অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

অগ্নিগড়

অগ্নিগড় (Agnigarh) হৈছে তেজপুৰ চহৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত ঐতিহাসিক গড়। এই গড়টো তেজপুৰৰ বাণৰজাই নিৰ্মাণ কৰিছিল। শত্ৰুৰ পৰা নগৰখন সুৰক্ষিত কৰি ৰাখিবলৈ বাণাসুৰে সমগ্ৰ নগৰখনকে অগ্নিৰে বেৰি থৈছিল বুলি কালিকা পুৰাণত উল্লেখ আছে।

হালনাগাদ: ২৪ নৱেম্বৰ ২০২৩ ৩০১ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

অগ্নিগড় (Agnigarh) হৈছে তেজপুৰ চহৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত ঐতিহাসিক গড়। এই গড়টো তেজপুৰৰ বাণাসুৰই নিৰ্মাণ কৰিছিল। শত্ৰুৰ পৰা নগৰখন সুৰক্ষিত কৰি ৰাখিবলৈ বাণাসুৰে সমগ্ৰ নগৰখনকে অগ্নিৰে বেৰি থৈছিল বুলি কালিকা পুৰাণত উল্লেখ আছে।

অগ্নিগড়ৰ সংৰক্ষণৰ বাবে ১৯২৮ চনত তেজপুৰ পৌৰসভাৰ পৌৰপতি পদ্মনাথ গোহাঞি বৰুৱায়ে ব্ৰহ্মপুত্ৰ নদৰ পাৰত থকা টিলাটোত এখনি উদ্যান প্ৰতিষ্ঠা কৰে। বৰ্তমান তেজপুৰ পাৰিপাৰ্শ্বিক সমিতিৰ তত্বাৱধানত এখন উদ্যান পৰিচালনা কৰি থকা হৈছে।

নামৰ উৎপত্তি

অগ্নিগড়ৰ সন্মূখভাগ
অগ্নিগড়ৰ সন্মূখভাগছবি: Bishnu Saikia · CC BY-SA 3.0

কালিকা পুৰাণত উল্লেখ আছে যে শত্ৰুৰ পৰা নগৰখন সুৰক্ষিত কৰি ৰাখিবলৈ বাণাসুৰে সমগ্ৰ নগৰখনকে অগ্নিৰে বেৰি থৈছিল। সেয়ে এই গড়টোৰ নাম অগ্নিগড় হ'ল।

কিংবদন্তি

তেজপুৰৰ বাণাসুৰই তেওঁৰ কন্যা ঊষাক সুৰক্ষিত কৰি ৰাখিবৰ বাবে এই গড়টোৰ নিৰ্মাণ কৰিছিল। ইয়াত ঊষাৰ কাৰেং আছিল। ঊষাৰ প্ৰেমিক অনিৰুদ্ধক ইয়াতেই বন্দী কৰি ৰাখিছিল বুলি বিশ্বাস কৰা হয়। দৰাচলতে এই সৰু টিলাতোক অগ্নিগড় বোলা হৈছে যদিও প্ৰকৃতাৰ্থত সমগ্ৰ নগৰখনেই অগ্নিগড় আছিল বুলি এক জনবিশ্বাস আছে। তদুপৰি অনিৰুদ্ধক উদ্ধাৰ কৰিবলৈ কৃষ্ণ স-সৈন্যে যুদ্ধ যাত্ৰা কৰি আহি শোণিতপুৰ জিলাত প্ৰৱেশ কৰি বাণৰ নগৰৰ চাৰিওদিশে অগ্নিৰ বেৰ দেখি বিস্ময় মানিছিল আৰু নগৰত প্ৰৱেশ কৰাৰ কোনো চিদ্ৰ নেদেখি অৱশেষত গৰুড়ৰ দ্বাৰা অগ্নি নিৰ্বাপণ কৰিহে নগৰত প্ৰৱেশ কৰিছিল বুলি মহাভাৰতৰ হৰিবংশৰ বিষ্ণুপৰ্বত উল্লেখ আছে। এই তথ্যবোৰৰ দ্বাৰা প্ৰমাণ কৰিব পাৰি যে বাণৰজাৰ নগৰখনেই অগ্নিগড় বুলি খ্যাত আছিল।

বৰ্তমানৰ অৱস্থা

তেজপুৰৰ হৰি হৰ যুদ্ধ
তেজপুৰৰ হৰি হৰ যুদ্ধছবি: Bishnu Saikia · CC BY-SA 3.0

১৯২৮ চনত তেজপুৰ পৌৰসভাৰ প্ৰথম অসমীয়া পৌৰপতি পদ্মনাথ গোহাঞি বৰুৱাদেৱে ব্ৰহ্মপুত্ৰ নদৰ পাৰত থকা টিলাটোত এখনি উদ্যান (পিছলৈ ‘পদ্মপাৰ্ক’ নামেৰে জনাজাত) গঢ়ি তোলে আৰু কালক্ৰমত ইয়েই অগ্নিগড় ৰূপে পৰিচিত হৈ পৰিল। ব্ৰিটিছ আমোলাত এই টিলাটোত দূৰবীণ বহাই নগৰখন নিৰীক্ষণ কৰা হৈছিল বাবে ইয়াৰ নাম আছিল `Observatory Hill'। ২০০১ চনৰ জানুৱাৰী মাহৰপৰা ইয়াক নতুন ৰূপত সজাই পৰাই জাতিষ্কাৰ কৰি তোলা হৈছে। ইয়াত নিৰ্মাণ কৰা মূৰ্ত্তিসমূহত হৰি-হৰ যুদ্ধ ফুটাই তোলা হৈছে। বৰ্তমান তেজপুৰ পাৰিপাৰ্শ্বিক সমিতিৰ তত্বাৱধানত চলি থকা ই এক অত্যাধুনিক নয়নাভিৰাম উদ্যান।

পৰিবহন

গণেশ ঘাট
গণেশ ঘাটছবি: অজয় দাস · CC BY-SA 4.0

তেজপুৰ চৰকাৰী বাছ আস্থানৰ পৰা "অগ্নিগড়"লৈ দুটা পথ আছে। এটা পথত তেজপুৰৰ বিখ্যাত গণেশ ঘাট আৰু আনটো পথত তেজপুৰৰ উপায়ুক্তৰ আবাসগৃহ আৰু তেজপুৰ মহাবিদ্যালয় দেখিবলৈ পোৱা যায় ১

লগতে চাওক

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ শান্তনু বৰুৱা. (২০০৪). তেজপুৰ, এখন চহৰ অনেক কাহিনী. তেজপুৰ মহোৎসৱ উদ্‌যাপন কমিটি ২০০৪. পৃ. ২,৩

সম্পৰ্কিত শ্ৰেণী

অসমৰ ইতিহাসশোণিতপুৰ জিলাৰ পৰ্যটনস্থলীতেজপুৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অগ্নিগড়” প্ৰবন্ধৰ সংশোধন ৩৯৩১৮৬ (২৪ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।