হৰনাম কৌৰ (জন্ম: ২৯ নৱেম্বৰ ১৯৯০১)হৈছে এগৰাকী চছিয়েল মিডিয়া তাৰকা, পাৰ্টম প্ৰশিক্ষক, জীৱনবোধ সম্বন্ধীয় প্ৰশিক্ষক আৰু প্ৰেৰণা মূলক কথাৰ বক্তা। তেওঁ বৰ্তমান ভাৰতত বাস কৰে।
জীৱনৰ আদিছোৱা
১৯৯০ চনৰ ২৯ নৱেম্বৰত ইংলেণ্ডৰ শ্লাওত এটি পাৰম্পৰিক পঞ্জাবী পৰিয়ালত১ কৌৰৰ জন্ম হৈছিল।২ ১২ বছৰ বয়সত, কৌৰৰ দেহত পলিচিষ্টিক অ'ভেৰী চিণ্ড্ৰম (পিচিঅ'এছ) ধৰা পৰিছিল,৩ যি মহিলাৰ দেহত উন্নত এণ্ড্ৰোজেন (পুৰুষ হৰমোন)ৰ উপস্থিতিৰ বাবে হয়।৪৫ পিচিঅ'এছ-ৰ এটা লক্ষণ হৈছে হিৰচ্যুটিজম, বা অত্যধিক পৰিমাণে মুখমণ্ডল আৰু শাৰীৰিক চুলি বৃদ্ধিৰ ক্ষমতা। ইয়াৰ ফলত তেওঁৰ মুখমণ্ডলত ঘনকৈ দাঢ়ি গজিবলৈ আৰম্ভ হয়। আনহাতে এই কথাত আনৰ দ্বাৰা নিৰন্তৰ উৎপীড়নৰ বলি হোৱা কৌৰে আৰম্ভণিতে তেওঁৰ মুখৰ দাঢ়িবোৰ আঁতৰাবলৈ চেষ্টা কৰিছিল, কিন্তু পিছত তেওঁ তেওঁৰ এই প্ৰকৃতি প্ৰদত্ত বিশেষ বৈশিষ্ট্যক সহজ ভাৱে গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে। ৰক এন ৰোল ব'ৰৰ সৈতে হোৱা এক সাক্ষাৎকাৰত, কৌৰে তেওঁৰ দাঢ়ি ৰাখিবলৈ লোৱা সিদ্ধান্তক প্ৰতিফলিত কৰি কয়: "মই মোৰ দাঢ়ি ৰাখিবলৈ সিদ্ধান্ত লওঁ আৰু এগৰাকী মহিলা দেখাত কেনে হোৱা প্ৰয়োজন এই সম্পৰ্কে থকা সামাজিক দৃষ্টিভঙ্গীক প্ৰত্যাহ্বান জনাবলৈ সাজু হওঁ। আজি মই আত্ম-ক্ষতিৰ পক্ষত নাই, আৰু এগৰাকী দাঢ়ি থকা মহিলা হিচাপে জীৱন অতিবাহিত কৰি সুখী অনুভৱ কৰিছো। মই উপলব্ধি কৰিছোঁ যে, এই শৰীৰটো কেৱল মোৰ, মই ইয়াক আহৰণ কৰিছোঁ, মই জীৱন অতিবাহিত কৰিবলৈ আন এটা শৰীৰ পোৱাতো কেতিয়াও সম্ভৱ নহয়, গতিকে মই চৰ্তহীন ভাৱে এই শৰীৰটোক ভাল পাম।" ৬
পেচা
২০১৪ চনত ৰাজহুৱা সাক্ষাৎকাৰৰ জড়িয়তে চছিয়েল মিডিয়াৰ মাধ্যমেৰে জনপ্ৰিয় হৈ পৰাৰ আগতে কৌৰে খালচা প্ৰাথমিক বিদ্যালয়ত শিক্ষাদানৰ সহায়ক হিচাপে কাম কৰিছিল। জনপ্ৰিয়তা লাভ কৰাৰ পিছত, কৌৰ এগৰাকী ৰাজহুৱা ব্যক্তিত্ব, স্বাধীন মডেল তথা জীৱন বোধ সম্পৰ্কীয় বক্তা হিচাপে পৰিচিত হৈ পৰে। ২০১৬ চনৰ জুলাইত, সংগীত শিল্পী আইচা মিৰ্জাৰ "ফাক মি অৰ ডি-ষ্ট্ৰই মি" শীৰ্ষক গীতটোৰ সংগীত ভিডিঅ'ত কৌৰক চিত্ৰিত কৰা হয়।৭ ইয়াৰোপৰি কৌৰে বিভিন্ন বিজ্ঞাপন যেনেঃ ডাঢ়িত লগোৱা তেল ইত্যাদি সামগ্ৰীৰ বিজ্ঞাপন মডেল হিচাপেও কাম কৰিছে।৮
২০১৬ চনৰ ছেপ্টেম্বৰত, সম্পূৰ্ণ দাঢ়ি থকা বিশ্বৰ কনিষ্ঠতম মহিলা হিচাপে কৌৰক গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছত অন্তৰ্ভুক্ত কৰা হৈছিল। তেওঁৰ ৰেকৰ্ড উদ্ধৃতিত আছিল: "এতিয়াৰ স্থানত ছয় ইঞ্চি লৈকে দীঘল দাঢ়িৰ সৈতে, তেওঁ তেওঁৰ দেহক সাধাৰণ ভাৱে গ্ৰহণ কৰি ২৪ বছৰ ২৮২ দিন বয়সত এই ৰেকৰ্ড প্ৰাপ্ত কৰিছে।" ২
তথ্যসূত্ৰ
- ↑ Kaur, Harnaam. Harnaam Kaur: "How I learned to love my facial hair and use my experience as a force for good in the world". Glamourmagazine.co.uk
- ↑ Youngest female with a full beard. Guinness World Records
- ↑ Windsor, Hillary. (12 April 2017). Model Harnaam Kaur Says Her Beard is a Blessing. Vice
- ↑ (31 January 2017). Polycystic Ovary Syndrome (PCOS): Condition Information. National Institute of Child Health and Human Development
- ↑ (23 December 2020). Polycystic ovary syndrome (PCOS) fact sheet. Women's Health
- ↑ Flower Beard Bridals with Harnaam Kaur. Rock N Roll Bride
- ↑ Mizra, Aisha. Fuck Me or Destroy Me. Vime.com
- ↑ The Bearded Dame Hair Elixir. Capt Fawcett Limited
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হৰনাম কৌৰ” প্ৰবন্ধৰ সংশোধন ৫৮৭৮৯১ (১৩ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।