চানডুবি বিল (IPA উচ্চাৰণ: ˌʧʌnˈdʊbɪ) অসমৰ কামৰূপ জিলাৰ ৰাভা হাচং স্বায়ত্বশাসিত পৰিষদ এলেকাত অৱস্থিত এখন প্ৰাকৃতিক বিল। গুৱাহাটী মহানগৰৰ পৰা এই স্থান প্ৰায় ৬৪ কিলোমিটাৰ দূৰত।১ অসম আৰু মেঘালয়ৰে আবৃত গাৰো পাহাৰৰ পাদস্থানত এই বিল অৱস্থিত। এই অঞ্চলটো অৰণ্য, চাহ বাগিছা আৰু সৰু সৰু গাঁৱেৰে ভৰা। প্ৰতিবছৰে এক বুজন সংখ্যক লোক বনভোজৰ বাবে বা ফুৰিবলৈ এই বিললৈ আহে।
নামৰ উৎপত্তি
প্ৰচলিত জনবিশ্বাস অনুসৰি প্ৰাচীন কালৰ চান্দ সদাগৰৰ ধন-সোণেৰে ভৰা নাও ডুবি এই বিল সৃষ্টি হৈছিল। চান্দ সদাগৰৰ ডিঙা ডুবি এই বিল হোৱা বাবেই হেনো 'চান্দডুবি' নাম পায়।২
ভৌগোলিক তথ্য
১৮৯৭ চনৰ অসমৰ বৰভুঁইকপত এই বিলৰ সৃষ্টি হৈছিল। ভূমিকম্পত এই ঠাইৰ হাবি তললৈ বহি গৈ বিল হৈ পৰে।৩
পৰ্যটন
প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা এই বিলৰ দুইপাৰে বনভোজৰ বাবে স্থান আছে। সৰু নাৱত উঠি এই বিল পৰিভ্ৰমণ কৰিব পাৰি। পৰ্যটকৰ বাবে বিলত মাছ মৰাৰো সুবিধা কৰি দিয়া হয়। প্ৰতিবছৰে জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত চানডুবি উৎসৱ অনুষ্ঠিত হয়। এই উৎসৱত স্থানীয় লোকসকলে পৰম্পৰাগত নৃত্য আৰু খাদ্য পৰিবেশন কৰে৪
উল্লেখ্য যে চানডুবি বিলৰ নৈসৰ্গিক সৌন্দৰ্যৰ বাবে ইয়াত পৰ্যটকৰ উপৰি ছবি, মিউজিক ভিডিঅ’ ইত্যাদিৰ দৃশ্যগ্ৰহণৰ বাবে নিতৌ বিভিন্নজনৰ আগমন হয়। ইং ২੦২২ চনৰ নৱেম্বৰ মাহত বলিউডৰ বলিষ্ঠ অভিনেত্ৰী কংগনা ৰানাৱটে ইয়াত "ইমাৰ্জেন্সি" শীৰ্ষক বলিউডৰ এখন ছবিৰ শ্বুটিং সম্পন্ন কৰে। এই ছবি দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ জীৱনৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে। ইয়াৰ উপৰি জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ অভিনীত ছুপাৰ হিট অসমীয়া বােলছবি মিশ্বন চাইনাৰাে বহু দৃশ্য চানডুবি বিলৰ পাৰতে গ্ৰহণ কৰা হৈছিল।

আৰু চাওক
তথ্যসূত্ৰ
- ↑ Chandubi Lake. mapsofindia.com
- ↑ শান্তনু কৌশিক বৰুৱা. (২০১৬). Master অসম ইয়েৰ বুক ২০১৬. জ্যোতি প্ৰকাশন. পৃ. ৫০৯
- ↑ Chandubi Lake Formation. wikimapia.org
- ↑ Chandubi Lake Tourism. assamtribune.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চানডুবি বিল” প্ৰবন্ধৰ সংশোধন ৪৪৭৫৯৪ (২৩ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।