অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

ঢেকীয়াখোৱা বৰনামঘৰ

ঢেকীয়াখোৱা বৰনামঘৰ অসমৰ যোৰহাট নগৰৰ পৰা প্ৰায় ১২ কিলোমিটাৰ পূবত অৱস্থিত। ই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় ৩.৫ কিঃমিঃ দূৰৰ ঢেকীয়াখোৱা গাঁৱত অৱস্থিত। ভাদ মাহৰ অখণ্ড নাম-কীৰ্ত্তনৰ বাবে নামঘৰলৈ অগনণ ভক্তৰ ভীৰ হোৱা দেখা যায়।

হালনাগাদ: ২২ আগষ্ট ২০২৫ ১৪৪ শব্দ · ১ মিনিট সংগৃহীত ৯০
সংশোধনৰ পৰামৰ্শ

ঢেকীয়াখোৱা বৰনামঘৰ অসমৰ যোৰহাট নগৰৰ পৰা প্ৰায় ১২ কিলোমিটাৰ পূবত অৱস্থিত। ই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)ৰ পৰা প্ৰায় ৩.৫ কিঃমিঃ দূৰৰ ঢেকীয়াখোৱা গাঁৱত অৱস্থিত।১ ভাদ মাহৰ অখণ্ড নাম-কীৰ্ত্তনৰ বাবে নামঘৰলৈ অগনণ ভক্তৰ ভীৰ হোৱা দেখা যায়। জনশ্ৰুতি অনুসৰি ১৫২৮ চনত(১৪৫০ শক) মহাপুৰুষ মাধৱদেৱে এই নামঘৰ প্ৰতিষ্ঠা কৰিছিল।১ মহাপুৰুষ মাধৱদেৱে এই স্থানতে এগছি বন্তি জ্বলাইছিল, যিগছি বন্তি সুদীৰ্ঘ ৪৯৪ বছৰ ধৰ্মপ্ৰাণ ৰাইজে জ্বলাই ৰাখিছে। এই বন্তি গছি এছিয়া বুক অফ ৰেকৰ্ডছ আৰু ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ-এ "দীৰ্ঘতম সময়ৰ বাবে প্ৰজ্বলিত বন্তি" বুলি স্বীকৃতি প্ৰদান কৰিছে।২৩ নামঘৰটোৰ মুঠ মাটিকালি ১৩ বিঘা।১ ভাদ মাহত ঢেকীয়াখোৱা বৰনামঘৰ মৰ্ত্যৰ বৈকুণ্ঠপুৰীলৈ পৰিণত হয় বুলি লোকবিশ্বাস আছে। ভক্তসকলে নিজৰ মতে নামঘৰলৈ দান বৰঙণি আগবঢ়ায় আৰু পৰিচালনা সমিটিয়ে ইয়াক সামাজিক আৰু সাংস্কৃতিক উন্নতিৰ বাবে ব্যৱহাৰ কৰে। ই বৈষ্ণৱ ধৰ্ম আৰু অসমৰ মানুহৰ মাজত একতা বজাই ৰখাত সহায় কৰি আহিছে।

ইতিহাস

প্ৰবাদ অনুসৰি বৈষ্ণৱধৰ্ম প্ৰচাৰ কৰি থকাৰ সময়তে, অবৈষ্ণৱ সকলৰ প্ৰৰোচনাত পৰি ৰজাই মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱক বন্দী কৰিব খোজোত, শংকৰ গুৰুক শিষ্যসকলে আত্মগোপন কৰোৱায়। ৰজাই মাধৱদেৱক জোঁৱায়েকৰ সৈতে বন্দী কৰে, পাছত বিচাৰত জোঁৱায়েকক মৃত্যুদণ্ড দিয়ে আৰু মাধৱদেৱক মুক্তি দিয়ে। বন্দীশালৰ পৰা ওলাই আহি বৰ্তমানৰ ঢেকীয়াখোৱা বৰনামঘৰ থকা ঠাইত, এটা ভগা পজাঁত থকা এহাল বুঢ়া-বুঢ়ীৰ ঘৰত দুখে-ভাগৰে মাধৱদেৱে আশ্ৰয় ল’লে। ৰাতিৰ ভাত সাঁজৰ বাবে ঢেঁকীয়া শাকেৰে ব্যঞ্জন বনাই বুঢ়ীয়ে নিজেই নাখায় মাধৱদেৱক খুৱাইছিল। আহাৰ গ্ৰহণ কৰাৰ পাছত, বুঢ়াৰ সহযোগত গাঁৱৰ কেইজনমান লোক লগ হৈ সেই ঠাইত এটা নামঘৰ স্থাপনৰ কথা কয় আৰু গুৰুজনাই নিজৰ পৰিচয় দিয়ে। ৰাইজে গুৰুজনাৰ ওচৰত মূৰ দোঁৱাই সন্মতি প্ৰকাশ কৰে। যি ঠাইত গুৰুজনাই ভোজন কৰিছিল, সেই ঠাইত বৰগছৰ তলত খুটি মাৰি বন্তি প্ৰজ্বলন কৰি নামঘৰ ভাগ স্থাপন কৰে। তেতিয়াৰ পৰাই এই নামঘৰটোৰ লগতে অঞ্চলটোৰ নাম ঢেকীয়াখোৱা হয়। মহাপুৰুষ মাধৱদেৱে সেই ঠাই ত্যাগ কৰাৰ পাছত বুঢ়া-বুঢ়ীহালৰ মৃত্যু হয় আৰু ৰাইজে সেই ঠাইতে খেৰ-বাঁহৰ নামঘৰ সাজি বুঢ়া নামঘৰ নাম দিলে আৰু প্ৰত্যেক বছৰৰ ভাদ মাহত গুৰুজনাৰ আৰ্হিৰে পাল নাম গাবলৈ ধৰিলে। এসময়ত কাঠ-বাঁহেৰে নিৰ্মিত এই নামঘৰেই আটকধুনীয়া ঢেকীয়াখোৱা নামঘৰ হিচাপে প্ৰখ্যাত হয়।

কিংবদন্তি

ঢেকীয়াখোৱা বৰনামঘৰৰ লগত কেইবাটাও কাহিনী জড়িত আছে। কোৱা হয় যে, নামঘৰৰ মূল খুঁটাটো শাল গছৰে নিৰ্মিত। এদিন ৰাতি ইয়াৰ ভকত এজনে সপোনত দেখিলে যে, বৰনামঘৰৰ কাষেৰে বৈ যোৱা নৈখন (ঢেকীয়াখোৱা জান নামেৰে জনা যায়) সুঁতিৰ বিপৰীতে বৈ গৈছে আৰু বৰনামঘৰ নিৰ্মাণ কৰিবৰ বাবে লগত এজোপা শাল গছ উটুৱাই লৈ আহিছে। পিছদিনাখন যেতিয়া লোকসকলে সপোনটো বাস্তৱিত হোৱা যেন দেখিলে, তেতিয়া তেওঁলোকে বৰনামঘৰৰ মূল খুঁটাকেইটা শাল গছেৰে নিৰ্মাণ কৰিলে।

নামঘৰৰ কাৰ্যসূচী

প্ৰতি বছৰে ভাদ মাহত ইয়াত চাৰি প্ৰসংগীয়া পাল নাম অনুষ্ঠিত হয়। অগণন ভক্তৰ সমাৱেশ হয়। এই নামঘৰ পৰিচালনাৰ বাবে এখন পৰিচালনা সমিতি আছে। ১৯৫৯ চনত স্থাপিত সমিতিখনে নামঘৰটোৰ উন্নয়নৰ বাবে ভালেমান কাৰ্যসূচী গ্ৰহণ কৰিছে।

অৱস্থান আৰু পৰিবহণ

নামঘৰ প্ৰতিষ্ঠা কালৰেপৰা প্ৰজ্বলিত হৈ থকা বুলি বিশ্বাস কৰা ঢেকীয়াখোৱা বৰনামঘৰৰ অখণ্ড জ্যোতি
নামঘৰ প্ৰতিষ্ঠা কালৰেপৰা প্ৰজ্বলিত হৈ থকা বুলি বিশ্বাস কৰা ঢেকীয়াখোৱা বৰনামঘৰৰ অখণ্ড জ্যোতিছবি: JyotiPN · CC BY-SA 4.0

ঢেকীয়াখোৱা বৰ নামঘৰৰ অৱস্থান হৈছে বিমানসেৱা ঢেকীয়াখোৱা বৰনামঘৰৰ নিকটৱৰ্তী বিমানবন্দৰ হৈছে: যোৰহাট বিমানবন্দৰ। দূৰত্ব প্ৰায় ১০ কিঃমিঃ।

ৰেলসেৱা ঢেকীয়াখোৱা বৰনামঘৰৰ নিকটৱৰ্তী ৰেল ষ্টেছন হৈছে যোৰহাট ৰেল ষ্টেছন। আনটো নিকটৱৰ্তী ষ্টেছন হৈছে মৰিয়নি জংচন। দূৰত্ব প্ৰায় ৩০ কিঃমিঃ।৪

পথসেৱা অসমৰ প্ৰায় সকলো ঠাইৰ লগতে যোৰহাট জিলালৈ অহা-যোৱা কৰাৰ সু-ব্যৱস্থা আছে। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেদি যোৰহাট নগৰৰ পৰা শিৱসাগৰলৈ যোৱাৰ পথত লাহদৈগড় আৰক্ষী চকী পাৰ হৈ ঢেকীয়াখোৱা বৰনামঘৰলৈ যোৱাৰ প্ৰৱেশ দ্বাৰ পোৱা যায়। তাৰ পৰা প্ৰায় ৩.৫ কিঃমিঃ দূৰত ঢেকীয়াখোৱা গাঁৱত নামঘৰটো অৱস্থিত।৪

অভিলেখ

শ্ৰী শ্ৰী ঢেকীয়াখোৱা বৰনামঘৰৰ বাটচৰা
শ্ৰী শ্ৰী ঢেকীয়াখোৱা বৰনামঘৰৰ বাটচৰাছবি: Sarangakrishnachetia · CC BY-SA 4.0

ঢেকীয়াখোৱা বৰ নামঘৰ প্ৰতিষ্ঠা কৰাৰ সময়ত মহাপুৰুষ মাধৱদেৱে এই স্থানতে এগছি বন্তি জ্বলাইছিল। এই বন্তিগছি সুদীৰ্ঘ চাৰে চাৰিশ বছৰ ধৰ্মপ্ৰাণ ৰাইজে এতিয়াও জ্বলাই ৰাখিছে। যোৱা ৪৮৫ বছৰ ধৰি ঢেকীয়াখোৱা বৰ নামঘৰ এইগছি বন্তি জ্বলি আছে।৫ এই বন্তি গছা এছিয়া বুক অফ ৰেকৰ্ডছ আৰু ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ-এ "দীৰ্ঘতম সময়ৰ বাবে প্ৰজ্বলিত বন্তি" বুলি স্বীকৃতি প্ৰদান কৰিছে।২৩

প্ৰসঙ্গ পুথি

  • বিশ্ব ঐতিহ্য, শান্তনু কৌশিক বৰুৱা

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (August 06, 2011). Dhekiakhowa Bornamghar, Assam. MobME Wireless Solutions Private Limited
  2. ↑ (August 19, 2012). Lamp burning for 484 years enters Asia Book of Records. Deccan Chronicle
  3. ↑ (2012). ঢেকীয়াখোৱা বৰ নামঘৰৰ অভিলেখ. www.assaminfo.com
  4. ↑ (2012). অৱস্থান আৰু পৰিবহণ. www.assaminfo.com
  5. ↑ (September 10, 2013). ঢেঁকীয়াখোৱা বৰনামঘৰ. xondhan.com

সম্পৰ্কিত শ্ৰেণী

নামঘৰযোৰহাট জিলাৰ পৰ্যটনস্থলী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঢেকীয়াখোৱা বৰনামঘৰ” প্ৰবন্ধৰ সংশোধন ৫৩৪৪১৫ (২২ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।