অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

মানৱ যৌনতা

মানৱ যৌনতা (ইংৰাজী: Human sexuality) হ’ল মানুহৰ কামউত্তেজনাৰ অভিজ্ঞতা আৰু প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ ক্ষমতা। এজন ব্যক্তিৰ যৌন আকৰ্ষণে তেওঁৰ যৌন আগ্ৰহ আৰু আন মানুহৰ প্ৰতি আকৰ্ষণত প্ৰভাৱ পেলাব পাৰে।

হালনাগাদ: ২৬ জুলাই ২০২৫ ১,১৩৩ শব্দ · ৬ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

মানৱ যৌনতা (ইংৰাজী ভাষা: Human sexuality) হ’ল মানুহৰ কামউত্তেজনাৰ অভিজ্ঞতা আৰু প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ ক্ষমতা। এজন ব্যক্তিৰ যৌন আকৰ্ষণে তেওঁৰ যৌন আগ্ৰহ আৰু আন মানুহৰ প্ৰতি আকৰ্ষণত প্ৰভাৱ পেলাব পাৰে।১ যৌনতাক বিভিন্ন ধৰণে প্ৰকাশ বা উপভোগ কৰিব পাৰি; যাৰ ভিতৰত চিন্তা, কল্পনা, কামনা, বিশ্বাস, দৃষ্টিভংগী, মূল্যবোধ, আচৰণ, পৰম্পৰা আৰু সম্পৰ্ক অন্তৰ্ভুক্ত।২ এই কাৰকসমূহে ইহঁতৰ জৈৱিক, আৱেগিক, সামাজিক বা আধ্যাত্মিক বৈশিষ্ট্যসমূহ প্ৰতিফলিত কৰে। যৌনতাৰ জৈৱিক আৰু দৈহিক বৈশিষ্ট্য ব্যাপকভাৱে মানৱ প্ৰজনন প্ৰক্ৰিয়াৰ সৈতে সম্পৰ্কিত, যাৰ অন্তৰ্গত হ'ল মানৱ যৌনতাৰ প্ৰতিক্ৰিয়া চক্ৰ আৰু মৌলিক জৈৱিক চাহিদা, যি সকলো প্ৰজাতিৰ মাজতেই বিদ্যমান থাকে। যৌনতাৰ দৈহিক আৰু আৱেগিক বৈশিষ্ট্যেৰ মূল বিষয়বস্তু হ'ল বিভিন্ন ব্যক্তিৰ মাজত বন্ধন যি গভীৰ অনুভূতি অথবা প্ৰেম, বিশ্বাস আৰু পৰিচৰ্যাৰ দৈহিক বহিৰ্প্ৰকাশৰ মাধ্যমেৰে প্ৰদৰ্শিত হয়। সামাজিক বৈশিষ্ট্যসমূহ ব্যক্তিৰ যৌনতাৰ প্ৰতি মানৱ সমাজৰ প্ৰতিক্ৰিয়াৰ লগত সম্পৰ্কিত, আনহাতে আধ্যাত্মিকতাই কোনো ব্যক্তিৰ সৈতে অন্যান্য মানুহৰ আধ্যাত্মিক সংযোগকলৈ আলোচনা কৰে। ইয়াৰ উপৰিও যৌনতা জীৱনৰ সাংস্কৃতিক, ৰাজনৈতিক, আইনগত, দাৰ্শনিক, নৈতিক, নীতিশিক্ষামূলক আৰু ধৰ্মীয় বৈশিষ্ট্যৰ দ্বাৰা প্ৰভাৱিত হয় আৰু এইবিলাকক প্ৰভাৱিত কৰে।৩

সাধাৰণতে কোনো ব্যক্তি যৌৱনকালত উপনীত হ’লে, যৌন কাৰ্য্যৰ প্ৰতি তাৰ আগ্ৰহ বৃদ্ধি পায়। কোনো ব্যক্তিৰ যৌন অভিমুখীতা আৰু যৌন আচৰণৰ ভিত্তি কি তাক লৈ মতানৈক্য আছে। কোনো কোনোৱে দাবী কৰে যে যৌনতা জিনৰ দ্বাৰা নিৰ্ধাৰিত হয়, আকৌ কোনোৱে বিশ্বাস কৰে যে ই পৰিৱেশৰ দ্বাৰা নিৰ্ধাৰিত হয়, আৰু কোনোৱে কয় যে পূৰ্বতে উল্লেখ কৰা দুয়োটা কাৰকে ব্যক্তিৰ যৌন অভিমুখ গঠনত পাৰস্পৰিকভাৱে অৱদান যোগায়।৪ উক্ত প্ৰসঙ্গ এইদৰে প্ৰকৃতি বনাম লালন-পালন বিতৰ্কলৈ ঘূৰি যায়। প্ৰথম দৃষ্টিভংগী অনুসৰি বহুতে দাবী কৰে যে মানুহে তাৰ বৈশিষ্ট্য জন্মগতভাৱে ধাৰণা কৰে যি সিহঁতৰ চাহিদা আৰু প্ৰবৃত্তিৰ পৰা বুজিব পাৰি, দ্বিতীয় দৃষ্টিভংগী অনুসৰি, বহুতে দাবী কৰে যে কোনো ব্যক্তিৰ বৈশিষ্ট্য তাৰ বৃদ্ধি আৰু প্ৰতিপালন অনুসৰি গোটেই জীৱন সলনি হৈ থাকে, যি সামাজিক মূল্যবোধ আৰু গঠনমূলক পৰিচয়ৰ মাধ্যমত বুজিব পৰা যায়।

জিনীয় পাৰ্থক্যৰ কাৰণে ব্যক্তিভেদে বৈশিষ্ট্যৰ পাৰ্থক্য হয় নে নহয় সেয়া জেনেটিক গৱেষণাৰ দ্বাৰা বুজিবলৈ চেষ্টা কৰা হয়। মানৱ যৌনতাত মানুহৰ ক্ৰম’জমৰ ওপৰত গৱেষণা কৰি পোৱা গৈছে যে, "মুঠ মানৱ জনসংখ্যাৰ ১০ শতাংশৰ ক্ৰম'জমৰ এনেকুৱা পাৰ্থক্য আছে যি xx-মহিলা বা xy-পুৰুষ শ্ৰেণীৰ সৈতে সম্পূৰ্ণৰূপে নিমিলে।"

"মানৱ সংগী নিৰ্বাচন, প্ৰজনন আৰু প্ৰজনন কৌশল, আৰু সামাজিক শিক্ষণতত্ত্বৰ ওপৰত বিৱৰ্তনশীল দৃষ্টিভংগীয়ে যৌনতাৰ বিভিন্ন ব্যাখ্যা আগবঢ়ায়। যৌনতাৰ সামাজিক-সাংস্কৃতিক বৈশিষ্ট্যসমূহ ঐতিহাসিক পৰিৱৰ্তন আৰু ধৰ্মীয় বিশ্বাসৰ দ্বাৰা পৰিচালিত হয়। উদাহৰণস্বৰূপে, বিবাহৰ জৰিয়তে যৌন আনন্দৰ বিষয়ে ইহুদীসকলৰ দৃষ্টিভংগী আৰু যৌন সুখ পৰিত্যাগ সম্পৰ্কে আন ধৰ্মৰ কিছুমান দৃষ্টিভংগী উল্লেখযোগ্য। যৌনতা গৱেষণাৰ ক্ষেত্ৰত বিভিন্ন সামাজিক গোটৰ মানৱীয় পৰিচয়, যৌন সংক্ৰামক ৰোগ আৰু জন্ম নিয়ন্ত্ৰণ আদি প্ৰক্ৰিয়াও অন্তৰ্ভুক্ত কৰা হয়।

যৌন অভিমুখিতা

মূল প্ৰবন্ধ: যৌন অভিমুখিতা

যৌন অভিমুখিতা হ'ল এগৰাকী ব্যক্তিয়ে অনুভৱ কৰা যৌন, প্ৰেমসম্বন্ধীয় আৰু মানসিক আকৰ্ষণ।

যৌন অভিমুখিতাৰ ভাগ সমূহ

যৌন অভিমুখীতা মূলতঃ পাঁচটা ভাগত বিভক্ত। সেয়া হল:- সমকামিতা, বিপৰীতকামিতা, অকামিতা, সৰ্বকামিতা আৰু উভকামিতা।

সমকামিতা (Homosexuality)

মূল প্ৰবন্ধ: সমকামিতা

সমকামিতা মানে হ'ল একে লিংগৰ প্ৰতি প্ৰেম, যৌন আৰু অন্য আবেগজনিত আকৰ্ষণ অনুভৱ কৰা। সমকামিতাক আকৌ দুভাগত ভাগ কৰিব পাৰি। 'লেছবিয়ান (lesbian)'মূল প্ৰবন্ধ: লেছবিয়ান

লেছবিয়ান হ’ল সমকামিতাৰ এটা ভাগ য'ত একে লিংগৰ নাৰীয়ে অইন নাৰীৰ প্ৰতি প্ৰেম, আৱেগ, শাৰীৰিক আৰু যৌন আকৰ্ষণ অনুভৱ কৰে। 'গে'(Gay)'মূল প্ৰবন্ধ: গে'

গে' হ’ল সমকামিতাৰ এটা ভাগ য'ত একে লিংগৰ পুৰুষে অইন পুৰুষৰ প্ৰতি প্ৰেম, আৱেগ, শাৰীৰিক আৰু যৌন আকৰ্ষণ অনুভৱ কৰে।

বিপৰীতকামিতা

মূল প্ৰবন্ধ: বিপৰীতকামিতা

বিপৰীতকামিতা মানে হ'ল বিপৰীত লিংগৰ প্ৰতি প্ৰেম, যৌন আৰু আবেগিক আকৰ্ষণ অনুভৱ কৰা। সমাজত এই প্ৰকাৰৰ যৌন অভিমুখিতা অধিক সংখ্যাত থকাৰ বাবে সাধাৰণতে সামাজিক, ধাৰ্মিক ভাবে অধিক স্বীকৃত।৫

সৰ্বকামিতা

মূল প্ৰবন্ধ: সৰ্বকামিতা

সৰ্বকামিতাত কোনো ব্যক্তিয়ে সকলোৰে প্ৰতি যৌন আকৰ্ষণ অনুভৱ কৰে। ই যিকোনো লিংগ বা ধৰণৰ হব পাৰে। এজন সৰ্বকামি ব্যক্তিয়ে পুৰুষ, নাৰী, ট্ৰান্স সকলোৰে প্ৰতি আকৰ্ষণ থাকে।

অকামিতা

মূল প্ৰবন্ধ: অকামিতা

কোনো ব্যক্তিয়ে যিকোনো লিংগৰ ব্যক্তিৰ প্ৰতি যদি আংশিক বা সম্পূৰ্ণ ভাবে যৌন আকৰ্ষণ অনুভৱ নকৰে তাক অকামিতা বোলে।

উভকামিতা

মূল প্ৰবন্ধ: উভকামিতা

উভকামিতা হ’ল দুবিধ লিংগৰ প্ৰতি প্ৰেম, আৱেগ, শাৰীৰিক আৰু যৌন আকৰ্ষণ অনুভৱ কৰা পুৰুষ বা মহিলা।

যৌন অভিমুখিতা সম্পৰ্কে লিখা প্ৰবন্ধসমূহ

সমকামিতা সম্পৰ্কে লিখা প্ৰবন্ধসমূহ

এলজিবিটি

এলজিবিটিয়ে সংখ্যালঘু ৰোমাণ্টিক অভিমুখিতা,যৌন অভিমুখিতা (লেছবিয়ান, গে',বাইচেক্সুৱেল) আৰু পৃথক লিংগ পৰিচয় (ট্ৰান্সজেণ্ডাৰ)ক প্ৰতিনিধিত্ব কৰে।

এলজিবিটি সম্পৰ্কে লিখা প্ৰবন্ধসমূহ

এলজিবিটি সম্প্ৰদায়ৰ ব্যক্তি

পুৰুষ যৌনাংগ আৰু পুৰুষত্ব

মূল প্ৰবন্ধ: মানৱ উপস্থমূল প্ৰবন্ধ: লিংগ (জৈৱিক)মূল প্ৰবন্ধ: পুৰুষ প্ৰজনন তন্ত্ৰ

পুৰুষত্ব

মূল প্ৰবন্ধ: পুৰুষত্ব'পুৰুষত্ব' হৈছে ল'ৰা বা পুৰুষৰ ক্ষেত্ৰত প্ৰকাশ হোৱা বৈশিষ্ট্য, চৰিত্ৰ আৰু প্ৰৱণতাৰ এক সংহতি। পুৰুষত্ব সামাজিকভাৱে প্ৰকাশিত, কিন্তু সামাজিক আৰু জৈৱিক প্ৰভাৱৰ দ্বাৰা গঠিত হয়,৬৭৮ যদিও ই জীৱবিজ্ঞানৰ পুৰুষ লিংগতকৈ পৃথক।৯১০

স্ত্ৰী যৌনাংগ আৰু নাৰীত্ব

মূল প্ৰবন্ধ: যোনি

নাৰীত্ব

নাৰীত্ব হৈছে ছোৱালী বা নাৰীৰ ক্ষেত্ৰত প্ৰকাশ হোৱা বৈশিষ্ট্য, চৰিত্ৰ আৰু প্ৰৱণতাৰ এক সংহতি।

ঋতুস্ৰাৱ

মূল প্ৰবন্ধ: ঋতুস্ৰাৱ

ঋতুস্ৰাৱ হৈছে উচ্চতৰ প্ৰাইমেট বৰ্গৰ স্তন্যপায়ী প্ৰাণীৰ প্ৰজননৰ সৈতে জড়িত এক শৰীৰবৃত্তীয় প্ৰক্ৰিয়া।১১ প্ৰতি মাহে ই হয় বাবে ইয়াক অসমীয়াত সচৰাচৰ মাহেকীয়া বুলিও অভিহিত কৰা হয়।

কুমাৰীত্ব

মূল প্ৰবন্ধ: কুমাৰীত্ব

কুমাৰীত্ব হৈছে কেতিয়াও যৌন সম্পৰ্ক স্থাপন নকৰা ব্যক্তিৰ দৈহিক আৰু মানসিক অৱস্থা।১২১৩

গৰ্ভধাৰণ

মূল প্ৰবন্ধ: গৰ্ভধাৰণ

গৰ্ভধাৰণ হৈছে কোনো মহিলাৰ দেহত এটা বা একাধিক অপত্য বিকশিত হোৱা সময়খিনি।১৪

মানৱ গৰ্ভধাৰণ সম্পৰ্কে লিখা প্ৰবন্ধসমূহ

মহিলাৰ বিৰুদ্ধে হিংসা

মহিলাৰ বিৰুদ্ধে হিংসা একপ্ৰকাৰৰ লিংগ-আধাৰিত হিংসা১৫ আৰু যৌন আধাৰিত হিংসা বুলিও কোৱা হয়।১৬ ই হৈছে মুখ্যতঃ একমাত্ৰ মহিলা বা ছোৱালীৰ বিৰুদ্ধে সংঘটিত হিংসাত্মক কাৰ্য। এনে ধৰণৰ হিংসাক প্ৰায়ে ঘৃণামূলক অপৰাধৰ এক প্ৰকাৰ বুলি গণ্য কৰা হয়।১৭

নাৰীৰ বিৰুদ্ধে হিংসা সম্পৰ্কীয় প্ৰৱন্ধসমূহ

ধৰ্ষণ

ধৰ্ষণ বা বলাত্‍কাৰ হৈছে এক ধৰণৰ যৌন আক্ৰমণ। সাধাৰণতে, এজন ব্যক্তিৰ অনুমতি ব্যতিত তাৰ লগত যৌনসঙ্গম বা অইন কোনো ধৰণৰ যৌন অনুপ্ৰৱেশ ঘটনাক ধৰ্ষণ বুলি কোৱা হয়। ধৰ্ষণ শাৰীৰিক বলপ্ৰয়োগ, অন্যায় ভাবে চাপ প্ৰদানৰ দ্বাৰা অপব্যৱহাৰৰ মাধ্যমত সংঘটিত হ'ব পাৰে।

ভাৰতত ধৰ্ষণ

মূল প্ৰবন্ধ: ভাৰতত ধৰ্ষণ

মানৱ যৌনতা সম্পৰ্কীয় প্ৰবন্ধসমূহ

পৰ্ণগ্ৰাফি

মূল প্ৰবন্ধ: পৰ্ণগ্ৰাফি

পৰ্ণগ্ৰাফি বা পৰ্ণ হ'ল যৌন আবেগ সৃষ্টিৰ উদ্দেশ্যে যৌনসংক্ৰান্ত বিষয়বস্তুৰ প্ৰতিকৃতি অঙ্কন বা পুঙ্খানুপুঙ্খ বৰ্ণনা।১৮ পৰ্ণগ্ৰাফি শব্দটি গ্ৰীক শব্দ "পৰনোগ্ৰাফিয়া"ৰ পৰা আহিছে। পৰ্ণগ্ৰাফি বিভিন্ন মাধ্যমৰ দ্বাৰা উপস্থাপন কৰা হয়, এই সমূহৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে আলোচনী, এনিমেছন, চুটিগল্প, চলচ্চিত্ৰ, ভিডিঅ', ছবি, শব্দ ৰেকৰ্ডিং, ভিডিঅ' গেম ইত্যাদি।

পৰ্ণগ্ৰাফি সম্পৰ্কে লিখা প্ৰবন্ধসমূহ

তথ্যসূত্ৰ

  1. ↑ (2010). Sex and Society, Volume 2. Marshall Cavendish. পৃ. 384. ISBN 978-0-7614-7907-9
  2. ↑ Sexual and reproductive health: Defining sexual health. WHO.int. World Health Organization
  3. ↑ Things We Get Wrong About Human Sexuality (TED Talk). EmpireHive
  4. ↑ Sexual orientation, homosexuality and bisexuality. American Psychological Association
  5. ↑ Religion in Sociological Perspective (in English) . Pine Forge Press. ISBN 1412982987
  6. ↑ Marianne van den Wijngaard. (June 3, 2011). Reinventing the sexes: the biomedical construction of femininity and masculinity. Race, gender, and science. Indiana University Press. পৃ. 171 pages. ISBN 0-253-21087-9
  7. ↑ Hale Martin, Stephen Edward Finn. (June 3, 2011). Masculinity and Femininity in the MMPI-2 and MMPI-A. U of Minnesota Press. পৃ. 310 pages. ISBN 0-8166-2445-3
  8. ↑ Richard Dunphy. (June 3, 2011). Sexual politics: an introduction. Edinburgh University Press. পৃ. 240 pages. ISBN 0-7486-1247-5
  9. ↑ Ferrante, Joan. Sociology: A Global Perspective. Thomson Wadsworth. পৃ. 269–272. ISBN 0-8400-3204-8
  10. ↑ Gender, Women and Health: What do we mean by "sex" and "gender"?', The World Health Organization
  11. ↑ Schuiling; Likis, Frances E. (2013). Women's Gynecologic Health. Jones & Bartlett Publishers. ISBN 9780763756376
  12. ↑ Virginity
  13. ↑ Virginity. TheFreeDictionary.com
  14. ↑ (December 19, 2013). Pregnancy: Condition Information. http://www.nichd.nih.gov/
  15. ↑ Russo, Nancy Felipe; Pirlott, Angela. (November 2006). Gender-based violence: concepts, methods, and findings. Annals of the New York Academy of Sciences. Taylor and Francis and Oxfam. পৃ. 178–205
  16. ↑ Sexual and Gender-based Violence (WHO)
  17. ↑ Citations: * Angelari, Marguerite. (1997). Pornography, sex work, and hate speech. Taylor and Francis. পৃ. 405–448. ISBN 9780815325208 * Gerstenfeld, Phyllis B. (2013). Hate crimes: causes, controls, and controversies. Sage. পৃ. 58. ISBN 9781452256627 * McPhail, Beverly. (2003). Hate and bias crime: a reader. Routledge. পৃ. 271. ISBN 9780415944076
  18. ↑ What Distinguishes Erotica from Pornography? – Leon F Seltzer, Psychology Today, 6 April 2011

সম্পৰ্কিত শ্ৰেণী

মানৱ যৌনতামানৱ বিজ্ঞানশৰীৰতত্ত্ব

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মানৱ যৌনতা” প্ৰবন্ধৰ সংশোধন ৫২৭৮৭৫ (২৬ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।