ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান (Raimona National Park) হৈছে অসমৰ ষষ্ঠখন ৰাষ্ট্ৰীয় উদ্যান। ২০২১ চনৰ ০৮ জুন তাৰিখে পূৰ্বৰ এই সংৰক্ষিত বনাঞ্চলখনক 'FRW.02/2021/27 dtd. 08th June, 2021' নম্বৰৰ এক ৰাজপত্ৰিত নিৰ্দেশনাৰ যোগেদি ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। এই ৰাষ্ট্ৰীয় উদ্যানখন কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ কচুগাঁও বন সংমণ্ডলৰ অন্তৰ্গত।১ ৰাষ্ট্ৰীয় উদ্যানখন ১১ বিধ বিভিন্ন বনৰ প্ৰকাৰ আৰু ইয়াৰ উপ-প্ৰকাৰেৰে চহকী জৈৱ বৈচিত্ৰ্যৰ বন এলেকা। ৰাইমনা সোণালী বান্দৰৰ বাবে বিখ্যাত।
চাৰিসীমা
কোকৰাঝাৰ জিলাৰ ৪২২ বৰ্গফুট এলেকাৰ ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানখন মানস ৰাষ্ট্ৰীয় উদ্যানৰ সবাতোকৈ পশ্চিম বাফাৰৰে সংযুক্ত হৈ আছে। উদ্যানখনে সাঙুৰি লোৱা এলেকাৰ ভিতৰত ৫০৮.৬২ বৰ্গ কিলোমিটাৰৰ ৰিপু সংৰক্ষিত বনাঞ্চলৰ উত্তৰাংশ অন্তৰ্ভুক্ত হৈছে। যি নেকি ভাৰত-ভূটান সীমাৰ মানস ৰাষ্ট্ৰীয় উদ্যানৰ পশ্চিম সীমাক নিৰ্দেশ কৰে।২
ৰাইমনাৰ পশ্চিম অংশক অসম-বংগ সীমা সহ সোণকোষ নদীয়ে আগুৰি আছে যি নেকি ভাৰত-ভূটান সীমাৰে দক্ষিণলৈ আগবাঢ়ি গৈছে আৰু পূবত ভাৰত-ভূটান সীমাৰ দক্ষিণ অংশ নোপোৱালৈকে সৰলভগা নদীয়ে আগুৰি আছে। ৰিপু বনাঞ্চলৰ পেকুৱা নদীয়ে ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ সীমাৰ পৰিচয় দিয়ে।৩
ৰাইমনাই ভূটানৰ ফিপছ' অভয়াৰণ্য আৰু জিগমে ছিংগে ৱাংচুক ৰাষ্ট্ৰীয় উদ্যানৰ (মুঠ ১,৯৯৯ বৰ্গ কিঃমিঃ) অৰণ্যাঞ্চলৰ সীমান্ত স্পৰ্শ কৰি প্ৰায় ২,৪০০ বৰ্গ কিঃমিঃতকৈও অধিক অঞ্চলজোৰা সংৰক্ষিত প্ৰাকৃতিক শোভাৰ সৃষ্টি কৰিছে। ৰাইমনা ২,৮৩৭ কিঃমিঃ অঞ্চলজোৰা মানস জৈৱ বনাঞ্চল আৰু চিৰাং-ৰিপু হস্তী বনাঞ্চলৰ অবিচ্ছেদ্য অংগ।
জৈৱ-বৈচিত্ৰ্য
ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰধান আকৰ্ষণ হৈছে সোণালী বান্দৰ আৰু এই বান্দৰ বিধক বড়োলেণ্ড অঞ্চলৰ শুভংকৰ বুলি গণ্য কৰা হয়। ইয়াৰোপৰি এই উদ্যানত আছে এচিয়ান হাতী, নাহৰফুটুকী বাঘ, গোধা ফুটুকী বাঘ, মেঠোন, বনৰীয়া ম’হ, ফুটুকী হৰিণ, ধনেশ পক্ষী, ১৫০ বিধতকৈয়ো বেছি প্ৰজাতিৰ পখিলা, ১৭০ প্ৰজাতিৰ চৰাই, ৩৮০ প্ৰজাতিৰ বিভিন্ন উদ্ভিদ আৰু অৰ্কিড।৪
তথ্যসূত্ৰ
- ↑ (5 June 2021). Raimona becomes Assam’s sixth national park. thenewsmill.com. The News Mill
- ↑ (5 June 2021). Assam: Raimona declared National Park on World Environment Day. assamtribune.com. The Assam Tribune
- ↑ (5 June 2021). Raimona becomes Assam’s sixth national park. thehindu.com. The Hindu
- ↑ (5 June 2021). Assam gets its sixth national park, golden langur habitat Raimona. deccanherald.com. Deccan Herald
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান” প্ৰবন্ধৰ সংশোধন ৫০৭১৫৭ (৯ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।