শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামীদেৱে ১৯৯৭ চনত “নিৰ্মালি” গ্ৰহণ কৰি আউনীআটী সত্ৰৰ বৰ্তমানৰ সত্ৰাধিকাৰ পদত অধিষ্ঠিত হয়। ১
প্ৰাৰম্ভিক জীৱন
ডিব্ৰুগড় জিলাৰ দুলীয়াজনৰ সমীপৰ বিজয় মাহামৰা সত্ৰত ১৯৫৯ চনৰ ১৪ জুনত জন্ম গ্ৰহণ কৰে। পিতৃৰ নাম দেৱকান্ত গোস্বামী আৰু মাতৃৰ নাম সুভদ্ৰা দেৱী। শিশু পীতাম্বৰদেৱক ৯ বছৰ বয়সতে টেঙাঘাট বাহৰত বাহৰ পাতি থকা সেই সময়ৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ স্বৰ্গীয় হেমচন্দ্ৰ দেৱগোস্বামীৰ হাতত অৰ্পণ কৰে। পীতাম্বৰদেৱে আধুনিক আনুষ্ঠানিক শিক্ষাৰ পাতনি মেলে দুলীয়াজানৰ জালান প্ৰাথমিক বিদ্যালয়ত। এইখন বিদ্যালয়ত দ্বিতীয় মানলৈকে পঢ়াৰ পাছত আউনীআটী সত্ৰৰ নিজা বিদ্যালয় আউনীআটী উচ্চ বুনিয়াদী বিদ্যালয়ত মাধ্যমিক শিক্ষা সম্পূৰ্ণ কৰে।
উচ্চশিক্ষা
আউনীআটী হেমচন্দ্ৰ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নৱম শ্ৰেণী উৰ্ত্তীণ কৰাৰ পাছত, তেখেত উত্তৰ গুৱাহাটীত অৱস্থিত আউনীআটী সত্ৰৰ শাখা সত্ৰলৈ যায় আৰু তাতে থাকি ১৯৭৭ চনত উত্তৰ গুৱাহাটী কমলদেৱ প্ৰতিষ্ঠানৰ পৰা সুখ্যাতিৰে মেট্ৰিক পৰীক্ষাত উৰ্ত্তীণ হয়। উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ পৰা ১৯৭৯ চন আৰু ১৯৮১ চনত ক্ৰমে প্ৰাক বিশ্ববিদ্যালয় আৰু অসমীয়াত সন্মানসহ স্নাতক ডিগ্ৰী অৰ্জন কৰে। ১৯৮৬ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পীতাম্বৰদেৱে অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেখেতে সংস্কৃত শিক্ষাও উত্তৰ গুৱাহাটীৰ আউনীআটী লীলাকান্ত সংস্কৃত বিদ্যালয়ৰ লয় আৰু ব্যাকৰণত “শাস্ত্ৰী” উপাধি লাভ কৰে। শ্ৰী শ্ৰী পীতাম্বৰদেৱে ড॰ নগেন শইকীয়াৰ তত্ত্বাৱধানত "সত্ৰীয়া উৎসৱৰ পৰিচয় আৰু তাৎপৰ্য্য বিচাৰ" শীৰ্ষক বিষয়ৰ ওপৰত গৱেষণা কৰি ২০০১ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট উপাধি অৰ্জন কৰে।
এজন সুলেখক হিচাপে পৰিচিত শ্ৰী শ্ৰী পীতাম্বৰদেৱে ইতিমধ্যে ভালেমান গ্ৰন্থ আৰু নাট্য গীতি ৰচনা কৰিছে।
শ্ৰী শ্ৰী পীতাম্বৰদেৱৰ ৰচনা সমূহ
- অজামিল উপাখ্যান (পবিত্ৰ পাপী) – মঞ্চ আৰু ভাৱনাৰ বাবে উপযুক্ত।
- দিতিৰ দৰ্পচুৰ্ণ।
- ৰজা ৰুক্মাঙ্গদৰ ধৰ্ম্ম পৰীক্ষা (একাদশীৰ মাহাত্ম্য্)
- অতনুৰ জীৱন মুক্তি (কামদেৱৰ কাহিনীৰ ওপৰত)
- পাঁচখনকৈ নাট্য গীতি তৰঙ্গিনী সঙ্গীতালেখ্য
- পাঁচখনকৈ নৃত্য-নাটিকাৰ সংকলন।
বঁটা-সন্মান
- অসম সাহিত্য সভাৰ কথা সাহিত্য সন্মান
- প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্ট প্ৰাইভেট লিমিটেড প্ৰদত্ত জীৱনজোৰা সাধনা বঁটা, ২০২৬
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ সন্মানীয় ডি.লিট উপাধি, ২০২৫
তথ্যসূত্ৰ
- চাৰি ৰাজসত্ৰৰ বুৰঞ্জী - সম্পাদক: শিৰীষ কুমাৰ ভট্টাচাৰ্য্য, প্ৰকাশক: দক্ষিণপাট সত্ৰ শিষ্য সন্মিলন, প্ৰকাশ কাল: ১৯৯৭ চন।
- www.auniati.org/Present_Satradhikar.asp
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (নৱেম্বৰ, ২০২০). সাক্ষাৎকাৰ. ফটাঢোল. জ্ঞানম
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পীতাম্বৰ দেৱ গোস্বামী (আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ)” প্ৰবন্ধৰ সংশোধন ৬৩৫৯৩২ (১৭ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।