গুপ্তেশ্বৰ দেৱালয় বা গুপ্তেশ্বৰ মন্দিৰ (Gupteswar Temple) হৈছে অসমৰ শোণিতপুৰ জিলাৰ পশ্চিম প্ৰান্তত ঢেকীয়াজুলি চহৰৰ অৱস্থিত হিন্দু ধৰ্মৰ এক দেৱালয়। এই দেৱালয় শিঙৰী মন্দিৰ হিচাপেও জনা যায়, কালিকা পুৰাণটো শৃংগটক নামেৰে ইয়াৰ উল্লেখ আছে।১ তেজপুৰ চহৰৰ পৰা প্ৰায় ৪৫ কিলোমিটাৰ আৰু ঢেকীয়াজুলি চহৰৰ পৰা প্ৰায় ১১ কিলোমিটাৰ আতৰত ব্ৰহ্মপুত্ৰ নদ নদীৰ পাৰত শিঙৰী পাহাৰৰ পাদদেশত এই দেৱালয় অৱস্থিত। লোকপ্ৰবাদ অনুসৰি এই মন্দিৰটো স্বয়ং বিশ্বকৰ্মা দেৱতাই নিৰ্মাণ কৰিছিল, আৰু পাছত টাই-আহোম জনগোষ্ঠী চাওফাসকলে ইয়াত হাত বুলাইছিল।২
গঠন
গুপ্তেশ্বৰ দেৱালয়ৰ শিখৰত এটা পিতলৰ কলচী, এখন মুখ্য তোৰণ আছে। দেৱালয়ৰ চৌপাশ প্ৰাচীন কালৰ ইটাৰে নিৰ্মিত।২
ইতিহাস আৰু প্ৰবাদ
গুপ্তেশ্বৰ দেৱালয়ৰ নামকৰণ সংক্ৰান্তত এটা লোকশ্ৰুতি অনুসৰি দ্বাপৰ যুগত শোণিতপুৰৰ ৰজা বাণাসুৰ কাশীধামলৈ গৈ শিৱৰ আৰাধনা কৰিছিল। তেওঁ কাশীৰ পৰা আহি নিজ ৰাজ্যৰ ভিতৰত দ্বিতীয় এখন কাশীধাম স্থাপন কৰাৰ মনস্থ কৰি এতিয়াৰ লুহিতৰ পাৰত বিশ্বনাথ ঘাটত নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল। বানাসুৰৰ এই বৃহৎঅ কাশীধাম নিৰ্মাণৰ কথা জানিব পাৰি স্বৰ্গৰ দেৱতাসকল বিস্মিত হ’ল আৰু এই পৰিকল্পনা বিফল কৰিবৰ বাবে বাণৰজাই অনা এটা শিৱলিংগ চুৰ কৰি আনি শিঙৰীৰ পাহাৰৰ গুহাত লুকুৱাই থ’লে। শিৱক এনেদৰে গুপ্ত কৰি থোৱাৰ বাবেই এই মন্দিৰ গুপ্তেশ্বৰ নামেৰে জনাজাত হ’ল।২
বাহ্যিক সংযোগ
- চিত্ৰ সংযোগ
- Video Clip of Singari Gupteswar Temple Dhekiajuli, Sonitpur, Assam
- Gupteswar Temple at wikimapia
তথ্যসূত্ৰ
- ↑ www.india9.com/i9show/Singri-Temple-20079.htm india9.com, Singri Temple, আহৰণ কৰা তাৰিখ: ২৮-১০-২০১২
- ↑ ঐতিহাসিক গুপ্তেশ্বৰ দেৱালয়ৰ কথা, লিখক: ললিত কুমাৰ গগৈ, পৃষ্ঠা নং: ৬ (সম্পাদকীয় পৃষ্ঠা), অসমীয়া প্ৰতিদিন, প্ৰকাশ: ২৭ অক্টোবৰ, ২০১২, শনিবাৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গুপ্তেশ্বৰ দেৱালয়” প্ৰবন্ধৰ সংশোধন ২৬৬১৮৬ (৪ মাৰ্চ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।