যোৰহাট জিমখানা ক্লাব (Jorhat Gymkhana Club) হৈছে যোৰহাট জিলাত অৱস্থিত এটা ক্লাব। ১৮৭৬ চনত চেকনীধৰা গাঁৱত এই ক্লাবটো প্ৰতিষ্ঠা কৰা হৈছিল। স্থাপন হোৱা বছৰৰ পৰাই ইয়াত নিয়মীয়াকৈ ঘোঁৰা দৌৰ অনুষ্ঠিত হৈ আহিছে। ইয়াত থকা নাইন হ'ল গ'ল্ফ ক'ৰ্ছ এছিয়াৰ আটাইতকৈ পুৰণি গ'ল্ফ ক'ৰ্ছ আৰু বিশ্বৰ ভিতৰত তৃতীয় সৰ্বোচ্চ পুৰণি।১ যোৰহাট নগৰৰ পৰা ক্লাবলৈ যোৱা পথটো ব্ৰিটিছৰ দ্বাৰা নিৰ্মিত যোৰহাটৰ প্ৰথমটো পকী পথ।১
ইতিহাস
১৮৬০ আৰু ১৮৭০ দশকত সমগ্ৰ যোৰহাট জিলাতে বহুতো চাহ বাগিচা প্ৰতিষ্ঠা কৰা হৈছিল। সেয়েহে চাহ খেতিৰ লগত জড়িত লোকসকলে বিনোদনৰ বাবে এটা ক্লাব প্ৰতিষ্ঠা কৰাৰ সিদ্ধান্ত লৈছিল। ১৮৭৬ চনত চেকনীধৰা গাঁৱত সেই সময়ৰ যোৰহাট টি কম্পেনীৰ অধীক্ষক জে. হাটমেনে এই ক্লাবটোৰ বাবে এটা ঘৰ নিৰ্মাণ কৰে।২ প্ৰথমে নিৰ্মাণ কৰা ঘৰটো বৰ্তমানৰ ক্লাবটোৰ পৰা পূবে প্ৰায় ২ কিঃমিঃ মান দূৰত আছিল। সেই সময়ত ক্লাবটো অৱস্থিত থকা খেলপথাৰখন আছাম লাইট ইনফেণ্ট্ৰি ব্ৰিগেড-ই পেৰেড আৰু আন আন কামত ব্যৱহাৰ কৰিছিল। সেয়ে ক্লাবটো অন্য ঠাইলৈ স্থানান্তৰ কৰা হৈছিল। বৰ্তমানৰ ক্লাবটো ১৮৮৫ চনত নিৰ্মাণ কৰা হৈছিল।২
সুবিধাসমূহ
ক্ৰীড়া যোৰহাট জিমখানা ক্লাব স্থাপন হোৱা বছৰৰ পৰাই ইয়াত নিয়মীয়াকৈ ঘোঁৰা দৌৰ অনুষ্ঠিত হৈ আহিছে। এই প্ৰতিযোগিতাৰ বিজয়ীক "গ'ভাৰ্ণৰছ কাপ" প্ৰদান কৰা হয়।৩ বৰ্তমান, যোৰহাট জিমখানা ক্লাবত ল'ন টেনিছ গ্ৰাছ ক'ৰ্ট, চুইমিং পুল, বিলিয়াৰ্ডছ্, প'ল' খেলাৰ সুবিধা আছে। ইয়াত ক্ৰিকেটৰ বাবে যোৰহাট জিমখানা খেলপথাৰ আছে।২ ইয়াত ৰঞ্জি ট্ৰফীৰ লগতে বহুতো ৰাষ্ট্ৰীয় পৰ্যায়ৰ জুনিয়ৰ আৰু মহিলা ক্ৰিকেট প্ৰতিযোগিতাৰ খেলো অনুষ্ঠিত হৈছে। ৪
গ'ল্ফ ক'ৰ্ছ যোৰহাট জিমখানা ক্লাবত নটা গাঁত থকা গ'ল্ফ ক'ৰ্ছ আছে। এই গ'ল্ফ ক'ৰ্ছটো হৈছে এছিয়াৰ আটাইতকৈ পুৰণি গ'ল্ফ ক'ৰ্ছ আৰু বিশ্বৰ ভিতৰত তৃতীয় সৰ্বোচ্চ পুৰণি।২
লগতে চাওক
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Jorhat Gymkhana Club. District Administration, Jorhat
- ↑ Gymkhana Club. BharatOnline.com
- ↑ Jorhat Gymkhana Club. 1stHorse ~ wHere the Horse comes first
- ↑ Jorhat Gymkhana Ground. Cricinfo.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যোৰহাট জিমখানা ক্লাব” প্ৰবন্ধৰ সংশোধন ৫০৮৩৩৭ (১৩ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।