কলীয়াভোমোৰা সেতু অসমৰ শোণিতপুৰ জিলা আৰু নগাঁও জিলাৰ মাজৰ অৱস্থিত৷ ব্ৰহ্মপুত্ৰ নদ নদীৰ ওপৰত অৱস্থিত এই দলংখনৰ আধাৰশিলা তদানীন্তন প্ৰধানমন্ত্ৰী মোৰাৰজী দেশায় ১৯৭৮ চনত স্থাপন কৰে৷ ১৯৮৭ চনত প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে কলীয়াভোমোৰা সেতু উদ্বোধন কৰে৷ ৩.৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ মূল দলংখনত প্ৰায় ৪৪ কোটি টকাৰ লগতে সৰ্বমুঠ ব্যয় হৈছিল ৮৯ কোটি টকা৷১
নামকৰণ (Etymology)
১৭৯৫ চনত কামৰূপ (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)ৰ হৰদত্ত-বীৰদত্ত নামৰ ভাতৃদ্বয়ে আহোম ৰাজশক্তিৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল৷ কিন্তু এই বিদ্ৰোহক টাই-আহোম জনগোষ্ঠী সেনাপতি বৰফুকন কলীয়াভোমোৰাই দমন কৰিবলৈ সক্ষম হৈছিল৷ এইজনা আহোম সেনাপতিয়ে পোনতে কলিয়াবৰত ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে সংযোগী সেতু নিৰ্মাণ কৰিবলৈ শিলৰ খুঁটা আদি পেলাইছিল।২ এখেতৰ নামেৰেই দলংখনৰ নামকৰণ কৰা হৈছে৷
বৰ্হি সংযোগ
- Kaliabhumura Hetu r Ratipuwa Manumuha Dreshya
- Kaliabhomora Rosd Bridge on the river; by Akash Protim Barua
তথ্যসূত্ৰ
- ↑ কলীয়াভোমোৰা সেতু, মেৰু মিঠু কটকী, অনুভূতি, দেওবাৰ ২৯ জানুৱাৰী ২০১২
- ↑ বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কলীয়াভোমোৰা সেতু” প্ৰবন্ধৰ সংশোধন ৩৮০৩৮৮ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।