অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

জন্ম নিয়ন্ত্ৰণ

জন্ম নিয়ন্ত্ৰণ বা গৰ্ভনিৰোধক বা উৰ্বৰতা নিয়ন্ত্ৰণ (Birth control) হৈছে গৰ্ভধাৰণ প্ৰতিৰোধ কৰা পদ্ধতি বা সঁজুলি। প্ৰাচীন কালৰ পৰা জন্ম নিয়ন্ত্ৰণ প্ৰচলিত হৈ আহিছে, কিন্তু জন্ম নিয়ন্ত্ৰণৰ কাৰ্যকৰী আৰু সুৰক্ষিত পদ্ধতি কেৱল বিংশ শতিকাত হে উপলব্ধ হৈছিল।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ৩১৬ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

জন্ম নিয়ন্ত্ৰণ বা গৰ্ভনিৰোধক বা উৰ্বৰতা নিয়ন্ত্ৰণ (Birth control) হৈছে গৰ্ভধাৰণ প্ৰতিৰোধ কৰা পদ্ধতি বা সঁজুলি।১ প্ৰাচীন কালৰ পৰা জন্ম নিয়ন্ত্ৰণ প্ৰচলিত হৈ আহিছে, কিন্তু জন্ম নিয়ন্ত্ৰণৰ কাৰ্যকৰী আৰু সুৰক্ষিত পদ্ধতি কেৱল বিংশ শতিকাত হে উপলব্ধ হৈছিল।২ সঠিক পৰিকল্পনাৰে উপলব্ধ জন্ম নিয়ন্ত্ৰণ কৰাক পৰিয়াল পৰিকল্পনা বুলি কোৱা হয়।৩৪ কিছুমান সমাজত জন্ম নিয়ন্ত্ৰণৰ অনুশীলন সীমিত বা অনুমোদিত নহয় কিয়নো তেওঁলোকে ইয়াক নৈতিক, ধৰ্মীয় বা ৰাজনৈতিকভাৱে অবাঞ্ছিত বুলি বিবেচনা কৰে।২ বিশ্ব স্বাস্থ্য সংস্থা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰই নিৰ্দিষ্ট চিকিৎসা স্থিতি থকা মহিলাসকলৰ মাজত জন্ম নিয়ন্ত্ৰণ পদ্ধতিৰ সুৰক্ষাৰ ওপৰত নিৰ্দেশনা প্ৰদান কৰে।৫৬ জন্ম নিয়ন্ত্ৰণৰ আটাইতকৈ কাৰ্যকৰী পদ্ধতিবোৰ হৈছে পুৰুষৰ ভেচেকটমীৰ জৰিয়তে বন্ধ্যাকৰণ আৰু মহিলাৰ টিউবেল লিগেচন (tubal ligation), অন্তঃজৰায়ু সঁজুলি (Intrautarine device, আই.ইউ.ডি.), আৰু ৰোপণযোগ্য জন্ম নিয়ন্ত্ৰণ। ইয়াৰ উপৰিও কেইবাটাও হৰমন-আধাৰিত পদ্ধতি আছে যাৰ ভিতৰত আছে খোৱা বড়ি, পেত্চ, যোনিৰ আঙঠি, আৰু বেজী।৭ কম কাৰ্যকৰী পদ্ধতিৰ ভিতৰত আছে কণ্ডম, জন্ম নিয়ন্ত্ৰণ বড়ি, গৰ্ভনিৰোধক স্পঞ্জ আৰু প্ৰজনন সজাগতা পদ্ধতি। আটাইতকৈ কম কাৰ্যকৰী পদ্ধতি হৈছে পুৰুষৰ বীৰ্যস্খলনৰ আগতে অপসাৰন কৰা।৭ বন্ধ্যাকৰণ যদিও অত্যন্ত কাৰ্যকৰী, সাধাৰণতে ই অপৰিৱৰ্তনীয়। অৰ্থাৎ পূৰ্ববৰ্তী অৱস্থালৈ পুনৰ পৰিবৰ্তন কৰিব নোৱাৰি; আন সকলো পদ্ধতি বন্ধ কৰাৰ লগে লগে পূৰ্ববৰ্তী অৱস্থালৈ পুনৰ ঘূৰি আহে।৭

সুৰক্ষিত যৌন অভ্যাস, যেনে কণ্ডম ব্যৱহাৰে, যৌন সংক্ৰমণ প্ৰতিৰোধ কৰাত সহায় কৰিব পাৰে।৮ জন্ম নিয়ন্ত্ৰণৰ অন্যান্য পদ্ধতিবোৰে যৌন সংক্ৰামক ৰোগৰ পৰা সুৰক্ষা নিদিয়ে।৯ কিছুমান জৰুৰীকালীন জন্ম নিয়ন্ত্ৰণ পদ্ধতি আছে যি গৰ্ভধাৰণ প্ৰতিহত কৰিব পাৰে যদিহে অসুৰক্ষিত যৌন সম্ভোগৰ ৭২ ৰ পৰা ১২০ ঘণ্টাৰ ভিতৰত ব্যৱহাৰ কৰা হয়।১০১১কিছুমানে যুক্তি দিয়ে যে যৌন সম্ভোগ নকৰাটোও জন্ম নিয়ন্ত্ৰণৰ এক প্ৰকাৰ, কিন্তু যৌন শিক্ষাৰ আৰু জন্ম নিয়ন্ত্ৰণৰ শিক্ষা প্ৰদান নকৰি কেৱল যৌন সম্ভোগ নকৰিবলৈ শিক্ষা দিয়াটো লাভজনক নহয়। যৌন শিক্ষাৰ অবিহনে কিশোৰী বয়সত গৰ্ভধাৰণ(কৈশোৰ গৰ্ভাৱস্থা)ৰ ঘটনা বৃদ্ধি হ'ব পাৰে বুলি গৱেষণাত পোৱা গৈছে।১২১৩

পদ্ধতি

+ব্যৱহাৰৰ প্ৰথম বছৰত গৰ্ভধাৰণৰ সম্ভাৱনা১৪১৫পদ্ধতিআদৰ্শ ব্যৱহাৰযথাৰ্থ ব্যৱহাৰ
কোনো জন্ম নিয়ন্ত্ৰণ নাই৮৫%৮৫%
সমাবেশ বড়ি৯%০.৩%
কেৱল প্ৰজেষ্টিন পিল১৩%১.১%
বন্ধ্যাকৰণ (মহিলা)০.৫%০.৫%
বন্ধ্যাকৰণ (পুৰুষ)০.১৫%০.১%
কণ্ডম (মহিলা)২১%৫%
কণ্ডম (পুৰুষ)১৮%২%
কপাৰ আইইউডি০.৮%০.৬%
হৰমোন আইইউডি০.২%০.২%
পেত্চ৯%০.৩%
যোনিৰ আঙুঠি৯%০.৩%
ডিপো প্ৰোভেৰা৬%০.২%
ইমপ্লাণ্ট০.০৫%০.০৫%
ডায়েফ্ৰাম আৰু স্পাৰ্মিচাইড১২%৬%
প্ৰজনন সজাগতা২৪%০.৪–৫%
প্ৰতিসাৰণ২২%৪%
স্তন্যদান বাধা পদ্ধতি (৬ মাহৰ বিফলতাৰ হাৰ)০–৭.৫%১৬<২%১৭

হৰমন সম্পৰ্কীয় গৰ্ভনিৰোধক

হৰ্মোণৰ দ্বাৰা ডিম্বস্ফোটন আৰু গৰ্ভধাৰণ দমন কৰিব পাৰি। এইবোৰ বিভিন্ন প্ৰকাৰৰ পোৱা যায়, যাৰ ভিতৰত আছে খোৱা ঔষধ, ছালৰ তলত স্থাপন কৰা ইম্প্লাণ্ট, বেজী, পেত্চ, আই.ইউ.ডি. আৰু যোনিৰ আঙুঠি। এইবোৰ বৰ্তমান কেৱল মহিলাসকলে ব্যৱহাৰ কৰিবলৈ উপলব্ধ।১৮

প্ৰতিবন্ধক

প্ৰতিবন্ধকতা বা বাধা সৃষ্টি কৰা গৰ্ভনিৰোধক পদ্ধতিয়ে শাৰীৰিকভাৱে শুক্ৰাণুক জৰায়ুত প্ৰৱেশ প্ৰতিৰোধ কৰি গৰ্ভধাৰণ বাধাৰ সৃষ্টি কৰে।১৯ ইয়াৰ ভিতৰত আছে পুৰুষকণ্ডম, মহিলাৰ কণ্ডম, ছাৰ্ভিকেল টুপী, ডায়েফ্ৰাম, স্পাৰ্মিচাইড আৰু গৰ্ভনিৰোধক স্পঞ্জ ইত্যাদি।১৯ বিশ্বব্যাপী, কণ্ডম হৈছে জন্ম নিয়ন্ত্ৰণৰ সবাতোকৈ প্ৰচলিত পদ্ধতি।২০পুৰুষৰ কণ্ডম এজন পুৰুষে যৌন সম্ভোগৰ সময়ত ব্যৱহাৰ কৰিলে সঙ্গীৰ শৰীৰত শুক্ৰাণু প্ৰবেশত বাধাৰ সৃষ্টি হয়। মহিলাৰ কণ্ডমও বজাৰত উপলব্ধ, প্ৰায়ে নাইট্ৰিল, লেটেক্স বা পলিইউৰেথেনেৰে তৈয়াৰ কৰা হয়।২১ তথাপিও পুৰুষৰ কণ্ডম সস্তা, ব্যৱহাৰ কৰিবলৈ সহজ, আৰু ইয়াৰ নেতিবাচক প্ৰভাৱ কম।২২

তথ্যসূত্ৰ

  1. ↑ Definition of Birth control. MedicineNet
  2. ↑ (2010). The Johns Hopkins manual of gynecology and obstetrics. Wolters Kluwer Health/Lippincott Williams & Wilkins. পৃ. 382–395. ISBN 978-1-60547-433-5
  3. ↑ (2012). Oxford English Dictionary. Oxford University Press
  4. ↑ World Health Organization (WHO). Family planning. Health topics. World Health Organization (WHO)
  5. ↑ (2015). Medical eligibility criteria for contraceptive use.. ISBN 978-92-4-154915-8
  6. ↑ (July 2016). U.S. Medical Eligibility Criteria for Contraceptive Use, 2016. MMWR. Recommendations and Reports. পৃ. 1–103
  7. ↑ World Health Organization Department of Reproductive Health and Research. (2011). Family planning: A global handbook for providers: Evidence-based guidance developed through worldwide collaboration. WHO and Center for Communication Programs. ISBN 978-0-9788563-7-3
  8. ↑ (December 2011). We have the evidence to enhance adolescent sexual and reproductive health--do we have the will?. Adolescent Medicine. পৃ. 521–43, xii
  9. ↑ (March 2012). The effectiveness of group-based comprehensive risk-reduction and abstinence education interventions to prevent or reduce the risk of adolescent pregnancy, human immunodeficiency virus, and sexually transmitted infections: two systematic reviews for the Guide to Community Preventive Services. American Journal of Preventive Medicine. পৃ. 272–94
  10. ↑ (October 2012). Nowadays which emergency contraception? Comparison between past and present: latest news in terms of clinical efficacy, side effects and contraindications. Gynecological Endocrinology. পৃ. 758–63
  11. ↑ (2004). Selected practice recommendations for contraceptive use. World Health Organization. পৃ. 13. ISBN 978-92-4-156284-3
  12. ↑ (June 2002). Interventions to reduce unintended pregnancies among adolescents: systematic review of randomised controlled trials. BMJ. পৃ. 1426
  13. ↑ (December 2008). Government support for abstinence-only-until-marriage education. Clinical Pharmacology and Therapeutics. পৃ. 746–8
  14. ↑ (May 2011). Contraceptive failure in the United States. Contraception. পৃ. 397–404 (2011). Contraceptive technology. Ardent Media. পৃ. 779–863. ISBN 978-1-59708-004-0
  15. ↑ Division Of Reproductive Health, National Center for Chronic Disease Prevention Health Promotion. (June 2013). U.S. Selected Practice Recommendations for Contraceptive Use, 2013: adapted from the World Health Organization selected practice recommendations for contraceptive use, 2nd edition. MMWR. Recommendations and Reports. পৃ. 1–60
  16. ↑ (October 2015). Lactational amenorrhoea method for family planning. The Cochrane Database of Systematic Reviews. পৃ. CD001329
  17. ↑ (December 2005). An approach to the postpartum office visit. American Family Physician. পৃ. 2491–6
  18. ↑ (December 6, 2013). The male pill? Bring it on. The Guardian
  19. ↑ (2008). Adolescent health care: a practical guide. Lippincott Williams & Wilkins. পৃ. 624. ISBN 978-0-7817-9256-1
  20. ↑ Chaudhuri. (2007). Practice Of Fertility Control: A Comprehensive Manual. Elsevier India. পৃ. 88. ISBN 978-81-312-1150-2
  21. ↑ (2010). Facts for life. United Nations Children's Fund. পৃ. 141. ISBN 978-92-806-4466-1
  22. ↑ (2005). Nonprescription product therapeutics. Lippincott Williams & Wilkins. পৃ. 414. ISBN 978-0-7817-3498-1

সম্পৰ্কিত শ্ৰেণী

মানৱ গৰ্ভধাৰণ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জন্ম নিয়ন্ত্ৰণ” প্ৰবন্ধৰ সংশোধন ৬২৪১৬৬ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।