ৪৭% মহিলা। ঢেকীয়াজুলিৰ গড় সাক্ষৰতাৰ হাৰ ৭৪%। ইয়াৰ ভিতৰত পুৰুষ আৰু মহিলাৰ পৃথকভাৱে গড় সাক্ষৰতাৰ হাৰ হ'ল ৫৯.৫% আৰু ৬৯%। ঢেকীয়াজুলিৰ জনসংখ্যাৰ ১০% ছয় বছৰ বয়সৰ অনুৰ্ধৰ।

যাতায়ত ব্যৱস্থা

ঢেকীয়াজুলি অঞ্চলটো ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে অৱস্থিত হোৱা বাবে অঞ্চলটোলৈ যাতায়তৰ ব্যৱস্থা অতি সুচল। ইয়াত অসম ৰাজ্যিক পৰিবহণ নিগমৰ অন্তৰ্গত এটা বাছ আস্থান হোৱাৰ উপৰিও এটা বেচৰকাৰী বাছ আস্থান আছে। ইয়াৰ লগতে ৰেলপথেৰেও এই অঞ্চলতোলৈ যাতায়তৰ ব্যৱস্থা সুগম।

ঢেকীয়াজুলিত ভালসংখ্যক শিক্ষা প্ৰতিষ্ঠান আছে। ইয়াৰে ভিতৰত উল্লেখযোগ্য হ'ল-

বিদ্যালয়-

  • ঢেকীয়াজুলি উচ্চ মাধ্যমিক বিদ্যালয়
  • শংকৰদেব শিশু/বিদ্যা নিকেতন।
  • ব্ৰহ্মপুত্ৰ পাব্লিক বিদ্যালয়।
  • শোণিতপুৰ একাডেমী,২নং চাৰিআলি।
  • নাৰেংকাতি উচ্চতৰ মাধ্যমিক বিদ্যালয়।
  • চিৰাজুলি উচ্চতৰ মাধ্যমিক বিদ্যালয়।

কনিষ্ঠ মহাবিদ্যালয়::

লক্ষীণাথ বেজবৰুৱা একাদেমি।

মহাবিদ্যালয়-

  • লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়

অন্যান্য-

•

ৰাজনীতি

ঢেকীয়াজুলি তেজপুৰ (লোকসভা সমষ্টি)ৰ অন্তৰ্ভুক্ত। ৩

উল্লেখযোগ্য ঠাই

ইস্কন মন্দিৰ গুপ্তেশ্বৰ বা শিঙৰি শিৱ মন্দিৰ

উল্লেখযোগ্য ব্যক্তি

  • লোকনায়ক অমিয় কুমাৰ দাস
  • পুষ্পলতা দাস, স্বাধীনতা সংগ্ৰামী
  • অশোক সিংহল, বিধায়ক আৰু অসম চৰকাৰৰ মন্ত্ৰী
  • নাৰায়ণ বৰা, সভাপতি, ঢেকিয়াজুলি নাগৰিক মঞ্চ
  • ৰমেশ চন্দ্ৰ বৰা, অৱসৰপ্ৰাপ্ত শিক্ষক, বিশিষ্ট সাংবাদিক
  • ললিত বৰুৱা, সাহিত্যিক পেঞ্চনাৰ, শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি
  • প্ৰদীপ কুমাৰ নাথ, শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি
  • ধ্ৰুৱ ভূষণ মহন্ত, সভাপতি, ঢেকিয়াজুলি শাখা সাহিত্য সভা
  • ড° হৰি প্ৰসাদ বৰুৱা, সম্পাদক,ঢেকিয়াজুলি শাখা সাহিত্য সভা
  • কাজল বৰা, সমাজ সেৱক
  • মহেন্দ্ৰ কুমাৰ মহেশ্বৰী, বিশিষ্ট ব্যৱসায়ী
  • মহাবীৰ চেঠীয়া, সম্পাদক, মাৰোৱাৰী পঞ্চায়ত
  • ৰাতুল কুমাৰ নাথ, ৰাজনীতিক
  • দেৱীচৰণ নেওগ, সমাজসেৱক
  • পংকজ কুমাৰ নাথ, বিশিষ্ট সাংবাদিক
  • ছাহজাহান আলী, সমাজ সেৱক, সম্পাদক(ৰাক্ষসমাৰি আঞ্চলিক আমছু)

তথ্যসূত্ৰ

  1. ↑ Falling Rain Genomics, Inc - Dhekiajuli
  2. ↑ Population Finder. Censusindia.gov.in
  3. ↑ List of Parliamentary & Assembly Constituencies. Assam. Election Commission of India

সম্পৰ্কিত শ্ৰেণী

অসমৰ নগৰ-মহানগৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঢেকীয়াজুলি” প্ৰবন্ধৰ সংশোধন ৬২২১০৭ (৩১ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।