অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

কৈশোৰ গৰ্ভাৱস্থা

কৈশোৰ গৰ্ভাৱস্থা বা কিশোৰী বয়সত গৰ্ভধাৰণ (Teenage pregnancy) হৈছে ২০ বছৰৰ তলৰ মহিলাৰ হোৱা গৰ্ভধাৰণ। এগৰাকী কিশোৰীৰ ঋতুমতি হোৱাৰ পিছত যৌন সম্ভোগৰ দ্বাৰা গৰ্ভধাৰণ হয়, কিন্তু ডিম্বস্ফোটন আৰম্ভ হোৱাৰ পিছত এক কিশোৰীৰ প্ৰথম ঋতুস্ৰাৱৰ অলপদিন আগতেও গৰ্ভধাৰণ হ'ব পাৰে।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ৩৪১ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

কৈশোৰ গৰ্ভাৱস্থা বা কিশোৰী বয়সত গৰ্ভধাৰণ (Teenage pregnancy) হৈছে ২০ বছৰৰ তলৰ মহিলাৰ হোৱা গৰ্ভধাৰণ।১ এগৰাকী কিশোৰীৰ ঋতুমতি হোৱাৰ পিছত যৌন সম্ভোগৰ দ্বাৰা গৰ্ভধাৰণ হয়, কিন্তু ডিম্বস্ফোটন আৰম্ভ হোৱাৰ পিছত এক কিশোৰীৰ প্ৰথম ঋতুস্ৰাৱৰ অলপদিন আগতেও গৰ্ভধাৰণ হ'ব পাৰে।২ সু-পুষ্টিপ্ৰাপ্ত ছোৱালীৰ ক্ষেত্ৰত, প্ৰথম ঋতুস্ৰাৱ সাধাৰণতে ১২ বা ১৩ বছৰ বয়সৰ আশে পাশে হয়।৩ গৰ্ভৱতী কিশোৰীসকলে আন মহিলাৰ দৰে একে গৰ্ভধাৰণ সম্পৰ্কীয় সমস্যাৰ সন্মুখীন হয় যদিও ১৫ বছৰৰ তলৰ কিশোৰীসকলৰ বাবে কিছুমান অতিৰিক্ত উদ্বেগ বা চিন্তা থাকে। ইয়াৰ কাৰণ হʼল যে এই বয়সত কেঁচুৱাটো গৰ্ভত ধাৰণ কৰি ৰাখিবলৈ আৰু স্বাস্থ্যৱান শিশু জন্ম দিবলৈ কিশোৰীসকলৰ শাৰীৰিক বিকাশ পৰ্যাপ্ত নহয়।৪ অৱশে ১৫-১৯ বছৰ বয়সৰ কিশোৰীৰ ক্ষেত্ৰত, বয়সৰ জৈৱিক প্ৰভাৱতকৈ আৰ্থসামাজিক কাৰকৰ সৈতে বিপদাশংকা অধিকভাবে জড়িত।৫ কৈশোৰ গৰ্ভাধাৰণৰ ক্ষেত্ৰত বিপদাশংকাবোৰ হৈছে শিশুৰ জন্মৰ সময়ত কম ওজন, অকাল প্ৰসৱ, ৰক্তহীনতা,(প্ৰি একলেম্পজিয়া়),ইত্যাদি। ৬৭

প্ৰচলন

প্ৰতি বছৰে, বিকাশশীল অঞ্চলবোৰত ১৫-১৯ বছৰ বয়সৰ আনুমানিক 21 নিযুত ছোৱালী গৰ্ভৱতী হয় আৰু তেওঁলোকৰ প্ৰায় ১২ নিযুতে সন্তান জন্ম দিয়ে। তাৰ মাজত কমেও ৭৭৭,000 জন্ম হয় 15 বছৰতকৈ কম বয়সৰ ছোৱালীৰ গৰ্ভধাৰণৰ ফলত।৮ জৰীপৰ পৰা দেখা গৈছে যে ভাৰতৰ ত্ৰিপুৰা (২১.৯ শতাংশ); পশ্চিম বংগ (১৬.৪ শতাংশ); অন্ধ্ৰ প্ৰদেশ (১২.৬ শতাংশ); অসম (১১.৭ শতাংশ); আৰু বিহাৰত (11 শতাংশ) কিশোৰী গৰ্ভধাৰণৰ হাৰ অধিক।৯

বিশ্বব্যাপী, কিছুমান চাব-চাহাৰা আফ্ৰিকাৰ দেশত কিশোৰী গৰ্ভধাৰণৰ হাৰ প্ৰতি ১,000 ত ১৪৩ আৰু দক্ষিণ কোৰিয়াত প্ৰতি ১,000 ত ২.৯।১০১১ আমেৰিকা যুক্তৰাষ্ট্ৰত, ১৫ ৰ পৰা ১৯ বছৰৰ ভিতৰত ৮২% গৰ্ভধাৰণ অপৰিকল্পিত।১২ উন্নত দেশবোৰৰ ভিতৰত, আমেৰিকা যুক্তৰাজ্য, ইউকে আৰু নিউজিলেণ্ডত কিশোৰী গৰ্ভধাৰণৰ সৰ্বোচ্চ স্তৰ আছে, আনহাতে জাপান আৰু দক্ষিণ কোৰিয়াৰ 2001 চনত সৰ্বনিম্ন।১৩

বিপদাশংকা আৰু প্ৰতিৰোধ

স্বাস্থ্য সম্পৰ্কীয় পৰিণাম

কিশোৰী বয়সতৰ গৰ্ভধাৰণ হৈছে মাতৃৰ মৃত্যুৰ এক মুখ্য কাৰণ আৰু এক দীৰ্ঘম্যাদী স্বাস্থ্য সমস্যা।১৪ ইয়াৰ প্ৰভাৱ গুৰুত্বপূৰ্ণ:

  • মাতৃৰ ওপৰত প্ৰভাৱ ১৫
    • বিশ্বব্যাপী মাতৃমৃত্যুৰ 99% কিশোৰী গৰ্ভধাৰণৰ ফলাফল হোৱা দেখা যায়।
    • 3.9 নিযুত কিশোৰীৰ অসুৰক্ষিত গৰ্ভপাত হয়।
    • তেওঁলোকে একলেম্পচিয়া, পুয়েৰপেৰাল এণ্ডোমেট্ৰাইটিছ আৰু প্ৰণালীগত সংক্ৰমণৰ উচ্চ বিপদাশংকাত ভোগে।
  • নৱজাতকৰ ওপৰত প্ৰভাৱ ১৫
    • জন্মৰ ওজন কম হোৱাৰ উচ্চ বিপদাশংকা আৰু ইয়াৰ সম্পৰ্কত হোৱা জটিলতা।
    • প্ৰসৱ আৰু গুৰুতৰ নৱজাতকৰ স্থিতি, জন্মগত অস্বাভাৱিকতা।

আৰ্থসামাজিক পৰিণাম

ইয়াত অন্তৰ্ভুক্ত থাকে পৰিয়াল আৰু সমাজৰ পৰা কলঙ্ক,পৰিয়ালৰ সদস্য, বন্ধু আৰু চুবুৰীয়াৰ পৰা প্ৰত্যাখ্যান আৰু ঘৰুৱা অশান্তি। এইটোও পোৱা গৈছে, তেওঁলোকে নিম্ন মানদণ্ডৰ জীৱন যাপন কৰিব লাগিব পাৰে, হতাশাত আৰু নিম্ন আত্মসন্মানতো ভুগিব পাৰে।১৫

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (2004). Adolescent Pregnancy. World Health Organization. পৃ. 5. ISBN 978-9241591454
  2. ↑ Can a Girl Get Pregnant if She Has Never Had Her Period?
  3. ↑ Medscape: Medscape Access
  4. ↑ Mayor S. (2004). Pregnancy and childbirth are leading causes of death in teenage girls in developing countries. BMJ. পৃ. 1152
  5. ↑ Makinson C. (1985). The health consequences of teenage fertility. Family Planning Perspectives. পৃ. 132–139
  6. ↑ (2004). Poor obstetric performance of teenagers: Is it age- or quality of care-related?. Journal of Obstetrics & Gynaecology. পৃ. 395–398
  7. ↑ Abalkhail BA. (1995). Adolescent pregnancy: Are there biological barriers for pregnancy outcomes?. The Journal of the Egyptian Public Health Association. পৃ. 609–625
  8. ↑ Saha, T. (2021). TEENAGE PREGNANCY—HOW MUCH THE WOMEN ARE AWARE OF IT?. European Journal of Molecular & Clinical Medicine, 7(11), 4851-4859
  9. ↑ www.downtoearth.org.in/blog/health/adolescent-fe
  10. ↑ UNICEF. (2001).A League Table of Teenage Births in Rich Nations (888 KB). Retrieved July 7, 2006
  11. ↑ Treffers PE. (2003). Teenage pregnancy, a worldwide problem. Nederlands Tijdschrift voor Geneeskunde. পৃ. 2320–2325
  12. ↑ (2013). Current Issues in Contraception. Mayo Clinic Proceedings. পৃ. 295–299
  13. ↑ A League Table of Teenage Births in Rich Nations. unicef-irc.org
  14. ↑ Patra, S. (2016). Motherhood in childhood: addressing reproductive health hazards among adolescent married women in India. Reproductive health, 13(1), 1-9
  15. ↑ Saha, T. (2021). TEENAGE PREGNANCY—HOW MUCH THE WOMEN ARE AWARE OF IT?. European Journal of Molecular & Clinical Medicine, 7(11), 4851-4859

সম্পৰ্কিত শ্ৰেণী

মানৱ গৰ্ভধাৰণ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৈশোৰ গৰ্ভাৱস্থা” প্ৰবন্ধৰ সংশোধন ৬২৪৯৮৩ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।