নগাঁও জিলা অসম ৰাজ্যৰ এখন প্ৰশাসনিক জিলা। জিলাখনৰ সদৰ ঠাই নগাঁও। নগাঁও জিলা প্ৰাকৃতিকভাৱে অতি সুন্দৰ এখন জিলা আৰু বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি। নগাঁও জিলা বিভিন্ন ঐতিহাসিক সমলেৰে চহকী।১
পৰ্যটনস্থলসমূহৰ তালিকা
এশিঙীয়া গড়ৰ বাবে পৃথিৱীবিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কিছু অংশই নগাঁও জিলাক স্পৰ্শ কৰি আছে। বহুতো বন্যপ্ৰাণী আৰু পশু-পক্ষীৰ আশ্ৰয়স্থলী কাজিৰঙা অসম তথা ভাৰতৰ এক জনপ্ৰিয় পৰ্যটনস্থলী। উদ্যানখন চাবলৈ অহা দেশী-বিদেশী পৰ্যটকৰ ভিৰ বাৰুকৈয়ে পৰিলক্ষিত হয়।২
ঐতিহ্যমণ্ডিত বৰদোৱা থান বা বটদ্ৰৱা থান নগাঁও চহৰৰপৰা প্ৰায় ওঠৰ(১৮)কিলোমিটাৰ নিলগত অৱস্থিত। অসমীয়া জাতিৰ প্ৰাণ-প্ৰতিষ্ঠাতা আৰু বৈষ্ণৱ ধৰ্মগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি হিচাপে খ্যাত। মহাপুৰুষজনাৰ আদৰ্শ আৰু নীতিত বিশ্বাস ৰখা বহুতো ভক্তৰ এই থানলৈ ভিন্ ভিন্ সময়ত আগমন ঘটে। বটদ্ৰৱা থানৰ আন এক বিশেষত্ব হৈছে যে এইখন মহাপুৰুষজনাই প্ৰতিষ্ঠা কৰা সৰ্বপ্ৰথম থান আৰু ইয়াত তেওঁ আৰম্ভ কৰা একশৰণ নাম ধৰ্মৰ প্ৰচাৰ কৰা হৈছিল৩৪৫
নগাঁও চহৰৰ পৰা প্ৰায় ষোল্ল(১৬) কিলোমিটাৰ পূবত অৱস্থিত চামগুৰি বিল বা পখীতীৰ্থ। বিভিন্ন সময়ত ইয়ালৈ পৰিভ্ৰমী পখীৰ আগমন ঘটে বাবে এই বিলখনক পখীতীৰ্থ বুলি কোৱা হয়।৬
চাপানালা নামে ঠাইত থকা চম্পাৱতী কুণ্ড বা চম্পাৱতী জলপ্ৰপাত নগাঁও জিলাৰ এক আকৰ্ষণীয় পৰ্যটনস্থলী। জলপ্ৰপাতটোলৈ যাবলৈ নগাঁও চহৰৰপৰা প্ৰায় একঘণ্টা সময় লাগে। ওচৰে-পাজৰে থকা চাহ-বাগানৰ সৌন্দৰ্য আৰু বিভিন্ন পখীৰ আগমনে জলপ্ৰপাতটোৰ প্ৰতি মানুহৰ আকৰ্ষণ বঢ়াই আহিছে।৭
- বাদুলি খুৰুং
বাদুলি খুৰুং এখন ঐতিহাসিক গুহা। এই গুহাটোত বিভিন্ন প্ৰজাতিৰ হাজাৰ হাজাৰ বাদুলিয়ে বাস কৰে। দুঃসাহসিক পৰ্যটন ভাল পোৱা যিকোনো ব্যক্তিৰ বাবে ঠাইখন ভ্ৰমণৰ বাবে এক আকৰ্ষণীয় স্থান। কোৱা হয় যে ইয়াত পবিত্ৰ মনেৰে মাটিৰ দীপ জ্বলালে ভক্তসকলৰ প্ৰাৰ্থনা পূৰ্ণ হয়। গুহাটোত থকা বাদুলিবোৰৰ ওপৰত ইয়াৰ বিভিন্ন স্থানীয় জনশ্ৰুতি আছে। বিখ্যাত বাদুলী মেলা প্ৰতি বছৰে মহা শিৱৰাত্ৰিৰ দুদিন পিছত অনুষ্ঠিত হয় আৰু মেলাৰ সময়ত দৰ্শনাৰ্থীৰ বাবে গুহাৰ প্ৰৱেশদ্বাৰ মুকলি কৰা হয়। গুহাটো নগাঁও চহৰৰ পৰা ননৈ হৈ প্ৰায় ২১ কিলোমিটাৰ দূৰত্বত অৱস্থিত।
ঐতিহ্যমণ্ডিত ভঁৰালী নামঘৰ, নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ পূব প্ৰান্তৰ প্ৰাচীন ঐতিহ্যৰে ভৰপূৰ ইতিহাসৰ এক উল্লেখযোগ্য স্থান। ভঁৰালী নামঘৰটি আগতে ভঁৰালী গাঁৱৰ পূব-দক্ষিণৰ বামগাঁৱত (দৌল পূখূৰী) আছিল। নামঘৰত ভাগৱত প্ৰতিষ্ঠা কৰিছিল বাপূৰামদেউৱে। এটা সময়ত ব্ৰহ্মপূত্ৰৰ বাঢ়নী পানীযে চটাই আলিৰ কাষৰ ঠাইবোৰ বূৰাই পেলোৱাত ওখ ঠাইত গাঁও পাতিছিল। মান সেনাই বামগাঁৱৰ নামঘৰ পূৰি পেলোৱাত তেওঁলোকে ভঁৰালী ৰাজবিষয়াৰ ওচৰত গাঁও পাতি নামঘৰ প্ৰতিষ্ঠা কৰিলে। ভঁৰালী ৰাজবিষয়াৰ নাম অনূসৰি নামঘৰটিৰ নাম হ’ল ভঁৰালী নামঘৰ।
প্ৰতিবছৰে ভঁৰালী নামঘৰত মকৰ সংক্ৰান্তি বা মাঘী পূৰ্ণিমা তিথি দূদিনীয়া কাৰ্যসূচীৰে উদ্যাপন কৰি আহিছে। আকৌ ব’হাগৰ বা জেঠৰ পূৰ্ণিমাটো গাঁৱৰ ৰাইজে ভাওনা অনূস্থিত কৰে।
- জোঙাল বলহু গড়
জোঙাল বলহু আছিল তিৱা ৰজা [[আৰিমত্ত| আৰিমত্তৰ]] পুত্ৰ। তেওঁ আছিল এজন সাহসী যোদ্ধা আৰু জোঙাল বলহুৰ নামত বহুতো কিংবদন্তি প্ৰচলিত আছে। জোঙাল বলহুয়ে শত্ৰুৰ সৈতে যুঁজিবলৈ এৰাতিৰ ভিতৰতে ওখ মথাউৰি নিৰ্মাণ কৰি নিজৰ অস্থায়ী ৰাজধানী স্থাপন কৰিছিল। এই ঠাইখনেই জোঙাল বলহু গড় নামেৰে জনাজাত। একাধিক পুখুৰী থকা ঠাইখন বৰ্তমান মীন পালনৰ কাৰণে ব্যৱহাৰ কৰা হয়।
শেহতীয়াকৈ জোঙাল বলহু গড়ত মহান তিৱা ৰজা জোঙাল বলহুৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে। এই প্ৰতিমূৰ্তিটো এতিয়া পৰ্যটকৰ বাবে আন এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু। জোঙাল বলহু গড় নগাঁও চহৰৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ পশ্চিমে অৱস্থিত।
কেৱল ৰাজ্যতে নহয় দেশৰ অন্যান্য প্ৰান্ততো অসমীয়া গহনা ব্যৱসায়ৰ বাবে বিখ্যাত ৰণথলী গাঁও। এই গাঁওখন দেৱধৰ পঞ্চায়তৰ অন্তৰ্গত পাখিমৰীয়া উন্নয়ন খণ্ডৰ ওচৰৰ নগাঁও চহৰৰ পৰা প্ৰায় ৮ কিলোমিটাৰ দূৰত্বত অৱস্থিত। মুঠ পৰিয়ালৰ প্ৰায় ৯০ শতাংশই অসমীয়া গহনা ব্যৱসায়ত নিয়োজিত। ইয়াত বিভিন্ন ধৰণৰ ৰঙীন অসমীয়া গহনা তৈয়াৰ কৰা হয়।
- হাতীমুৰা
ব্ৰহ্মপুত্ৰৰ নদীৰ পাৰত পাহাৰেৰে ভৰা প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰা এখন অতি সুন্দৰ ঠাই হৈছে হাতীমুৰা। নগাঁও চহৰৰ পৰা জখলাবন্ধা হৈ প্ৰায় ৬০ কিলোমিটাৰ দূৰত্বত এই ঠাইখন অৱস্থিত। ১৭৪৫ খ্ৰীষ্টাব্দত আহোম ৰজা প্ৰমত্ত সিংহৰ ৰাজত্বকালত নিৰ্মিত "শক্তিপিঠ" (দেৱী মহিষমৰ্দিনী) মন্দিৰৰ বাবে ই বিখ্যাত। এই মন্দিৰৰ পৰা আহোম ৰাজ্য আৰু ইয়াৰ উত্তৰাধিকাৰৰ এক বিৰল আভাস পোৱা যায়।
মহা মৃত্যুঞ্জয় মন্দিৰ, অসমৰ নগাঁও জিলাৰ পুৰণিগুদামত অৱস্থিত ভগৱান শিৱৰ প্ৰতি উৎসৰ্গিত হিন্দু মন্দিৰ। ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত এই মন্দিৰৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈছিল। স্থাপত্যশৈলীৰ ফালৰ পৰা মন্দিৰটো এটা বিশাল শিৱ লিংগৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে। ১২৬ ফুট ওখ শিৱ লিংগ আকাৰত নিৰ্মিত এই মন্দিৰ পৃথিৱীৰ সৰ্ববৃহ শিৱ লিংগ।
মন্দিৰ নিৰ্মাণৰ কাম ২০০৩ চনত আচাৰ্য ভৃগু গিৰি মহাৰাজে আৰম্ভ কৰিছিল। এই ঠাইত তেওঁ ধ্যান কৰিবলৈ ব্যৱহাৰ কৰিছিল আৰু তেওঁৰ মতে দৈত্য গুৰু শুক্ৰাচাৰ্যয়ে প্ৰাচীন কালত পৌৰাণিক বিশ্বাস অনুসৰি ইয়াত মহা মৃত্যুঞ্জয় মন্ত্ৰৰ ধৰ্মীয় ৰীতি-নীতি পালন কৰিছিল। এই চিন্তাৰ আধাৰত আচাৰ্য ভৃগু গিৰি মহাৰাজে মন্দিৰ নিৰ্মাণৰ বাবে এই ঠাইখন বাছনি কৰিছিল।
- কন্দলি
এটা প্ৰবাদ মতে এসময়ত এই কন্দলিতে এখন নাৰী ৰাজ্য আছিল। ইয়াত গুপ্তচৰৰ পৰা আদি কৰি সৈন্যবাহিনীলৈকে সকলোতে নাৰীয়েই বিষয়বাব লৈ আছিল। পুৰুষৰ প্ৰৱেশ আছিল নিষিদ্ধ।
লাওখোৱা অভয়াৰণ্য হৈছে অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণপাৰে নগাওঁ জিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য। ই এশিঙীয়া গঁড় তথা বনৰীয়া ম'হৰ বাবে এক উত্তম বাসস্থান বুলি পৰিগণিত হৈছে। ই লাওখোৱা-বুঢ়াচাপৰি পৰিস্থিতি তন্ত্ৰৰ অন্তৰ্গত। এই বনাঞ্চলক ১৯৭২ চনত বন্যপ্ৰাণী অভয়াৰণ্যৰ স্বীকৃতি প্ৰদান কৰা হৈছিল। লাওখোৱা অভয়াৰণ্যৰ মাটিকালি প্ৰায় ৭০.১৩ বৰ্গকিলোমিটাৰ।৮
তথ্যসূত্ৰ
- ↑ tourist places in Nagaon
- ↑ আৰ্কাইভ কপি
- ↑ আৰ্কাইভ কপি
- ↑ history/ ইতিহাস. বটদ্ৰৱা থান ডট কম
- ↑ ভৱ হাজৰিকা. শ্ৰী শ্ৰী বটদ্ৰৱা থান, ইয়াৰ অতীত অৰু বৰ্তমান. আমি অসমীয়া
- ↑ আৰ্কাইভ কপি
- ↑ আৰ্কাইভ কপি
- ↑ পৰ্যটকৰ বাবে মুকলি হ’ল লাওখোৱা অভয়াৰণ্য. অসমীয়া প্ৰতিদিন
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নগাঁও জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকা” প্ৰবন্ধৰ সংশোধন ৫৩৩৫৯৫ (১৯ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।