অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

টোকোলাই চাহ গৱেষণা প্ৰতিষ্ঠান

টোকোলাই চাহ গৱেষণা প্ৰতিষ্ঠান (Tocklai Tea Research Institute) ১৯১১ চনত যোৰহাটৰ টোকোলাই নৈৰ পশ্চিম পাৰত অসমৰ গৰ্ব সেউজীয়া সোণ চাহৰ উৎপাদন আৰু প্ৰস্তুতকৰণ পদ্ধতিৰ ওপৰত বিস্তাৰ ভাৱে গৱেষণা চলাবৰ বাবে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ চাহ বাগিচাসমূহক সামৰি বৰ্তমানৰ টোকোলাই চাহ গৱেষণা প্ৰতিষ্ঠানটো প্ৰতিষ্ঠা কৰা…

হালনাগাদ: ৮ ফেব্ৰুৱাৰী ২০২৪ ১৫১ শব্দ · ১ মিনিট সংগৃহীত ৬৪
সংশোধনৰ পৰামৰ্শ

টোকোলাই চাহ গৱেষণা প্ৰতিষ্ঠান (Tocklai Tea Research Institute) ১৯১১ চনত যোৰহাটৰ টোকোলাই নৈৰ পশ্চিম পাৰত অসমৰ গৰ্ব সেউজীয়া সোণ চাহৰ উৎপাদন আৰু প্ৰস্তুতকৰণ পদ্ধতিৰ ওপৰত বিস্তাৰ ভাৱে গৱেষণা চলাবৰ বাবে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ চাহ বাগিচাসমূহক সামৰি বৰ্তমানৰ টোকোলাই চাহ গৱেষণা প্ৰতিষ্ঠানটো প্ৰতিষ্ঠা কৰা হৈছিল। ড॰ পি এইচ কাৰ্পেণ্টাৰক মুৰব্বী বিষয়া হিচাপে নিযুক্তি দিয়া হয়। অসম আৰু বংগ চৰকাৰ আৰু চাহ উদ্যোগে ইয়াৰ প্ৰতিষ্ঠাৰ খৰচ বহন কৰিছিল। ১৯৬৪ চনৰ পহিলা জানুৱাৰীৰ পৰা বৈজ্ঞানিক আৰু উদ্যোগিক অনুসন্ধান পৰিষদ, চাহ ব'ৰ্ড আৰু সদস্য বাগিচাসমূহৰ এটা সমবায় ভিত্তিক গৱেষণা প্ৰতিষ্ঠান হিচাপে 'চাহ গৱেষণা সন্থা' গঠন কৰা হয় আৰু ই টোকোলাই গৱেষণা প্ৰতিষ্ঠানৰ পৰিচালনাৰ দায়িত্ব গ্ৰহণ কৰে।

টোকোলাই চাহ গৱেষণা প্ৰতিষ্ঠানত চাহ গছ ৰোৱা, প্ৰতিপাল কৰা, পাত তোলা, সাৰ প্ৰয়োগ কৰা, জলসিঞ্চন, গছক পোক আৰু বেমাৰৰ পৰা ৰক্ষা কৰা আদি বিভিন্ন বিষয়ত গৱেষণা চলাই থকাৰ উপৰিও আধুনিক চাহৰ কলাকৰ্ষণ (tissue culture) আৰু ইয়াৰ ঔষধি গুণৰ ওপৰত বিশেষ গুৰুত্ব সহকাৰে গৱেষণা চলি আছে।১

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ চিত্ৰ-বিচিত্ৰ অসম. (২০০৩). টোকোলাই চাহ গৱেষণা কেন্দ্ৰ. জ্যোতি প্ৰকাশন

সম্পৰ্কিত শ্ৰেণী

অসমৰ গৱেষণা প্ৰতিষ্ঠানসমূহযোৰহাট জিলাৰ শৈক্ষিক প্ৰতিষ্ঠান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টোকোলাই চাহ গৱেষণা প্ৰতিষ্ঠান” প্ৰবন্ধৰ সংশোধন ৪০৪৭২৫ (৮ ফেব্ৰুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।