অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান (Assam State Zoo cum Botanical Garden) অসমৰ গুৱাহাটী মহানগৰৰ ৰাধাগোবিন্দ পথত অৱস্থিত। ই উত্তৰ-পূব ভাৰতৰ আটাইতকৈ বৃহৎ ৰাজ্যিক চিৰিয়াখানা। এই চিৰিয়াখানাৰ মুঠ মাটিকালি প্ৰায় ১৭৫ হেক্টৰ। এই চিৰিয়াখানাটো গুৱাহাটীৰ হেঙেৰাবাৰী সংৰক্ষিত বনাঞ্চলত অৱস্থিত। লণ্ডনৰ হুইপ্ছনেইড (whipsnade) চিৰিয়াখানাৰ আৰ্হিত ইয়াৰ জীৱ-জন্তুবোৰক প্ৰাকৃতিক পৰিবেশত ৰখা হৈছে।১ তথ্য অনুসৰি এই চিৰিয়াখানাত প্ৰায় ৮৯৫ বিধ জীৱ-জন্তু আছে।
ইতিহাস
১৯৫৭ চনত গুৱাহাটীত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিবেশন অনুষ্ঠিত হৈছিল। অধিবেশনৰ আয়োজক সমিতিয়ে কেইবিধমান জন্তু আৰু চৰাইকে ধৰি এখন প্ৰদৰ্শনী পাতিছিল। ইয়াৰে ভিতৰত 'স্পটী' নামৰ এটা মাইকী নাহৰফুটুকী বাঘৰ পোৱালি জনপ্ৰিয় হৈ পৰিছিল। অধিবেশন শেষ হোৱাৰ পাছত এই জীৱ-জন্তুবোৰৰ বাবে এখন চিৰিয়াখানাৰ প্ৰয়োজনীয়তা সকলোৱে অনুভৱ কৰিলে
এই জন্তুবোৰ জাপৰীগোগৰ ১৩০ হেক্টৰ মাটিকালিৰ হেঙেৰাবাৰী সংৰক্ষিত বনাঞ্চললৈ স্থানান্তৰ কৰা হ'ল। ১৯৫৭ চনত প্ৰতিষ্ঠা হোৱা এই চিৰিয়াখানা ১৯৫৮ চনত দৰ্শকৰ বাবে মুকলি কৰা হয়।
পাছলৈ চিৰিয়াখানাত এটা সংগ্ৰহালয় খোলা হয়। ১৯৮২ চনত ইয়াৰ এখন উদ্ভিদ উদ্যান স্থাপন কৰা হয়। ২০০২ চনত হেঙেৰাবাৰী সংৰক্ষিত বনাঞ্চলৰ আৰু ৪৫ হেক্টৰ মাটি চিৰিয়াখানাত যোগ দিয়া হয় আৰু চিৰিয়াখানাৰ মাটি হৈ পৰে ১৭৫ হেক্টৰ।
জীৱ-জন্তু
চিৰিয়াখানাৰ আৰম্ভণিতে জন্তু আৰু চৰাইৰ সংখ্যা আছিল ক্ৰমে ৪২ (২২টা প্ৰজাতি) আৰু ২৩৬ (৩১টা প্ৰজাতি)।
সময়ৰ লগে লগে চিৰিয়াখানালৈ ন-ন জন্তু অনা হয়, যেনে- আফ্ৰিকাৰ পৰা চিম্পাঞ্জী, বগা গঁড়, ক'লা গঁড়, জেব্ৰা, অষ্ট্ৰিছ, আৰু জিৰাফ; দক্ষিণ আমেৰিকাৰ পৰা পুমা, জাগুৱাৰ আৰু লামা আৰু অষ্ট্ৰেলিয়াৰ পৰা কেংগেৰু। এইবোৰৰ সলনি স্থানীয় ভাৰতীয় গঁড়কে ধৰি অন্য জন্তু বিদেশলৈ পঠিওৱা হৈছিল। পাছলৈ স্থানীয় প্ৰজাতিৰ ওপৰতে বেছি গুৰুত্ব আৰোপ কৰা হয় আৰু বংশ বৃদ্ধিৰ প্ৰচেষ্টা চলোৱা হয়।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ শান্তনু কৌশিক বৰুৱা. (২০১৬). Master অসম ইয়েক বুক ২০১৬. জ্যোতি প্ৰকাশন. পৃ. ৬৫৬
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান” প্ৰবন্ধৰ সংশোধন ২৭৯৩৯০ (২৮ মে’ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।