দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান (Dehing Patkai National Park) অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। ই বৃহত্তৰ দিহিং পাটকাই বৰ্ষাৰণ্যৰ এক অংশ। এই ৰাষ্ট্ৰীয় উদ্যানক বিস্তৃতি তথা ঘন বনাঞ্চলৰ বাবে ইয়াক 'পূবৰ আমাজান' (The Amazon of the east) বুলিও আখ্যা দিয়া হয়।১ এই অঞ্চলটোৰ চহকী জৈৱবৈচিত্ৰ্যৰ উপৰি ঐতিহাসিকভাৱে তাৎপৰ্য্যপূৰ্ণ স্থান যেনে দ্বিতীয় বিশ্বযুদ্ধৰ সমাধিস্থলসমূহ, ষ্টিলৱেল পথ আৰু এছিয়াৰ আটাইতকৈ পুৰণি ডিগবৈ তৈলশোধনাগাৰ আদিৰ অৱস্থিতিও গুৰুত্বপূৰ্ণ।২ ২০০৪ চনত ইয়াক অভয়াৰণ্য হিচাপে স্থাপন কৰা হৈছিল। ২০২০ চনৰ ১৩ ডিচেম্বৰ তাৰিখে অসম চৰকাৰে ইয়াক ৰাষ্ট্ৰীয় উদ্যানলৈ প্ৰস্তাৱিত কৰে আৰু ২০২১ চনৰ ৯ জুন তাৰিখৰ এক ৰাজপত্ৰিত নিৰ্দেশৰ যোগেদি ৰাষ্ট্ৰীয় উদ্যান ঘোষিত হয়। ৩
ইতিহাস

২০০৪ চনৰ ১৩ জানুৱাৰী তাৰিখে দিহিং পাটকাইক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়া হয়। এই অভয়াৰণ্য দিহিং পাটকাই হস্তী প্ৰকল্প (Dehing-Patkai Elephant Reserve)ৰ এটা অংশ। ২০০৪ চনত ইয়াক অভয়াৰণ্য হিচাপে স্থাপন কৰা হৈছিল। ২০২০ চনৰ ১৩ ডিচেম্বৰ তাৰিখে অসম চৰকাৰে এক অধিসূচনা যোগে ইয়াক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰে।৩
ভৌগোলিক বিৱৰণ
ডিগবৈ বন সংমণ্ডলৰ ডিৰাক বনাঞ্চল (৩০.৪২৫৫ বৰ্গ কিলোমিটাৰ), আপাৰ ডিহিং (পশ্চিম খণ্ড) সংৰক্ষিত বনাঞ্চল (৫৬.৬৯৫০ বৰ্গ কিলোমিটাৰ) আৰু ডিব্ৰুগড় বন সংমণ্ডলৰ জয়পুৰ সংৰক্ষিত বনাঞ্চল (২৪.০৭ বৰ্গ কিলোমিটাৰ) এলেকা লৈ দিহিং-পাটকাই বন্যপ্ৰাণী অভয়াৰণ্য গঠিত হৈছে।৪ এই বৰ্ষাৰণ্যখন অসমৰ তিনিখন জিলা অৰ্থাৎ ডিব্ৰুগড়, তিনিচুকীয়া আৰু শিৱসাগৰৰ প্ৰায় ৫৭৫ বৰ্গ কিলোমিটাৰ জুৰি বিস্তৃত হৈ আছে। এই বনাঞ্চলৰ এটা অংশ অসম চৰকাৰে বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰে- বাকী অংশ ডিব্ৰু-দেওমালি হস্তী প্ৰকল্প (Dibru-Deomali elephants reserve) ৰ অন্তৰ্ভুক্ত। এই বনাঞ্চল প্ৰকৃততে অৰুণাচল প্ৰদেশৰ টিৰাপ আৰু চাংলাং জিলা পৰ্যন্ত বিয়পি আছে।
দিহিং পাটকাই অভয়াৰণ্যৰ বনাঞ্চল হৈছে অসম উপত্যকাৰ ক্ৰান্তীয় সিক্ত চিৰসেউজ বনাঞ্চল (Assam Valley Tropical Wet Evergreen Forest)। এই বনাঞ্চলখন অসমৰ একেলেথাৰিয়ে থকা অঙশিষ্ট নিম্ন অঞ্চলৰ সমতলীয় ভূমিৰ একমাত্ৰ বৰ্ষাৰণ্য।৪ লগতে সমগ্ৰ বানঞ্চল মিলি ই ভাৰতৰ সৰ্ববৃহৎ ক্ৰান্তীয় বৰ্ষাৰণ্য বুলি পৰিগণিত হৈছে৫ ২০২০ চনত ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীতকৰণৰ পিছত ইয়াৰ মাটিকালি ২৩১.৬৫ বৰ্গ কিলোমিটাৰলৈ বৃদ্ধি কৰা হয়।
বতৰ
এই ৰাষ্ট্ৰীয় উদ্যানৰ বতৰ প্ৰায়ে ক্ৰান্তীয় সেমেকা। গড় বৰষুণৰ পৰিমাণ ৪,০০০ মিলিমিটাৰতকৈ বেছি হয়।৪ বছৰৰ বাৰ মাহৰ নমাহেই ইয়াত বৰষুণ হয়। গ্ৰীষ্মকালত ইয়াত গৰম আৰু আৰ্দ্ৰ হয় আৰু শীতকালত প্ৰায়ে ঠাণ্ডা পৰে।৪ ২০২০ চনত ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীতকৰণৰ পিছত ইয়াৰ মাটিকালি
জৈৱবৈচিত্ৰ্য
উদ্ভিদকুল
ইয়াত মূলতঃ চিৰসেউজীয়া বনঞ্চল, নৈ-উপনৈ, জলাহভূমি আদি দেখা যায়। উল্লেখযোগ্য উদ্ভিদ প্ৰজাতিবোৰ হৈছে- হোলোং, মেকাই, ধূণা, উৰিয়াম, নাহৰ, শামকঁঠাল, ভেৰ, শলখ, ঔ টেঙা, ডিমৰু ইত্যাদি। তদুপৰি ইয়াত নানা প্ৰকাৰৰ ঢেঁকীয়াজাতীয় উদ্ভিদ, অৰ্কিড, লতা-জাতীয় উদ্ভিদ আদি দেখা পোৱা যায়। ঘাঁহজাতীয় উদ্ভিদৰ ভিতৰত Garcinia lanceaefolia, Michelia muni, Baccaureu supida, Bischqfia javanica, Myristica limifolia আদি প্ৰধান প্ৰজাতি।
অৰ্কিড
অৰ্কিডৰ বৈচিত্ৰ্যৰ বাবে দিহিং পাটকাইৰ বনাঞ্চল অতি প্ৰখ্যাত। বৰ্তমানলৈকে ৪৫ গোত্ৰৰ প্ৰায় ১০১ বিধ অৰ্কিডৰ প্ৰজাতি দেখিবলৈ পোৱা যায়। ইয়াৰে ৭৯ বিধ epiphytic, ২১ বিধ স্থলজ আৰু এবিধ saprophyte। তদুপৰি এই অৰ্কিডসমূহৰ আঠবিধ সংকটাপন্ন (critically endangered), ১৫ বিধ বিপদসংকুল (endangered), ৫ বিধৰ সংকট আসন্ন (near threatened) আৰু ২৮ বিধ ভংগুৰ (vulnerable) হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে। এই অৰ্কিডসমূহৰ ভিতৰত Thrixspermum acuminatissimum নামৰ প্ৰজাতিটো ভাৰতত প্ৰথমবাৰৰ বাবে পোৱা গৈছে। তদুপৰি ৯ বিধ অন্য অৰ্কিড যেনে Bulbophylum ebulbum, Chrysoglossum erraticum, C. robinsonii, Eria connate, E. pudica, Hetaeria affinis, Thelasis pygmaea, Taeniophyllum crepidiforme আৰু Zeuxine clandestine অসমত প্ৰথমবাৰৰ বাবে পোৱা গৈছে।
প্ৰাণীকুল
দিহিং পাটকাইৰ প্ৰাণীকুলৰ বৈচিত্ৰ্যও অন্য এক লক্ষণীয়া দিশ। ইয়াত বৰ্তমানলৈকে ৪৩ বিধ স্তন্যপায়ী প্ৰাণী, ৪৭ বিধ সৰীসৃপ আৰু ৩১০ বিধ পখিলাৰ প্ৰজাতি পোৱা গৈছে।৪ ২০১১ চনৰ পৰিসংখ্যা অনুসৰি এই এলেকাত ২০৪টা হাতী আছে। ৪ ইয়াত সচৰাচৰ দেখিবলৈ পোৱা স্তন্যপায়ী প্ৰাণীবোৰ হ'ল- হলৌ বান্দৰ, লাজুকী বান্দৰ, গাহৰি নেজীয়া বান্দৰ, সেন্দূৰী বান্দৰ, টুপীমূৰীয়া বান্দৰ, হাতী, ঢেঁকীয়াপতিয়া বাঘ, নাহৰফুটুকী বাঘ, বনৰীয়া ম'হ, বনৰৌ, ভালুক, কেৰ্কেটুৱা, গোধাফুটুকী বাঘ, শৰপহু, সুগৰী পহু, সোণালী মেকুৰী আদি।৬
চৰাই-চিৰিকটি
দিহিং পাটকাই বৰ্ষাৰণ্যত ২৯৩ বিধ চৰাইৰ প্ৰজাতি সম্পৰ্কে তথ্য পোৱা গৈছে।৪ এই চৰাইসমূহ ৫১ বিধ পৰিয়ালৰ ১৭৪ গোত্ৰৰ অন্তৰ্ভুক্ত। ইয়াত দেখা পোৱা চৰাইসমূহৰ ৬৩.৭% স্থানীয় চৰাই, ২৩.১% শীতকালৰ পৰিভ্ৰমণকাৰী, ২.৫% গ্ৰীষ্মকালৰ পৰিভ্ৰমণকাৰী।৪ ইয়াৰে ১৩ বিধ চৰাইৰ প্ৰজাতি সংকটাপন্ন, যেনে-পাটিশগুণ, দেওহাঁহ, হাড়গিলা, Greater Spotted Eagle, Beautiful Nuthatch, Marsh Babbler, Tawny-breasted Wren Babbler, White-cheeked Hill Partridge, ধনেশ, Brown Hornbill, Oriental Darter and Painted Stork আদি। অন্যান্য চৰাইবোৰ হৈছে- Kalij Pheasant Grey Peacock Pheasant, Besra, Black Baza, Slender-billed Vulture, Osprey Great, Hornbill Wreathed Hornbill আৰু মইনা ইত্যাদি। অভয়াৰণ্যখনকে ধৰি গোটেই অঞ্চলটোত নেচাৰ্ছ বেকন,ব'ম্বে নেচাৰেল হিষ্ট্ৰী চ'ছাইটী আৰু বাৰ্ড লাইফ ইণ্টাৰনেচনেল নামৰ সংস্থাকেইটাই একত্ৰিতভাৱে অধ্যয়ন চলাইছিল। সেই অধ্যয়নৰ পিছত অঞ্চলটো Important Bird Area Site বুলি প্ৰতিপন্ন কৰা হয়।৭
পৰ্য্যটকৰ বাবে
দিহিং পাটকাই বৰ্ষাৰণ্য উৎসৱে বিশ্বৰ সকলো প্ৰান্তৰ পৰা পৰ্য্যটকক আকৰ্ষণ কৰে। এই উৎসৱে জৈৱবৈচিত্ৰ্যৰ উপৰিও সাংস্কৃতিক দিশবোৰক প্ৰতিনিধিত্ব কৰে।৮
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ আৰ্কাইভ কপি
- ↑ আৰ্কাইভ কপি
- ↑ Bureau, Pratidin. (14 December 2020). Dehing Patkai Upgraded to National Park. pratidintime.com. প্ৰতিদিন টাইম
- ↑ ’অনন্য বৰ্ষাৰণ্য দিহিং পাটকাই’- ৰাণু বৰুৱা, প্ৰান্তিক ১ ছেপ্টেম্বৰ, ২০২০; পৃষ্ঠা ১৪-১৬
- ↑ আৰ্কাইভ কপি
- ↑ আৰ্কাইভ কপি
- ↑ দিহিং-পাটকাই অভয়াৰণ্য, সৌম্যদ্বীপ দত্ত,দেওবৰীয়া সম্ভাৰ,অসমীয়া প্ৰতিদিন,২০ ছেপ্টেম্বৰ,২০১৫
- ↑ আৰ্কাইভ কপি
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান” প্ৰবন্ধৰ সংশোধন ৫৩৯১৭৫ (১৮ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।