চাওফা (𑜋𑜰𑜫;𑜇า.Tsāo phâa; চীনা:召法;ছান:ၸဝ်ႈၾႃႉ,অৰ্থ: স্বৰ্গদেউ, স্বৰ্গৰ ৰজা)১ হ'ল আহোম ৰাজ্য, শান ৰাজ্য, দাঈ ৰাজ্য, থাই ৰাজ্য আৰু খামটিসকলৰ টাইবংশানুক্ৰমিক টাইশাসকসকলক সূচাই ব্যৱহাৰ কৰা ৰাজকীয় উপাধি। কেৱল টাই বংশৰ মানুহেহে এই উপাধি লাভ কৰে। অসমীয়া ভাষাত ইয়াক স্বৰ্গদেউ বুলিও কোৱা হয়। চীনৰ দাঈ আৰু শান সকলে (যাৰ কিছু অংশ বাৰ্মাত পৰে) এই উপাধি ব্যৱহাৰ কৰে।১ অসমৰ আহোম ৰাজ্যৰ সকলো শাসকক চাও-ফা; স্বৰ্গদেউ বুলি কোৱা হয়। থাই ভাষাটো চাওফা (เจ้าฟ้า) শব্দৰ প্ৰয়োগ হয় যি থাই শাসক সূচায়। কিছু টাই বুৰঞ্জীৰ মতে ২য় শতিকা খ্ৰীঃপূৰ্বৰ আগৰ পৰাই টাই শাসক সকলে এই শব্দটো ব্যৱহাৰ কৰি আহিছে।২
লগতে চাওক
তথ্যসূত্ৰ
- ↑ Donald M. Seekins. (2006). Historical Dictionary of Burma (Myanmar). Scarecrow Press
- ↑ Pinkaew Leungaramsri. - Women, Nation, and the Ambivalence of Subversive Identification along the Thai-Burmese Border - Sojourn: Journal of Social Issues in Southeast Asia 21:1. muse.jhu.edu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চাওফা” প্ৰবন্ধৰ সংশোধন ৬০০১৬৯ (৯ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।